ETV Bharat / state

শপত ল'লে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ৩৬ গৰাকী নিৰ্বাচিত সদস্যই

author img

By

Published : Jan 6, 2021, 5:55 PM IST

কাৰ্যবাহী সদস্যৰূপে নিৰ্বাচিত হয় ক্ৰমে তেতেলীয়া সমষ্টিৰ বিজয়ী প্ৰাৰ্থী -খগেন চন্দ্ৰ বৰদলৈ, ঐতিহাসিক জোঙালবলহু সমষ্টিৰ প্ৰাৰ্থী প্ৰণব জ্যোতি মছৰং, ১১নং জোনবিল সমষ্টিৰ বিনীতা দৈমাৰী, আঠ নং ঘগুৱা সমষ্টিৰ মিহিৰ বৰদলৈ আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ পুত্ৰ মদন দেউৰী নিৰ্বাচিত হৈ শপত লয় ।

শপত ললে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ৩৬ গৰাকী নিৰ্বাচিত সদস্যই
শপত ললে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ৩৬ গৰাকী নিৰ্বাচিত সদস্যই

মৰিগাঁও,6 জানুৱাৰীঃ বহু জল্পনা-কল্পনাৰ অন্তত বুধবাৰে আনুষ্ঠানিকভাৱে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ পদত অধিষ্ঠিত হ’ল জীৱন চন্দ্ৰ কোঁৱৰ । উপমুখ্য কাৰ্যবাহী সদস্য ৰূপে শপত গ্ৰহণ কৰিলে তুলসী বৰদলৈয়ে । অধ্যক্ষৰ আসনৰ বাবে মদন চন্দ্ৰ বৰদলৈ নিৰ্বাচিত হোৱাৰ বিপৰীতে অংকুৰ দেউৰীক উপাধ্যক্ষ আসনৰ বাবে প্ৰস্তাৱ সমৰ্থক পৰম্পৰাৰে নিৰ্বাচিত হয় ।

শপত ললে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ৩৬ গৰাকী নিৰ্বাচিত সদস্যই

আনহাতে, কাৰ্যবাহী সদস্যৰূপে নিৰ্বাচিত হয় ক্ৰমে তেতেলীয়া সমষ্টিৰ বিজয়ী প্ৰাৰ্থী-খগেন চন্দ্ৰ বৰদলৈ, ঐতিহাসিক জোঙালবলহু সমষ্টিৰ প্ৰাৰ্থী প্ৰণব জ্যোতি মছৰং, ১১নং জোনবিল সমষ্টিৰ বিনীতা দৈমাৰী, আঠ নং ঘগুৱা সমষ্টিৰ মিহিৰ বৰদলৈ আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ পুত্ৰ মদন দেউৰী নিৰ্বাচিত হৈ শপত লয় । শপত বাক্য পাঠ কৰায় মধ্য অসমৰ উন্নয়ন সঞ্চালক মলয় বৰা আৰু শপত গ্ৰহণ অনুষ্ঠানৰ আঁতধৰে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সচিব দেবানন্দ দাসে ।

উল্লেখযোগ্য যে, এই শপতগ্ৰহণ কৰাৰ পূৰ্বে মৰিগাঁও আৱৰ্ত্ত ভৱন আৰু পবিতৰাহাট প্ৰেক্ষাগৃহত মন্ত্ৰী পীয়ূষ হাজৰিকা, দিছপুৰৰ বিধায়ক অতুল বৰা, নগাঁও বিধায়ক ৰূপক শৰ্মা, ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা আলোচনাত মিলিত হয় ।

লগতে পঢ়কঃ জীৱন চন্দ্ৰ কোঁৱৰক তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নতুন মুখ্য কাৰ্যবাহীৰ দায়িত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.