ETV Bharat / state

মৰিগাঁৱত PMAYৰ চেক বিতৰণ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

author img

By

Published : Aug 8, 2020, 11:11 AM IST

মৰিগাঁৱত প্ৰধানমন্ত্ৰীৰ আবাস যোজনা আঁচনিৰ চেক বিতৰণ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ । মৰিগাঁও পৌৰসভাৰ নাগৰিকৰ বাবে আবন্টিত হৈছে 2500 টা প্ৰধানমন্ত্ৰীৰ আবাস যোজনা বাসগৃহ ।

পীয়ূষ হাজৰিকা
মৰিগাঁৱত PMAY ৰ চেক বিতৰণ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

মৰিগাঁও, 8 আগষ্টঃ "আগৰ চৰকাৰে তিনিটকীয়া চাউল দিছিল আমাৰ চৰকাৰে বিনামূলীয়াকৈ চাউল দিছো । এইয়া কি পৰিবৱৰ্তন নহয় ।" শুকুৰবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। মৰিগাঁৱত মন্ত্ৰী পীয়ূষ হাজৰিকাৰই উদ্ধোধন কৰে সকলোৰে সপোনৰ ঘৰ হ'ব আপোন-শীৰ্ষক দ্বিতীয় পৰ্যায়ৰ আঁচনিৰ । মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও পৌৰসভা উদ্যোগত বিহুতলী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই উদ্ধোধনী সভাৰ প্ৰাকক্ষণত এৰাগাঁৱৰ দুটা পৰিয়ালৰ আপোন ঘৰৰ আধাৰশিলা স্থাপন কৰি সভাগৃহত বন্তি প্ৰজ্বলন কৰে মন্ত্ৰী গৰাকীয়ে । মৰিগাঁও চহৰৰ সহস্ৰাধিক আবাসগৃহৰ কাম চলি থকা বুলি মন্তব্য প্ৰকাশ কৰাৰ লগতে অনাগত দিনত ১৩০০ ঘৰৰ নিৰ্মাণ কৰিব বুলি মন্তব্য । এই শুভ উদ্বোধনী অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱাৰ পাছতে জিলা উপায়ুক্ত ঋতু ৰাজ বৰাই জিলাখনৰ চহৰাঞ্চলৰ বাবে আবণ্টিত হোৱা তালিক ঘোষণা কৰে । এই মুকলি সভাতে মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীৰ হাতেৰে হিতাধিকাৰীক চেক অৰ্পণ কৰে ।

আনহাতে, এই অনুষ্ঠানৰ পাছতে মন্ত্ৰী বিধায়কদ্বয়ে পৰিদৰ্শন কৰে মৰিগাঁও অসামৰিক চিকিৎসালয়। তাৰোপৰি এই অনুষ্ঠানতে মন্ত্ৰী পীয়ূষ হাজৰিকাই কৰ'ণা আক্ৰান্তৰ লোকৰ সৎকাৰৰ বেলিকা সৃষ্টি হোৱা বিৰ্তকৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ৷

লগতে চাওকঃ ১ ছেপ্তেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব নিয়মীয়া পাঠদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.