ETV Bharat / state

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কংগ্ৰেছৰ

author img

By

Published : Dec 8, 2020, 9:28 AM IST

publication-of-election-manifesto-by-congress
তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কংগ্ৰেছৰ

সোমবাৰে বিয়লি মৰিগাঁও জিলা কংগ্ৰেছ ভৱনত অনুষ্ঠিত এক দলীয় বৈঠকত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিলে সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৷ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি সাংসদগৰাকীয়ে ক্ষুৰধাৰ সমালোচনা কৰে শাসকীয় বিজেপি দলক ৷ তদুপৰি আগন্তুক তিৱা স্বায়ত্ব শাসিত পৰিষদ গঠন কৰিলে পৰিষদীয় এলেকাৰ ৰাইজক 7,500 টকাকৈ সাহাৰ্য প্ৰদান কৰিব বুলি মন্তব্য কৰি ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টা কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৷

মৰিগাঁও,8 ডিচেম্বৰঃ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত কংগ্ৰেছ দলে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ ৷ সোমবাৰে বিয়লি মৰিগাঁও জিলা কংগ্ৰেছ ভৱনত অনুষ্ঠিত এক দলীয় বৈঠকত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিলে সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৷ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি সাংসদগৰাকীয়ে ক্ষুৰধাৰ সমালোচনা কৰে শাসকীয় বিজেপি দলক ৷ নাগপুৰীয়া সংস্কৃতিৰে লালিত-পালিত হৈ বিজেপি দলে অসমীয়া ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্ত্বাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৷ তদুপৰি আগন্তুক তিৱা স্বায়ত্ব শাসিত পৰিষদ গঠন কৰিলে পৰিষদীয় এলেকাৰ ৰাইজক 7,500 টকাকৈ সাহাৰ্য প্ৰদান কৰিব বুলি মন্তব্য কৰি ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টা কৰে ৷

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কংগ্ৰেছৰ

আনহাতে, নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰা অনুষ্ঠানত ইস্তাহাৰ প্ৰস্তুত সমিতিৰ সভাপতি ডাঃ দূৰ্লভ চমুৱা, আহ্বায়ক ৰমেশ বৰদলৈ, জিলা সভাপতি বীৰ কুমাৰ কোঁৱৰ, প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাসহ বহু কংগ্ৰেছ নেতা-কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়কঃ কলগাছিয়াত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.