ETV Bharat / state

Morigaon Sahitya Sabha: বাৰপূজীয়াৰ পৰা আৰম্ভ হ’ব সাহিত্যৰ বাবে এক মন, এক পণ, এক ভাব আন্দোলন

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 12:44 PM IST

সোমবাৰে মৰিগাঁও জিলা সাহিত্যি সভাৰ বাচনাঘাট শাখা সাহিত্য সভাৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ উক্ত সভাতে বাচনাঘাট শাখা সাহিত্য সভাক ‘শতদল’ শাখাৰ স্বীকৃতি প্ৰদান কৰে ৷ ‘‘এক মন, এক পণ, এক ভাব’’ৰ আদৰ্শৰে অনুষ্ঠিত হ’ব আগন্তু সাহিত্য অধিৱেশন ৷

Morigaon Sahitya Sabha
বাৰপূজীয়াৰ পৰা আৰম্ভ হ’ব সাহিত্যৰ বাবে এক মন এক পণ এক ভাব আন্দোলন

বাৰপূজীয়াৰ পৰা আৰম্ভ হ’ব সাহিত্যৰ বাবে এক মন এক পণ এক ভাব আন্দোলন

মৰিগাঁও, 26 ছেপ্টেম্বৰ : সোমবাৰে মৰিগাঁও জিলা সাহিত্য সভাৰ অন্যতম বাচনাঘাট শতদল শাখা সাহিত্য সভাৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসৰ লগতে সংগতি ৰাখি অনুষ্ঠিত হয় বিশেষ সভা ৷ সভাত উপস্থিত আছিল অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মা ৷ অতি উলহ-মালহেৰে অনুষ্ঠিত কৰা হয় মৰিগাঁও জিলা সাহিত্য সভাৰ বাচনাঘাট শতদল শাখা সাহিত্য সভাৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৷

উক্ত সভাতে অসম সাহিত্য সভাই বাচনাঘাট শাখা সাহিত্য সভাক ‘শতদল’ শাখাৰ স্বীকৃতি পত্ৰ প্ৰদান কৰে ৷ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই এই স্বীকৃতি প্ৰদান কৰি উল্লেখ্য কৰে যে, যুৱ প্ৰজন্মক সাহিত্যৰ প্ৰতি আকৰ্ষণ আৰু অনুপ্ৰেৰণাৰ বাবে এই স্বীকৃতি প্ৰদান কৰা হৈছে ৷

বৰ্তমান সাহিত্য সভাই লোৱা কিছু পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ সাংবাদিকৰ আগত কয়, ‘‘ৰীতি-নীতি, পৰম্পৰা ধৰি ৰাখি আমাৰ জাতীয় জীৱনলৈ অহা প্ৰত্যাহবানসমূহক নেওচি আমি অসম সাহিত্য সভাক শক্তিশালী কৰিব লাগিব ৷ ভাল কাম এটা কৰিবলৈ হ’লে প্ৰত্যাহ্বান আহিবই ৷ সেয়ে আমি সততা, নীতি আদৰ্শৰে আগবাঢ়িব লাগিব ৷ অসমৰ প্ৰতিটো ভাষা, সাহিত্যক আদৰি আমি আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰিছো ৷’’

আনহাতে, বাৰপূজীয়াত হ’ব লগা আগন্তু সাহিত্য সভাৰ অধিৱেশনৰ সন্দৰ্ভত তেওঁ কয়, ‘‘আমি প্ৰতিটো পদক্ষেপতে বাৰপূজীয়া ৰাইজৰ মতামত লৈছো ৷ আমি সতাত আৰু আদৰ্শ লৈ আগবাঢ়িব বিচাৰিছো ৷ বাৰপূজীয়া অধিৱেশনৰ পৰা যাতে আমাৰ জাতীয় জীৱনৰ আন এক মাত্ৰা প্ৰদান কৰিব পাৰে তাৰ বাবে চেষ্টা কৰি আছো ৷ সকলো জাতি জনগোষ্ঠীয়ে এক মন, এক পণ, এক ভাবেৰে জাতীয় জীৱনক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিব লাগিব আৰু এয়াই হ’ব আমাৰ বাৰপূজীয়া অধিৱেশনৰ মূল মন্ত্ৰ ৷ আমি ডিজিটেল মাধ্যমটো সাহিত্য চৰ্চা কৰা আৰম্ভ কৰিছে ৷ ’’

লগতে পঢ়ক:Conflict between the Evicted char residents: উৎপাদিত মৰাপাট খেতি কাটি আনিবলৈ উচ্ছেদিত চৰবাসীৰ মাজত অৰিয়াঅৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.