ETV Bharat / state

মৈৰাবাৰী-মৰিগাঁও গড়কাপ্তানি পথত পুখুৰী সদৃশ গাঁত

author img

By

Published : Oct 25, 2020, 8:03 PM IST

মৈৰাবাৰী-মৰিগাঁও গড়কাপ্তানি পথত পুখুৰী সদৃশ গাঁত
মৈৰাবাৰী-মৰিগাঁও গড়কাপ্তানি পথত পুখুৰী সদৃশ গাঁত

মৈৰাবাৰী-মৰিগাঁও সংযোগী পথত পুখুৰীসদৃশ বৃহৎ গাঁত ৷ পথৰ দুৰৱস্থাই দুৰ্ভোগ ভুগাইছে পথটোৰে যাতায়ত কৰা লোকক ৷ ঠিকাদাৰৰ বিৰুদ্ধে কাম নকৰি টকা আত্মসাৎ কৰাৰ অভিযোগ ৷ আদালতত গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত স্থানীয় ৰাইজৰ ৷

মৰিগাঁও, 25 অক্টোবৰ: ধিং সমষ্টিৰ অন্তৰ্গত মৈৰাবাৰী-মৰিগাঁও সংযোগী পথত সৃষ্টি হৈছে বৃহৎ পুখুৰীসদৃশ গাঁত ৷ বিগত তিনিটা কাৰ্যকালৰ পৰা এআইডিইউএফৰ দখলত থকা ধিং সমষ্টিৰ অন্তৰ্গত পথটোৰ এই দুৰৱস্থাৰ ফলত প্ৰত্যেকদিনেই ৰাইজে বিপদসংকুল ভাৱে যাতায়ত কৰিবলৈ বাধ্য হৈছে ৷ ৰাইজৰ অভিযোগ অনুসৰি পথটোৰ নিৰ্মাণৰ বাবে এছ অ পি ডি আঁচনিৰ অধীনত চৰকাৰে 65 লাখ টকাৰ আৱন্টন দিছিল যদিও পথটো নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ জনে কোনো কাম নকৰি আৱন্টিত ধন আত্মসাৎ কৰিছে ৷

ৰাইজে জানিবলৈ দিয়ে যে নগাঁও গড়কাপ্তানি বিভাগৰ অধীনত থকা ধিং সমষ্টিৰ অন্তৰ্গত এই পথটো নিৰ্মাণ কৰা হৈছে বুলি কোৱা হৈছে যদিও প্ৰকৃতাৰ্থত পথটোৰ মাজে মাজে প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰীসদৃশ গাঁত ৰৈ গ'ল ৷ ৰাইজে অভিযোগ উত্থাপন কৰি লগতে কয় যে বৰ্তমান এজাক বৰযুণ দিলেই পথটো আচলতে পুখুৰী নে ৰাস্তা সেইয়া নিৰ্ধাৰণ কৰাই কঠিন হৈ পৰে ৷ অভিযোগ অনুসৰি ঠিকাদাৰ জনে আনুমানিক 40 লাখ টকাৰ কাম কৰি বিভাগৰ সৈতে কমিচন কেন্দ্ৰীক মিতিৰালি কৰি বাকী টকা আত্মসাৎ কৰাৰ ফন্দী পাতিছে ৷ এই ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে যদিও নগাঁও জিলাৰ গড়কাপ্তানি বিভাগৰ অভিযন্তাই ৰহস্যজনক ভূমিকা পালন কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ প্ৰতিবাদ কৰিও কোনো সুফল নোপোৱাত ৰাইজে এতিয়া এই সন্দৰ্ভত আদালতত এক গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে ৷

লগতে পঢ়ক: ডাষ্টবিনলৈ পৰিণত পদুম পুখুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.