ETV Bharat / state

ৰাজ্যত থাকিব সংস্কৃতটোল আৰু মাদ্ৰাছা : দিপাংক নাথ

author img

By

Published : Oct 18, 2020, 6:23 PM IST

ৰাজ্যত থাকিব সংস্কৃতটোল; থাকিব মাদ্ৰাছা; সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক নাথৰ এই মন্তব্য মৰিগাঁৱত ৷

Morigaon AASUpressmeet
ৰাজ্যত থাকিব সংস্কৃতটোল; থাকিব মাদ্ৰাছা : দিপাংক নাথ

মৰিগাঁৱ 18 অক্টোবৰ : "আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ সৈতে সভাপতি দিপাংক নাথ আৰু সম্পাদক লুৰিন জ্যোতি গগৈৰ মাজত হোৱা নাই কোনো সংঘাত । শাৰীৰিক অসুস্থতাৰ বাবে ৰাজহুৱা স্থানত দেখা পোৱা নাই আছুৰ মুখ্য উপদেষ্টা গৰাকীক ৷" মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এই মন্তব্য় কৰে আছুৰ সভাপতি দিপাংক নাথে ৷ ৰাজ্য চৰকাৰে সংস্কৃত টোল আৰু মাদ্ৰাছা বন্ধ কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ তীব্ৰ বিৰোধিতা কৰি দীপাংক নাথে স্পষ্টভাৱে কয় যে ৰাজ্যত "সংস্কতটোলো থাকিব,মাদ্ৰাছা সমূহো থাকিব ৷" কেইদিন মানৰ পূৰ্বে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে দুজন আছুৰ কৰ্মীক লৈ কৰা সংশ্লিষ্ট গোসাঁই ব্ৰাহ্মণ সমাজৰ বিষয়ে কৰা মন্তব্যৰ প্ৰসংগত সাংবাদিকে সোধা এক প্ৰশ্ন উত্তৰত কয় যে ইতিমধ্যে আছুৰ বা সংশ্লিষ্ট দুই পক্ষৰ ফালৰ পৰা এই বিষয়ে মন্তব্য দাঙি ধৰিছে । গতিকে এই ক্ষেত্ৰত এতিয়া কোৱা উচিত নহয় বুলি মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক নাথে ।

লগতে পঢ়ক : ন কৈ সজোৱা হৈছে হাতীমূৰাৰ ইতিহাস বিজড়িত দুৰ্গা মন্দিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.