ETV Bharat / state

Mission Indradhanush in Assam: মৰিগাঁৱত ১১ ছেপ্টেম্বৰৰ পৰা মিছন ইন্দ্ৰধনুষৰ দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 12:20 PM IST

১১ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ মৰিগাঁৱত চলিব দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ কাৰ্যসূচী । সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ ৰ জৰিয়তে প্ৰথম পৰ্যায়ৰ টীকাকৰণ সম্পূৰ্ণ হোৱাৰ পাছত দ্বিতীয় পৰ্যায়ৰ টীকাকৰণৰ বাবে মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় এখনি বিশেষ সভা ।

Second phase of vaccination from September 11
১১ ছেপ্টেম্বৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ টীকাক

মৰিগাঁও,১০ ছেপ্টেম্বৰ: সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ ৰ জৰিয়তে ১১ ৰ পৰা ১৬ ছেপ্টেম্বৰলৈ দ্বিতীয় পৰ্যায়ত ২৭৩২ গৰাকীক টীকাকৰণৰ লক্ষ্য মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ । উল্লেখযোগ্য যে, মিছন ইন্দ্ৰধনুষ ৫.০ ৰ অধীনত তিনিটা পৰ্যায়ত টীকাকৰণৰ লক্ষ্য লোৱা হৈছে । প্ৰথম পৰ্যায়ত ৭ আগষ্টৰ পৰা ১২ আগষ্টলৈ মৰিগাঁও জিলাত ০ ৰ পৰা ৫ বছৰ বয়সৰ প্ৰায় ৩৪২৩ টি শিশু আৰু ৬৭২ গৰাকী গৰ্ভৱতী মহিলা অৰ্থাৎ মুঠ ৪০৯৫ গৰাকীক প্ৰতিষেধক প্ৰদান কৰা হয় ।

দ্বিতীয় পৰ্যায়ত ১১ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ মুঠ ২৭৩২ গৰাকী শিশু আৰু গৰ্ভৱতী মহিলাক প্ৰতিষেধক প্ৰদান কৰা হ'ব । ইয়াৰে ২০০৮ টি শিশু ০ ৰ পৰা ২ বছৰ বয়সৰ, ২৭১ টি শিশু ২ ৰ পৰা ৫ বছৰ বয়সৰ আৰু ৪৫৩ গৰাকী গৰ্ভৱতী মহিলা আছে । তৃতীয় পৰ্যায়ত ৯ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ টীকাকৰণ কৰোৱা হ'ব । এই মিছন ইন্দ্ৰধনুষ ৫.০ ত বিশেষভাৱে মিছলছ আৰু ৰুবেলাৰ দৰে ৰোগৰ বিৰুদ্ধে টীকাকৰণ কৰোৱা হ'ব ।

এই কাৰ্যসূচীৰ অধীনত নিয়মীয়া টীকাকৰণৰ পৰা বাদ পৰা বা আংশিকভাৱে প্ৰতিষেধক লোৱা ০ ৰ পৰা ৫ বছৰ বয়সৰ শিশু আৰু গৰ্ভৱতী মহিলাক প্ৰতিষেধক প্ৰদান কৰা হৈছে । অতিৰিক্ত জিলা আয়ুক্ত দ্যুতিভা বৰাই প্ৰতিষেধক ল'বলৈ বাকী থকা সকলো শিশুক প্ৰতিষেধক দিবলৈ আগবাঢ়ি আহিবলৈ অভিভাৱকসকলৰ প্ৰতি আহ্বান জনায় ।

ইতিমধ্যে এই সন্দৰ্ভত মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত দ্যুতিভা বৰাৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল জিলা টাস্ক ফৰ্চৰ এখন সভা । সভাত আই এম আই ৫.০ ৰ অধীনত দ্বিতীয় পৰ্যায়ত জিলাখনত টীকাকৰণ কৰিবলগীয়া শিশুৰ সঠিক হিচাপ, দুৰ্গম এলেকাসমূহত টীকাকৰণৰ ক্ষেত্ৰত ল'বলগীয়া যথোপযুক্ত ব্যৱস্থা, শিশু তথা গৰ্ভৱতী মহিলাৰ সবিশেষ তথ্য আদি বিষয়ৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় ।

সভাত অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে মিছন ইন্দ্ৰধনুষ-৫.০ ৰ অধীনত জিলাখনত উপযুক্ত কোনো শিশু বা গৰ্ভৱতী মহিলা যাতে টীকাকৰণৰ পৰা বাদ নপৰে তাৰবাবে সংশ্লিষ্ট সকলো বিভাগকে সন্মিলিতভাবে দায়বদ্ধতাৰে প্ৰচেষ্টা আগবঢ়াবলৈ আহ্বান জনায় । তেওঁ কোনোধৰণৰ বেমেজালি নোহোৱাকৈ টীকাকৰণ প্রক্ৰিয়া সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগ তথা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: Shailesh Kumar Singh in Morigaon: মৰিগাঁৱত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সচিব শৈলেশ কুমাৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.