ETV Bharat / state

ৰাজ্যৰ ভিন্ন প্ৰান্তত আড়ম্বৰতাৰে ৰাস মহোৎসৱৰ প্ৰস্তুতি

author img

By

Published : Nov 7, 2019, 9:27 PM IST

ৰাজ্যখনৰ ঠায়ে ঠায়ে এতিয়া তুংগত উঠিছে ৰাসৰ প্ৰস্তুতি ৷ চাওঁ আহক ,মৰিগাওঁ, লখিমপুৰ ,পলাশবাৰীৰ ৰাস উৎসৱ প্ৰস্তুতিৰ কিছু দৃশ্য .....

ৰাস মহোৎসৱৰ প্ৰস্তুতি

দক্ষিণ কামৰূপ,7 নৱেম্বৰঃ শাৰদীয় দুৰ্গা পূজা,লক্ষ্মী পূজা,দীপাৱলীৰ পিছত এইবাৰ আহিল ৰাস মহোৎসৱ । । কি উজনি কি নামনি এতিয়া সকলোতে কেৱল ৰাসৰ প্ৰস্তুতি । সমগ্ৰ ৰাজ্যৰ লগতে ঐতিহ্যমণ্ডিত পলাশবাৰীটো অতি উলহ মালহৰে আয়োজন কৰা হৈছে ৭৩ তম ৰাস মহোৎসৱ । অহা ১২ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈকে ১১ দিনীয়াকৈ চলিব লগা এই মহোৎসৱখনিক লৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে পলাশবাৰীত । এই ৰাস মহোৎসৱত শিল্পীৰ হাতত প্ৰাণ পাই উঠিব ৰামায়ণ,মহাভাৰত,পুৰাণ আদি শাস্ত্ৰৰ আধাৰৰ লগতে ভগৱান শ্ৰী কৃষ্ণৰ বাল্য কালৰ পৰা যুৱ অৱস্থালৈ যমুনা নদীৰ পাৰত কৰা বিভিন্ন লীলা সমূহৰ প্ৰায় ২৫০তকৈও অধিক মৃন্ময় মূৰ্তি । আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে, পলাশবাৰীৰ এই মহোৎসৱ প্ৰায় ৪৫ লাখ টকা ব্যয় সাপেক্ষে আয়োজন কৰা হৈছে ৷ সমান্তৰালভাৱে লখিমপুৰতো চলিছে ৰাসৰ পূৰ্ণ প্ৰস্তুতি ৷ দক্ষিণ বিহপুৰীয়াৰ বদতি জামুগুৰিৰ ৰাসৰ আছে সুকীয়া পৰিচয় । আয়োজক সকলে চেষ্টা চলাইছে নৱ প্ৰজন্মক অভিনয়ৰ প্ৰতি আকৃষ্ট কৰি গাঁৱৰ পৰা একো একোজন সু অভিনেতা গঢ়ি তোলাৰ বাবে । অহা ১১ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈকে তিনিদিনীয়াকৈ ৰাস অনুষ্ঠিত হ'ব বদতি জামুগুৰী অঞ্চলত।

লখিমপুৰ আৰু পলাশবাৰীত ৰাস মহোৎসৱৰ প্ৰস্তুতি

ইফালে মৰিগাঁৱতো চলিছে ৰাসৰ ব্যাপক প্ৰস্তুতি ৷ গায়ন বায়ন ,খোল,তাল,বাহীৰ সুৰ আৰু গোপিনীৰ লয়লাস ভংগীমাৰে ৰজনজনাই তুলিছে ৷এয়া মৰিগাঁও ঐতিহাসিক শ্ৰীকৃষ্ণৰ বাৰোৱাৰী ৰাস মন্দিৰৰ দৃশ্য । বিগত ৮৫ বছৰৰ দৰেই এই বছৰো আগন্তুক ১২,ৰ পৰা ১৪ নৱেম্বৰলৈ উদযাপন হব শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ । ইয়াৰ বাবে মৰিগাঁও চহৰৰ সমূহ ৱাৰ্ডৰ কণ কণ কিশোৰীৰ পৰা জীয়াৰী,বোৱাৰী সকলো সমবেত হৈ ভক্তি ৰসত বুৰ গৈ ৰাস পূৰ্ণিমাৰ প্ৰাকক্ষণত সম্পূৰ্ণ কৰিছে আখৰা ৷

মৰিগাঁৱত ৰাস মহোৎসৱৰ প্ৰস্তুতি
যাৰ আছে শৃংগাৰ ৰসে ৰতি।
ৰাসক্ৰীয়া------- একমতি।।

শৰত ৰাত্ৰি অতি বিতোপন ।
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।।

শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱলৈ আৰু মাজত দিনদিয়েক থকাৰ সময়তে মৰিগাঁৱৰ বিভিন্ন সত্ৰ আৰু ৰাসতলীত চলিছে শ্ৰী কৃষ্ণৰ ৰাসললাৰ প্ৰস্তুতি। গায়ন বায়ন ,খোল,তাল,বাহীৰ সুৰ আৰু গোপীনীৰ লয়লাস ভংগীমাৰে ৰজনজনাই তুলিছে।
এইয়া মৰিগাঁও ঐতিহাসিক শ্ৰীকৃষ্ণৰ বাৰোৱাৰী ৰাস মন্দিৰৰ দৃশ্য। বিগত ৮৫ বছৰৰ দৰেই এই বছৰো আগন্তুক ১২,ৰ পৰা ১৪ নৱেম্বৰলৈ উদযাপন হব শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎস। ইয়াৰ বাবে মৰিগাঁও চহৰৰ সমূহ ৱাৰ্ডৰ কণ কণ কিশোৰীৰ পৰা জীয়াৰী,বোৱাৰী সকলো সমবেত হৈ ভক্তি ৰসত বুৰ গৈ ৰাসপূৰ্ণিমাৰ প্ৰাকক্ষণত সম্পূৰ্ণ কৰিছে আখৰা।bytes_gupee,secret,presdnt
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.