ETV Bharat / state

সোণোৱাল চৰকাৰে ভয় কৰে অখিল গগৈক : প্ৰদ্যুৎ বৰদলৈ

author img

By

Published : Jan 8, 2021, 12:29 PM IST

অখিল গগৈ সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য, বিজেপি চৰকাৰে আক্ৰোশমূলকভাৱে বন্দী কৰি ৰাখিছে কৃষক নেতা জনক ৷

pryadut bordoloi
pryadut bordoloi

নিউজ ডেস্ক, 8 জানুৱাৰী : গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিন আৱেদন খাৰিজ কৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ সাংসদ গৰাকীয়ে কয় যে, আক্ৰোশমূলকভাৱে বিজেপি চৰকাৰে কাৰাবন্দী কৰি ৰাখিছে কৃষক নেতা অখিল গগৈক ৷ অখিল গগৈ মুক্ত আকাশৰ তললৈ আহিলে পুনৰ কা বিৰোধী আন্দোলনে গা কৰি উঠিব বুলি চৰকাৰ ভীতিগ্ৰস্ত হৈ আছে বুলি উল্লেখ কৰে বৰদলৈয়ে ৷

ইয়াৰ লগতে সাংসদ গৰাকীয়ে কয় যে, বিজেপি চৰকাৰে যি চক্ৰান্ত চলাই আছে, সেয়া অসমৰ ৰাইজে সম্পূৰ্ণকৈ বুজি পাইছে ৷ সেয়ে অহা নিৰ্বাচনত এই চৰকাৰক ৰাইজে ওফৰাই পেলাব ৷

লগতে পঢ়ক : দৰঙত আলোচনাপন্থী আলফা নেতাসহ 7 জনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.