ETV Bharat / state

Morigaon Civil Hospital: চিকিৎসকৰ অভাৱত গৰ্ভৱতী মহিলাৰ চটফটনি

author img

By

Published : Oct 21, 2022, 6:23 PM IST

ৰাজ্যৰ স্বাস্থ্যখণ্ডত যেন কালিকা লাগিছে(Pathetic condition of Health Department) । ইটোৰ পাছত সিটোকৈ চিকিৎসকৰ গাফিলতিৰ ঘটনা পোহৰলৈ আহিছে(Negligence of Doctor) । এইবাৰ চিকিৎসকৰ অভাৱত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ মজিয়াত চটফটাই পৰি থাকিল এগৰাকী গৰ্ভৱতী মহিলা(Pregnant women in pain due to lack of doctors) । অৱশ্যে জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাৰ তৎপৰতাত চিকিৎসা প্ৰদান কৰা হয় মহিলাগৰাকীক ।

pregnant women scream in morigaon
চিকিৎসকৰ অভাৱত গৰ্ভৱতী মহিলাৰ চটফটনি

মৰিগাঁও, ২১ অক্টোবৰ: কেতিয়া নাকী লাগিব একাংশ চিকিৎসকৰ ? কেতিয়া এইসকল চিকিৎসকে বুজি উঠিব নিজৰ দায়িত্ব ? তাৰ এক জ্বলন্ত উদাহৰণ মৰিগাঁও অসামৰিক চিকিৎসালয় ৷ পুনৰ চিকিৎসকৰ অভাৱতে মৰিগাঁৱত সংঘটিত হ'লহেতেন আন এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যুৰ ঘটনা ।

ঘটনাৰ বিৱৰণী অনুসৰি গৰ্ভত মৃত সন্তান লৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ আহিছিল এগৰাকী গৰ্ভৱতী মহিলা । কিন্তু, মৰিগাঁও অসামৰিক চিকিৎসালয়ত নাছিল কোনো এগৰাকী চিকিৎসক(Negligence of Doctor) । চৰম যন্ত্ৰণাত মহিলাগৰাকীয়ে চটফটাই পৰি ৰয় চিকিৎসালয়খনৰ মজিয়াতে(Pregnant women in pain due to lack of doctors) । অৱশেষত জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাৰ তৎপৰতাত চিকিৎসা প্ৰদান কৰা হয় মহিলাগৰাকীক ।

জানিব পৰা মতে বুধবাৰে সন্ধিয়া মৰিগাঁৱৰ নেলীৰ জোনমণি পাতৰ নামৰ এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎসাৰ বাবে ভৰ্তি কৰিছিল মৰিগাঁও অসামৰিক চিকিৎসালয়ত । দিনৰ ১১ বজাত আলট্ৰাচাউণ্ড কৰি গৰ্ভৰ সন্তানটো মৃত বুলি গম পোৱাৰ পাছত বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি সন্ধিয়া পাঁচ বজাত চিকিৎসালয়খনৰ প্ৰসূতি বিভাগত ভৰ্তি কৰে গৰ্ভৱতী মহিলাগৰাকীক ।

কিন্তু চিকিৎসকৰ অভাৱত চিকিৎসালয়ৰ মজিয়াতে পৰি থাকিবলগীয়া হয় মহিলাগৰাকী । এই অভিযোগ উত্থাপন কৰিছিল মহিলা গৰাকীৰ পৰিয়ালৰ লোকে । পৰৱৰ্তী সময়ত সাংবাদিক উপস্থিত হৈ বিষয়টোৰ সন্দৰ্ভত জিলা উপায়ুক্তক অৱগত কৰোৱাৰ পিছত লগে লগে নিশাই জিলা উপায়ুক্ত দেৱাশীষ শৰ্মা চিকিৎসালয়খনত উপস্থিত হয় ।

উপায়ুক্ত আৰু সাংবাদিক উপস্থিত হোৱাৰ উমান পাই চিকিৎসকে তৎপৰতা দেখুৱাই প্ৰাথমিক চিকিৎসা প্ৰদান কৰি চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে । জিলা উপায়ুক্তগৰাকীয়ে দৰিদ্ৰ পৰিয়ালটিক গুৱাহাটীত চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে যদিও গৰ্ভৱতী মহিলাগৰাকীয়ে মৰিগাঁও অসামৰিক চিকিৎসালয়তে মৃত সন্তানটি জন্ম দিয়ে ।

উল্লেখ্য যে বিগত কেইমাহত সংঘনে সংঘটিত হৈছে এনেধৰণৰ বহুকেইটা ঘটনা । তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল(Tezpur Medical College Hospital)য়েও প্ৰকাশ কৰিছিল এক ভয়ংকৰ তথ্য । হাস্পতালখনত বিগত দুটা মাহত ৪৯ টি মৃত নৱজাতকৰ জন্ম হোৱাৰ বিপৰীতে আন ১৩ টি নৱজাতকৰ জন্মৰ পাছতে নৱজাতকৰ মৃত্যুৰ তথ্য় প্ৰকাশ কৰিছিল হাস্পতাল কৰ্তৃপক্ষই(49 babies have died in womb) ৷

ৰাজ্যত বিগত সময়চোৱাত নতুনকৈ বহুকেইখন চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে স্বাস্থ্য কেন্দ্ৰ তথা চিকিৎসালয় স্থাপনৰ কথা উল্লেখ কৰি স্বাস্থ্যখণ্ডৰ উন্নয়ন দাবী কৰি আহিছে চৰকাৰখনে(Health Department of Assam) । কিন্তু ইয়াৰ বিপৰীতে বহু চিকিৎসালয় তথা চিকিৎসা মহাবিদ্যালয় সমূহত বিভিন্ন সমস্যা থকাৰ লগতে প্ৰয়োজনীয় ঔষধ তথা উপযুক্ত চিকিৎসকৰ অভাৱৰ বিষয়ে অভিযোগ উঠি অহাই নহয়, বহু চিকিৎসা প্ৰকল্প উদ্বোধনৰ পাছতেই অকামিলা হৈ থকা ঘটনাও পোহৰলৈ আহিছে ৷ তাৰোপৰি গৰ্ভাৱস্থাতে শিশুৰ মৃত্যুৰ দৰে ঘটনাই প্ৰসুতিক লৈ চৰকাৰী আঁচনিয়ে এতিয়াও যে বহুসংখ্যক লোকক স্পৰ্শ কৰা নাই তাৰে ইংগিত বহন কৰিছে(Pathetic condition of Health Department) ৷

লগতে পঢ়ক: Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটৰ্ঘনাত থিতাতে নিহত এগৰাকী মহিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.