ETV Bharat / state

মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ তৎপৰ জিলা প্ৰশাসন

author img

By

Published : Dec 16, 2020, 10:33 AM IST

17 ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ মৰিগাঁও জিলা প্ৰশাসনৰ ব্যস্ততা ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ 187 টা ভোটকেন্দ্ৰলৈ যোৱাৰ সুবিধাৰ্থে সাজু কৰা হৈছে 180 খন বাহন ৷

morigaon tiwa autonomous council election
মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ তৎপৰ জিলা প্ৰশাসন

মৰিগাঁও,16 ডিচেম্বৰ : তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত এটা দিন থকাৰ সময়তে মৰিগাঁও জিলাত সাজু কৰি ৰখা হৈছে 180 খন বিভিন্ন বাহন । তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে দূৰ-দূৰণিলৈ যোৱাৰ বাবে সাজু হৈছে সকলো ৷

morigaon tiwa autonomous council election
মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ তৎপৰ জিলা প্ৰশাসন

জিলা প্ৰশাসনৰ সমান্তৰালকৈ মৰিগাঁৱৰ জিলা পৰিবহন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ মাজত ব্যস্ততা পৰিলক্ষিত হৈছে ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ 187 টা ভোটকেন্দ্ৰলৈ যোৱাৰ সুবিধাৰ্থে সাজু কৰা হৈছে বাহনসমূহ । আনহাতে এইবাৰ চালকসকলক পাবলগীয়া ধন আগতীয়াকৈ প্ৰদান কৰিছে জিলা প্ৰশাসনে ।

লগতে পঢ়ক : 21 ডিচেম্বৰত অনুষ্ঠিত হ’ব বিজু ফুকন সোঁৱৰণী বঁটা 2020

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.