ETV Bharat / state

Cattle seized: মৰিগাঁৱত চোৰাং গৰু জব্দ

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 1:57 PM IST

Smuggled cattle seized in Morigaon
মৰিগাঁৱত চোৰাং গৰু জব্দ

মৰিগাঁৱত চোৰাং গৰুৰ বিৰুদ্ধে চলিল আৰক্ষী-সাংবাদিকৰ অভিযান । অভিযানত জব্দ ২১ টাকৈ চোৰাং গৰুসহ গৰুভৰ্তি ট্ৰাক । ঘটনা সন্দৰ্ভচ আটক ট্ৰাক চালকক ।

মৰিগাঁৱত চোৰাং গৰু জব্দ

মৰিগাঁও,১৬ ছেপ্টেম্বৰ: ৰাজ্যজুৰি অব্যাহত আছে চোৰাং গৰুৰ বিৰুদ্ধে অভিযান । বিভিন্ন সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে জব্দ কৰিছে বুজন পৰিমাণৰ চোৰাং গৰু আৰু আটক কৰিছে বহু চোৰাং গৰু সৰবৰাহকাৰীক । কিন্তু, ৰাজ্য চৰকাৰৰ গো-সুৰক্ষা আইনক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি একাংশ গো সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে গৰুৰ চোৰাং বেহা ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰাল কৈ মৰিগাঁও জিলাতো দিনক দিনে বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা । টোপনি হৰিছে গো-পালক, চহা -কৃষকৰ । ইয়াৰ মাজতে শুকুৰবাৰে মৰিগাঁও চহৰৰ মাজমজিয়াত জব্দ কৰা হয় এখন গৰুভৰ্তি ট্ৰাক ।

নিশাৰ ভাগত মৰিগাঁও চহৰত আৰক্ষী আৰু সাংবাদিকে চলোৱা অভিযানত জব্দ কৰা হয় ২১টাকৈ চোৰাং গৰু । ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে ট্ৰাকখনৰ চালকক সোধপোচৰ বাবে আটক কৰে ।

জব্দকৃত ট্ৰাকখনৰ নম্বৰ AS-21-C-9975 । নগাঁৱৰ চামগুৰিৰ পৰা গুৱাহাটীৰ ছয় মাইল অভিমুখে গৈ থকা অৱস্থাত মৰিগাঁও আৰক্ষীয়ে জব্দ কৰে ট্ৰাকসহ প্ৰায় ২১ টাকৈ চোৰাং গো-ধন । বৰ্তমান গৰু সৰবৰাহৰ লগত জড়িত ট্ৰাক চালক ফাৰুক আহমেদক সোধপোচৰ বাবে আটক কৰাৰ লগতে ট্ৰাকসহ চোৰাং গৰু কেইটা ইতিমধ্যে মৰিগাঁও সদৰ থানাত ৰখা হৈছে বুলি জানিবপৰা গৈছে ।

সন্দেহ কৰা হৈছে যে নথি-পত্ৰৰ অবিবহনে নগাঁৱৰ পৰা এনেদৰে ৰাজ্য বিভিন্ন প্ৰান্তৰৰ অব্যাহত আছে গৰুৰ চোৰাং বেহা । উল্লেখ্য যে আৰক্ষী-সংবাদ মাধ্যমৰ অভিযানৰ খবৰ লাভ কৰি আন এখন গৰু ভৰ্তি মিনি ট্ৰাক পলায়ন কৰিবলৈ সক্ষম হয় । বৰ্তমানলৈ চোৰাং গৰুৰ বেপাৰৰ সৈতে জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।

লগতে পঢ়ক: Tirubhav Tithi of Srimanta Sankardev 2023: হৰি নামৰ ধ্বনিৰে মুখৰিত ঢেকীয়াখোৱা বৰনামঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.