ETV Bharat / state

মৰিগাঁৱত সভাপতিৰ নহয় পুত্ৰৰ চহীৰে চলে কাম কাজ

author img

By

Published : Nov 28, 2019, 3:22 PM IST

মৰিগাঁওৰ এখন বিদ্যালয়ত পুত্ৰৰ দ্বাৰা পৰিচালনা সমিতিৰ সভাপতি পিতৃৰ নকল চহী কৰি চৰকাৰী কাম-কাজ চলাই প্ৰধান শিক্ষয়িত্ৰীয়ে ৷

Morigaon South Rupohi Shyama Primary School
মৰিগাঁৱত সভাপতিৰ পিতৃৰ পৰিৱৰ্তে পুত্ৰৰ চহী লৈ চৰকাৰী কাম-কাজ চলাই প্ৰধান শিক্ষয়িত্ৰীয়ে

মৰিগাঁও, 28 ছেপ্টেম্বৰ : মৰিগাঁও লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত দক্ষিণ ৰূপহী শ্যামা প্ৰাথমিক বিদ্যালয়ত আজৱ কাণ্ড ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী বাসনা মজুমদাৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকীৰ নকল চহী লৈ চলাই আছে চৰকাৰী কাম-কাজ ৷ এই অভিযোগ উত্থাপন কৰিছে স্বয়ং বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি পৰিতোষ বিশ্বাসে ৷

মৰিগাঁৱত সভাপতিৰ পিতৃৰ পৰিৱৰ্তে পুত্ৰৰ চহী লৈ চৰকাৰী কাম-কাজ চলাই প্ৰধান শিক্ষয়িত্ৰীয়ে
উল্লেখ্য যে এই বিদ্যালয়তে অধ্যয়নৰত পৰিচালনা সমিতিৰ সভাপতিগৰাকীৰ পুত্ৰ। গতিকে পিতৃৰ পৰিৰ্ৱতে ছাত্ৰ পুত্ৰৰ দ্বাৰাই প্ৰয়োজনীয় চহী লৈ চৰকাৰী কাম-কাজ চলাই আহিছে প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে ৷ এই কথা নিজেই স্বীকাৰ কৰিছে প্ৰধান শিক্ষয়িত্ৰী বাসনা মজুমদাৰে ৷ ইমানেই নহয় শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে অভিভাৱকৰো আছে একাধিক অভিযোগ। অভিভাৱকসকলৰ অভিযোগ যে মধ্যাহ্ন ভোজন যোগান ধৰাটো অনিয়মীয়াত বিদ্যালয়খন ।

লগতে পঢ়ক:চাৰি নৱ নিৰ্বাচিত বিধায়কৰ শপতগ্ৰহণ, প্ৰথম দিনাই সদন ত্যাগ বিৰোধী পক্ষৰ

Intro:মৰিগাঁৱৰ এখন আজব বিদ্যালয়।সভাপতি পিতৃৰ পৰিবৰ্তে ছাত্ৰ ৰূপী পুত্ৰৰ পৰা চহী লৈ প্ৰধান শিক্ষয়িত্ৰী চলাই চৰকাৰী কাম-কাজ। কত আছে এই বিদ্যালয়।কোন এইগৰাকী প্ৰধান শিক্ষয়িত্ৰী Body:সভাপতি পিতৃৰ সলনি পুত্ৰ ৰূপী ছাত্ৰৰ নকল চহীৰে চলা এখন আজব বিদ্যালয় অথঃসংবাদ


মৰিগাঁৱৰ এখন আজব বিদ্যালয় । নাম দক্ষিণ ৰূপহী শ্যামা প্ৰাথমিক বিদ্যালয় । এগৰাকী শিক্ষয়িত্ৰীয়েই বিদ্যালয় খনত মানৱ সম্পদ গঢ়াৰ কছৰৎ। সহযোগী বুলিবলৈ এজনো নাই শিক্ষক । শ্ৰেণীকোঠাও এটা। আৰু এই এটা শ্ৰেণীকোঠাতেই পাঠদান চলে প্ৰথমৰ পৰা পঞ্চম মানলৈ অৰ্ধশতাধিক কণ কণ ছাত্ৰ ছাত্ৰী ।একপ্ৰকাৰ ইমানলৈ ঠিকেই আছিল সকলো। কিন্তু এই প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে মাজে সময়ে গণ্ডগোল ঘটাই থাকে বিদ্যালয় খনত । পিছে কি গণ্ডগোল ঘটাই শিক্ষয়িত্ৰী বাসনা মজুমদাৰে । আমাৰ এক ৰিপৰ্ট ।
এইখন মৰিগাঁও লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত দক্ষিণ ৰূপহী শ্যামা প্ৰা: বিদ্যালয় । বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি পৰিতোষ বিশ্বাসৰ মুকলি অভিযোগ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে সভাপতিৰ চহী নকল কৰি অফিচিয়েল কাম কাজ চলাই ।Byte: সভাপতি
হয় । ঠিকেই শুনিছে আপুনি । প্ৰধান শিক্ষয়িত্ৰী বাসনা মজুমদাৰে সভাপতিৰ চহী নকল কৰি হিচাব-নিকাচ দাখিল কৰে বিভাগত । কিন্তু শিক্ষয়িত্ৰী গৰাকীয়ে সভাপতিৰ চহী কাৰ পৰা লৈ আপুনি জানেনে ? তেন্তে শুনক কি কয় মাষ্টৰণী বাইদেৱে ।
Byte: প্ৰধান শিক্ষয়িত্ৰী
উল্লেখযোগ্য যে এই বিদ্যালয়তেই সভাপতিৰ পুত্ৰ অধ্যয়নৰত। গতিকে পিতৃৰ পৰিবৰ্তে ছাত্ৰৰূপী পুত্ৰৰ পৰাই প্ৰয়োজনীয় চহী লৈ কাম চলাই আহিছে মাষ্টৰণী বাইদেৱে ।সেইকথা অকপতে নতি স্বীকাৰ কৰিলে।bytes:মাষ্টৰণী
ইমানেই নহয় ।অভিভাৱকৰ আছে একাধিক অভিযোগ । মধ্যাহ্নন ভোজন অনিয়মীয়া বিদ্যালয় খনত ।bytes: guardian
শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য মহোদয় ,আপুনি যিমানেই পৰিবৰ্তনৰ শ্লগান নামাৰক কিয় আজিৰ চৰকাৰী বিদ্যালয়ৰ প্ৰকৃত ছবি এইয়া ।Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.