ETV Bharat / state

Assam Govt Eviction Drive: উচ্ছেদ অভিযানত উচ্চ ন্যায়ালয়ক অৱমাননা চৰকাৰৰ, সাংসদ প্রদ্যুৎ বৰদলৈ

author img

By

Published : Mar 4, 2023, 12:40 PM IST

Updated : Mar 4, 2023, 1:51 PM IST

Morigaon
Morigaon

চৰকাৰৰ উচ্ছেদ অভিযানক লৈ সৰৱ সাংসদ প্রদ্যুৎ বৰদলৈ (Pradyut Bordoloi slammed govt on eviction drive) । পৰীক্ষা চলি থকাৰ সময়ত উচ্ছেদৰ স্থগিত ৰখাৰ বাবে উচ্চ ন্যায়ালয়ে নিৰ্দেশনা দিয়াৰ সময়তে এই নিষেধাজ্ঞাক অসম চৰকাৰে অৱমাননা কৰিছে বুলি সাংসদ প্রদ্যুৎ বৰদলৈৰ মন্তব্য ।

উচ্ছেদ প্ৰসংগত চৰকাৰক সমালোচনা সাংসদ প্রদ্যুৎ বৰদলৈৰ

মৰিগাঁও, ৪ মাৰ্চ : "মহামান্য উচচ ন্যায়ালয়ৰ নিষেধাজ্ঞা অৱমাননা কৰিছে অসম চৰকাৰে (Guwahati high court on Assam govt eviction) ।" মৰিগাঁৱত এই মন্তব্য নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ প্রদ্যুৎ বৰদলৈৰ (Pradyut Bordoloi slammed govt on eviction drive) । সাংসদ প্রদ্যুৎ বৰদলৈয়ে লগতে কয় যে চৰকাৰে এই সময়ত উচ্ছেদৰ বিষয়টো মানৱীয় দৃষ্টিভংগীৰে চোৱা উচিত ।

শুকুৰবাৰে মৰিগাঁও জিলা সাংবাদিক সন্থাৰ (Morigaon District Journalist Association) চৌহদত ৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগা সাংবাদিক সন্থাৰ পুথিভঁৰাল আৰু গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে তেখেতৰ ২০২১-২২ বৰ্ষৰ সাংসদ উন্নয়ন পুঁজিৰ দ্বাৰা নিৰ্মিত হ'বলগীয়া মৰিগাঁও জিলা সাংবাদিক সন্থাৰ পুথিভঁৰাল আৰু গৱেষণা কেন্দ্রৰ বাবে সীমাবদ্ধতাৰ মাজত থাকি এই পুঁজি আগবঢ়োৱা বুলি তেওঁ সদৰী কৰে ।

মৰিগাঁও জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ৰ ভূমি সংলগ্ন গৃহৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণ প্ৰসংগত তেওঁ কেন্দ্ৰীয় চৰকাৰে সাংসদসকলৰ পুঁজি তিনি বছৰ ধৰি কৰ্তন কৰি থোৱা বুলি ৰাজহুৱাকৈ মন্তব্য আগবঢ়ায় । আনহাতে, বিৰোধী পক্ষৰ সাংসদগৰাকীয়ে পূৰ্বৰ প্ৰতিশ্ৰুতি মতে জিলা সাংবাদিক সন্থাৰ পুথিভঁৰাল আৰু গৱেষণা কেন্দ্ৰ নিৰ্মাণৰ বাবে ধনৰাশি আগবঢ়োৱা কাৰ্যত মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সমূহ বিষয়ববীয়াই সাংসদগৰাকীক ধন্যবাদ জ্ঞাপন কৰে ।

পুৰোহিত যুগল শৰ্মাই মাংগলিক পৰ্ব সমাপন কৰাৰ পিছত সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ সভা । সভাখন আঁতধৰে সম্পাদক জিতুমণি নাথে । এই কাৰ্যসূচীত মৰিগাঁও জিলাৰ সাংবাদিক পেঞ্চনাৰ উপেন চন্দ্ৰ ডেকা, প্ৰবীণ সাংবাদিক তথা মৰিগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ নৱকান্ত বৰদলৈ, মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি শ্ৰৱণ কুমাৰ ডেকাৰজা, জিলা সম্পাদক ময়িদুল ইছলাম খান, সীমান্ত হাজৰিকা, শ'লমাৰী গাঁওপঞ্চায়তৰ সভাপতি আমিনুল হক, ভূৰবন্ধা জিলা পৰিষদৰ সদস্য পবিত্ৰ বৰা, নিতুল কোঁৱৰকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই অংশগ্ৰহণ কৰে ।

ইয়াৰ উপৰি বৰ্তমান সময়ত অসম চৰকাৰে মহামান্য উচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞা অৱজ্ঞা কৰি পুনৰ উচ্ছেদ অভিযান চলাবলৈ ওলোৱা সিদ্ধান্ত সন্দৰ্ভত মানৱীয় দিশেৰে চাবলৈ আহ্বান জনায় সাংসদ প্রদ্যুৎ বৰদলৈয়ে (Assam govt eviction drive) ।

উল্লেখ্য যে শেহতীয়াভাৱে অসম চৰকাৰে বনাঞ্চল আৰু জলাশয়ৰ ভূমি বেদখল উচ্ছেদ অভিযান অব্যাহত ৰাখিছে । কিন্তু এই উচ্ছেদ অভিযানক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চৰকাৰে এই উচ্ছেদ অভিযানত মানৱীয়তাৰ সকলো দিশ উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে । আনহাতে, চৰকাৰৰ এনেধৰণৰ অমানৱীয় উচ্ছেদৰ বিষয়টো গৈ উচ্চ ন্যায়ালয়ৰ মজিয়াতো উঠিছে । বিশেষকৈ হাড় কঁপোৱা শীতৰ সময়ত আৰু পৰীক্ষাৰ সময়ত এনেধৰণৰ উচ্ছেদ অভিযানে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :Top level hospital in Jakhalabandha: জখলাবন্ধাত নিৰ্মাণ হ'ব ১৫০ খন বিচনাযুক্ত অত্যাধুনিক চিকিৎসালয়

Last Updated :Mar 4, 2023, 1:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.