ETV Bharat / state

Drugs peddler detained: মৰিগাঁৱত ড্ৰাগছসহ আটক শ্বাহজাহান আলীক

author img

By

Published : Aug 14, 2023, 8:43 AM IST

মৰিগাঁৱত পুনৰ ড্ৰাগছসহ আটক এটা ড্ৰাগছ সৰবৰাহকাৰী ৷ ধৃত সৰবৰাহকাৰীটোৰ নাম হৈছে শ্বাহজাহান আলী ৷ জানিব পৰা মতে, ধৃত শ্বাহজাহান আলীয়ে মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত খন্দাপুখুৰীৰ পৰা ড্ৰাগছখিনি বাছনাঘাটত ৰৈ থকা এজনক দিবলৈ আনিছিল ৷

Drugs peddler detained
ড্ৰাগছৰ ক’লা বেহা

ড্ৰাগছৰ ক’লা বেহা

মৰিগাঁও, 14 আগষ্ট : অপৰাধৰ বিৰুদ্ধে অসম আৰক্ষী তথা প্ৰশাসন কঠোৰ হোৱাৰ পাচতো ৰাজ্যৰ পৰা এতিয়াও শেষ হোৱা নাই অপৰাধৰ মাত্ৰা ৷ বিভিন্ন সময়ত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ড্ৰাগছৰ বেহাৰ লগত জড়িত বহু অপৰাধী ৷ কিন্তু আৰক্ষী তথা প্ৰশাসনৰ চকুত ধূলি দি এতিয়াও একাংশই অব্যাহত ৰাখিছে ড্ৰাগছৰ ক’লা বেহা ৷ দেশৰ 77 সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে অৰ্থাৎ দেওবাৰে মৰিগাঁও আৰক্ষীয়ে ড্ৰাগছসহ এটা ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে ৷

মৰিগাঁও আৰক্ষীয়ে আটক কৰা ধৃত সৰবৰাহকাৰীটোৰ নাম হৈছে শ্বাহজাহান আলী ৷ ধৃত শ্বাহজাহান আলীৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ ভৰ্তি চাবোনৰ কন্টেইনাৰ ৷ জব্দকৃত চাবোনৰ কন্টেইনাৰ কেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 11 গ্ৰাম ড্ৰাগছ৷ প্ৰাপ্ত তথ্য অনুসৰি, ধৃত শ্বাহজাহান আলী পেচাত এজন গাড়ী চালক ।

বিৱৰণি অনুসৰি, দেশৰ 77 সংখ্যক স্বাধীনতা দিৱসৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ মৰিগাঁৱতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷ প্ৰতিদিনৰ দৰে দেওবাৰেও আৰক্ষীয়ে মৰিগাঁৱত চলাই আহিছিল তালাচী অভিযান ৷ এই অভিযানৰ সময়তে এক গোপন তথ্যৰ আলমত আৰক্ষীয়ে লাভ কৰে ড্ৰাগছ সৰবৰাহৰ এক খবৰ ৷ এই তথ্যৰ আলমতে মৰিগাঁও আৰক্ষীয়ে মৰিগাঁৱৰ মেইন পুলিচ পইন্টৰ পৰা আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে শ্বাহজাহান আলীক ৷

সংবাদ মাধ্যমৰ আগত ধৃত শ্বাসজাহান আলীয়ে উল্লেখ কৰা অনুসৰি, ড্ৰাগছখিনি তেওঁ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত খন্দাপুখুৰীৰ পৰা আনিছিল ৷ এই ড্ৰাগছখিনি মৰিগাঁও বাছনাঘাটত ৰৈ থকা এজনক দিবলৈ আনিছিল ৷ অৱশ্যে কোন ব্যক্তিক দিবলৈ আনিছিল সেই সন্দৰ্ভত তেওঁ জ্ঞাত নাছিল বুলি মন্তব্য কৰে ৷ আনকি জব্দকৃত ড্ৰাগছখিনি কিমান টকাৰ মূল্যৰ সেই সন্দৰ্ভতো তেওঁ জ্ঞাত নাছিল বুলি সদৰী কৰে ৷

জানিব পৰা মতে, ধৃত শ্বাহজাহান আলীৰ ঘৰ মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ ভিতৰুৱা খন্দাজান গাঁৱত । ইতিমধ্যে আৰক্ষীয়ে ধৃত শ্বাহজাহান আলীক আটক কৰি ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ ইফালে স্বাধীনতা দিৱসৰ প্ৰাক মূহুৰ্তত মৰিগাঁৱৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক : Seize marijuana in Agartala: ত্ৰিপুৰাত অসম ৰাইফলছে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.