ETV Bharat / state

ধিঙত তীব্ৰতৰ হৈছে আমিনুল-মেহবুবৰ নিৰ্বাচনী আক্ৰোশ

author img

By

Published : Mar 16, 2021, 6:26 PM IST

the-conflict-between-aminul-islam-and-mehbob-muktar-increase-at-dhing
ধিঙত তীব্ৰতৰ হৈছে আমিনুল-মেহবুবৰ নিৰ্বাচনী আক্ৰোশ

ধিং সমষ্টিৰ পৰা পুনৰ এআইইউডিএফ-ৰ প্ৰাৰ্থিত্ব লাভ কৰা আমিনুল ইছলাম আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ মাজত আৰম্ভ হৈছে ৰাজনৈতিক সংঘাত ৷ আক্ৰমণ-প্ৰতি আক্ৰমণত ব্যস্ত হৈ পৰিছে দুয়োগৰাকী নেতা ৷ ৰাইজৰ কাষ চপাৰ চেষ্টা অব্যাহত ৰাখিছে দুয়োগৰাকী নেতাই ৷

ধিং,16 মাৰ্চ: বিধানসভা নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা তথা আক্ৰোশ ৷ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ বিৰুদ্ধে বিভিন্ন অভিযোগেৰে ভোটাৰ ৰাইজৰ কাষ চপাৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ৷ ইয়াৰ মাজতে ধিং সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা 2021 ৰ বিধানসভা নিৰ্বাচনত সমষ্টিটোৰ পৰা পুনৰ এআইইউডিএফ-ৰ প্ৰাৰ্থিত্ব লাভ কৰা আমিনুল ইছলাম আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ মাজত আৰম্ভ হৈছে ৰাজনৈতিক সংঘাত ৷ বাক্যবাণেৰে আক্ৰমণ-প্ৰতি আক্ৰমণত ব্যস্ত হৈ পৰিছে দুয়োগৰাকী নেতা ৷ বিধায়ক আমিনুল ইছলামে ৰাইজৰ দললৈ ঢাপলি মেলা তথা তেওঁৰ বিৰুদ্ধে ক্ষোভিত এআইইউডিএফ কৰ্মীসকলক গুণ্ডাবাহিনী সজোৱাৰ বিপৰীতে "এইবাৰৰ নিৰ্বাচনত ৰাইজে আমিনুলৰ টেঙা আম নাখায়" বুলি মন্তব্য কৰিছে ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰে ৷ মঙলবাৰে আমিনুলক টাৰ্গেট কৰি তীব্ৰ কটাক্ষ কৰে ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰে ৷

উল্লেখ্য যে, ধিং সমষ্টিৰ বিভিন্ন প্ৰান্তত শ শ এআইইউডিএফ দলৰ কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰা ঘটনাই ইতিমধ্যেই অসমৰ ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰিছে ৷ আনহাতে, মৈৰাবাৰীতো কেইদিনমান পূৰ্বে এআইইউডিএফ এৰি ৰাইজৰ দলত যোগদান কৰা শতাধিক এআইইউডিএফ কৰ্মীয়েও আমিনুলৰ পৰা পৰিত্ৰাণ বিচাৰি আল্লাহৰ ওচৰত দোৱা-প্ৰাৰ্থনা কৰিছে ৷ এনে ঘটনাৰ পাছতে ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীৰ জনমতলৈ ভয় কৰি ডুমডুমীয়াৰ সভাত আমিনুল ইছলামে মুছলমান প্ৰীতি বক্তব্যৰে সাধাৰণ ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা চলায় ৷

ধিঙত তীব্ৰতৰ হৈছে আমিনুল-মেহবুবৰ নিৰ্বাচনী আক্ৰোশ

আমিনুলৰ এনে কৰ্ম-কাণ্ডৰ পাছতে ধিং সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰে মুকলি প্ৰত্যাহ্বান জনাইছে বৰ্তমানৰ বিধায়ক গৰাকীক ৷ আমিনুলে 10 বছৰৰ কামৰ খতিয়ান দিয়ক বুলি দাবী কৰি ভাতৃক নিৰ্মাণ সমিতিৰ সম্পাদকৰ দায়িত্ব দি বিধায়ক পুঁজিৰ প্ৰতিটো কামৰ আৱণ্টিত ধনৰ 50 শতাংশ লুণ্ঠন কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মেহবুব মুক্তাৰে ৷ লগতে ছাত্ৰ বৃত্তিৰ এখন ফৰ্মৰ বাবত দুহেজাৰ টকাকৈ লৈ আমিনুলে লুণ্ঠন চলাইছে বুলিও অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ নেতা গৰাকীয়ে ৷

আনহাতে, ধিং সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সঞ্জীৱ বৰা থকাৰ পাছতো তেওঁক টাৰ্গেট নকৰি ৰাইজৰ দলৰ প্ৰাৰ্থীক টাৰ্গেট কৰি লোৱাটোৱে আমিনুলে কাৰ হৈ কাম কৰি আছে সেইয়া প্ৰমাণ কৰিছে বুলি মন্তব্য কৰি আমিনুল ইছলামে বিজেপিৰ হৈ কাম কৰাৰ অভিযোগ মুক্তাৰৰ ৷ লগতে সাহস থাকিলে আমিনুলে বিগত দহ বছৰৰ কামৰ খতিয়ান দিয়ক আৰু জিকি যাওক বুলি একপ্ৰকাৰৰ মুকলি প্ৰত্যাহ্বান জনাইছে মুক্তাৰে ৷

আগন্তুক নিৰ্বাচনত ৰাইজে আমিনুল ইছলামৰ টেঙা আম নাখায় বুলি উল্লেখ কৰি এইবাৰ আমিনুল সমষ্টিৰ ৰাইজৰ ক্ষোভৰ চুনামীত উটি যাব বুলি মন্তব্য কৰিছে ধিং সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰে ৷ আনহাতে ধিং সমষ্টিত আমিনুলক মেহবুব মুক্তাৰৰ সমৰ্থকে খেদা নাই, এআইইউডিএফ-ৰ খহনীয়াগ্ৰস্ত কৰ্মীয়ে খেদিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে মেহবুব মুক্তাৰে ৷

লগতে পঢ়কঃ আজমলক ভাগ্য নিয়ন্তা হ’বলৈ নিদিওঁ: সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.