ETV Bharat / state

2021 চনৰ নিৰ্বাচনত কংগ্ৰেছ নি:শেষ হৈ যাব অসমত:পীয়ূষ হাজৰিকা

author img

By

Published : Dec 20, 2020, 8:59 AM IST

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ 36 টাকৈ পৰিষদীয় সমষ্টিত শাসকীয় দল বিজেপিয়ে ৩৩ খন পৰিষদীয় আসনত বিজয়ী হোৱাৰ পাচতে নিজৰ নিজৰ মন্তব্য আগবঢ়াইছে ৰাজনৈতিক নেতাসকলে ৷ অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে, আগন্তুক 2021 চনৰ নিৰ্বাচনত কংগ্ৰেছ নি:শেষ হৈ যাব ৷

piyush hazarika reacted about congress after declered the tiwa election resul
2021 চনৰ নিৰ্বাচনত কংগ্ৰেছ নি:শেষ হৈ যাব অসমত:পীয়ূষ হাজৰিকা

মৰিগাঁও, 20 ডিচেম্বৰ: শনিবাৰে তিৱা পৰিষদৰ নিৰ্বাচনৰ ফলাফলৰ পাচতে জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে, এই বৃহৎ সফলতাত এতিয়া আমি আত্মবিশ্বাসী ৷ আগন্তুক বিধান সভা নিৰ্বাচনত আমি ১০০ খন আসনত জয়ী হম ৷ বিটিচি নিৰ্বাচনত ১খন আসনৰ পৰা ৯ খন আৰু তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ৩ খনৰ পৰা ৩৩ আসন লাভ কৰাটোৱেই প্ৰমাণ কৰিলে যে আগন্তুক 2021 চনৰ নিৰ্বাচনত বিজেপিয়েই জয়ী হোৱাৰ লগতে কংগ্ৰেছ নি:শেষ হৈ যাব অসমত ৷

2021 চনৰ নিৰ্বাচনত কংগ্ৰেছ নি:শেষ হৈ যাব অসমত:পীয়ূষ হাজৰিকা

শনিবাৰে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ 36 টাকৈ পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাচতে স্বাভাৱিকতে আনন্দিত হৈ পৰিছে বিজেপি দল ৷ তিৱা পৰিষদৰ নিৰ্বাচনৰ মুঠ ৩৬ খন আসনৰ ভিতৰতে শাসকীয় দল বিজেপিয়ে ৩৩ খন পৰিষদীয় আসনত বিজয়ী হোৱাৰ পাচতে এজনৰ পাচত আনজন ৰাজনৈতিক নেতাই নিজৰ নিজৰ মন্তব্য আগবঢ়াইছে ৷

লগতে পঢ়ক: খালী হৈ যাব কংগ্ৰেছৰ মোনা : কিয় কলে আঙুৰলতা ডেকাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.