ETV Bharat / state

Srimanta Sankaradeva Sangha: মৰিগাঁৱত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দুদিনীয়া বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী

author img

By

Published : Jul 9, 2023, 9:46 AM IST

Training Programme of Srimanta Sankaradeva Sangha
দুদিনীয়া বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী

মৰিগাঁৱত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বক্তা, বিবাহ পৰিচালনা, ব্যাখ্যাকাৰৰ দুদিনীয়া বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৷ 12 খনকৈ জিলাৰ কেইবাশতাধিক নিৰ্বাচিত প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিবাহ পৰিচালনা, ব্যাখ্যাকাৰৰ দুদিনীয়া বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী

মৰিগাঁও, 9 জুলাই: শনিবাৰৰ পৰা ৰাজ্যিক ভিত্তিত মৰিগাঁৱত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বক্তা, বিবাহ পৰিচালনা, ব্যাখ্যাকাৰৰ দুদিনীয়া বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৷ এই বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীত ৰাজ্যৰ 12 খনকৈ জিলাৰ কেইবাশতাধিক নিৰ্বাচিত প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

উত্তৰ-পূৱৰ বৃহৎ ধর্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত আৰু মৰিগাঁও জিলা শাখাৰ আতিথ্যত শনিবাৰৰ পৰা দুদিনীয়াকৈ মৰিগাঁও নগৰস্থিত মৰিগাঁও জিলা শাখাৰ নামঘৰ প্ৰাংগণত আৰম্ভ হৈছে বক্তা, বিবাহ পৰিচালক, বাখ্যাকাৰৰ মাণ্ডলীক প্ৰশিক্ষণ কর্মশালা ৷ এই কর্মশালাত ৰাজ্যৰ 12 খন জিলা ক্ৰমে দক্ষিণ পশ্চিম কামৰূপ , কামপুৰ, কলিয়াবৰ, কাৰ্বি-আংলং, মৰিগাঁও, নগাঁও, গোলাঘাট, হোজাই, গুৱাহাটী, হামৰেন, পলাশবাৰী আৰু বঙাইগাঁৱৰ দুই শতাধিক নিৰ্বাচিত প্ৰতিনিধিয়ে যোগদান কৰে ৷ কর্মশালা খনিৰ প্ৰস্তুতি আৰু আয়োজনৰ সকলো দায়িত্ব বহন কৰিছে সংঘৰ প্ৰচাৰ শাখাই ৷

শনিবাৰে দুপৰীয়া কর্মশালাখনৰ উদ্বোধনী অনুষ্ঠান হয় অনুষ্ঠিত ৷ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে প্ৰচাৰ শাখাৰ সভাপতি টংকেশ্বৰ বুঢ়াগোঁহায়ে ৷ কর্মশালা খনিত উদ্বোধনী ভাষণ প্ৰদান কৰি সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই কয় যে, নতুন প্ৰজন্মই বর্তমান আধুনিকতাক আদৰি লৈছে ৷ বিবাহকে ধৰি অন্যান্য সামাজিক কর্মত বিজ্ঞানসন্মত আৰু যুক্তিনিষ্ঠভাৱে সংঘ পৰিচালিত হ'ব লাগিব ৷

মুখ্য অতিথিৰ ভাষণত সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাই কয় যে, শ্ৰীমন্ত শংকৰ দেবৰ ভাবাদর্শৰে অনুপ্ৰাণিত হৈ সংঘই নতুন বিবাহ পদ্ধতিৰ সূচনা কৰিছে ৷ প্ৰথম অৱস্থাত প্ৰত্যাহবানৰ সমুখীন হোৱাৰ কথাও তেওঁ উল্লেখ কৰে ৷ উদ্বোধনী অনুষ্ঠানত সংঘৰ জিলা শাখাৰ সভাপতি মিতুল দেউৰী, সম্পাদক দিগন্ত মহন্ত, আদৰণি সমিতিৰ সভাপতি জয়ৰাম দেউৰী, সম্পাদক দিব্যজ্যোতি হাজৰিকা, জিলা শাখাৰ প্ৰাক্তন সভাপতি প্ৰদীপ বৰা, সংঘৰ বাৰ্তালোচনী মনিকাঞ্চনৰ সম্পাদক মনোজ দেউৰজাকে প্ৰমুখ্য কৰি ভালে সংখ্যক সংঘৰ কেন্দ্ৰীয় সমিতিৰ আগশাৰীৰ বিষয়-ববীয়া সকল উপস্থিত থাকে ৷ কৰ্মশালাৰ চাৰিগৰাকী সমল ব্যক্তি ক্ৰমে ড৹ হেমন্ত দাস, বদন বৰা, ড৹ মানস প্ৰতীম বৰা, কামিনীকান্ত দত্ত উপস্থিত থাকি প্ৰশিক্ষণ আগবঢ়াই ৷

লগতে পঢ়ক: NEP 2023 : নতুন শিক্ষা নীতিক আদৰণি জনাইছে সমালোচক ময়ূৰ বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.