ETV Bharat / state

ন কৈ সজোৱা হৈছে হাতীমূৰাৰ ইতিহাস বিজড়িত দুৰ্গা মন্দিৰ

author img

By

Published : Oct 18, 2020, 5:29 PM IST

হাতীমূৰা দুৰ্গা মন্দিৰত দ্ৰুত গতিত চলিছে মেৰামতি আৰু নৱ-নিৰ্মাণৰ কাম ৷ সমাগত দুৰ্গাপূজাৰ বাবে সাজু মন্দিৰ পৰিচানা সমিতি ৷ চৰকাৰী নীতি-নিয়মেৰে পালিত হ'ব এইবাৰৰ দুৰ্গা পূজা ৷

Durga Puja
Durga Puja

কলিয়াবৰ, 18 অক্টোবৰ : প্ৰায় তিনি কোটি টকাৰ অভিলাষী আঁচনিৰে হাতীমূৰাৰ মহিষমৰ্দিনী দুৰ্গা মন্দিৰৰ সামগ্ৰিক উন্নয়নৰ আঁচনি গ্ৰহণ কৰাৰ পিছত দ্ৰুতগতিৰে আগবাঢ়িছে উন্নয়ন আৰু মেৰামতিৰ কাম । শালস্তম্ভ যুগৰ কলিয়াবৰৰ লুইতৰ পাৰৰ হাতীমূৰাৰ মহিষমৰ্দিনী দুৰ্গা মন্দিৰক ৰাজ‍্যৰ প্ৰত্নতত্ব আৰু স্থাপত‍্য বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত তথা বিভাগৰ তিনি কোটি টকীয়া অভিলাষী আঁচনিৰে পৰ্যটনৰ আকৰ্ষণীয় স্থল ৰূপে গঢ় দিয়াৰ প্ৰয়াস ।

Durga Puja
শিলত খোদিত দুৰ্গা মূৰ্তি

এই অধিনিয়মৰ যোগেদি কলিয়াবৰৰ ঐতিহাসিক হাতীমূৰা মহিষমৰ্দিনী দুৰ্গা মন্দিৰৰ মেৰামতি আৰু সৌন্দৰ্য‍বৰ্ধন বাবে প্ৰায় তিনি কোটি টকাৰ এক বিশেষ অভিলাষী আঁচনিৰ অন্তৰ্গত চৌহদৰ দেৱাল, ভোগঘৰ, পুৰোহিত আৱাস, শৌচাগাৰ, কাৰ্য‍ালয় গৃহ আৰু মঠৰ মেৰামতি, মন্দিৰলৈ নতুনকৈ খটখটি নিৰ্মাণ তথা মন্দিৰৰ চৌহদৰ সৌন্দৰ্য‍বৰ্ধন তথা সমীপতে লুইতৰ পাৰত ইতিমধ‍্যে স্থাপত‍্য উদ‍্যানখনৰ নিৰ্মাণ কাৰ্য‍ চলি আছে ।

১৭৪৫ চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই পুনৰ নিৰ্মাণ কৰা হাতীমূৰাৰ দুৰ্গা মন্দিৰতেই নিৰৱে-নিৰলে পালিত হৈ আহিছে দুৰ্গা পূজা । শালস্তম্ভ ৰজাৰ দিনত নিৰ্মিত শিলঘাটৰ কামাখ‍্যা মন্দিৰ পুনৰ নিৰ্মাণৰ বছৰতে ১৭৪৫ চনত স্বৰ্গদেউ প্ৰমত্তসিংহই হাতীমূৰা পাহাৰৰ থিয় শিলত দশভূজা দুৰ্গাৰ মন্দিৰ নিৰ্মাণ কৰি শাক্তধৰ্ম প্ৰচাৰত বৰঙণি যোগাইছিল । স্বৰ্গদেউ প্ৰমত্ত সিংহৰ নিৰ্দেশত গদাধৰ তৰুণ দুৱৰা বৰফুকনে শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ এই মঠ ১৬৬৭ শকত তৈয়াৰ কৰালে বুলি শিলালিপিত খোদিত আছে ।

হাতীমূৰাৰ ইতিহাস বিজড়িত দুৰ্গা মন্দিৰ

মন্দিৰৰ সৌধৰ মেৰামতিৰ কাম ডিব্ৰুগড়ৰ পৌৰাণিক কীৰ্তি-চিহ্ন, মঠ-মন্দিৰ-গৃহ নিৰ্মাণৰ এটা বিশেষ পাৰদৰ্শী দলৰ তত্বাৱধানত চলি আছে। মেৰামতিৰ কামত আহোম যুগীয়া 'কৰাল' বা 'চুৰুকী'ৰ আৰ্হিত তৈয়াৰী সামগ্ৰী ব‍্যৱহাৰ কৰিছে । যাতে, এনে ঐতিহাসিক নিৰ্মাণসমূহৰ বেছি দিনলৈ সুৰক্ষিত হৈ থাকে । প্ৰাকৃতিকভাৱে এই বিশেষ সামগ্ৰীবিধ প্ৰাকৃতিক উপাদানৰ পৰাই তৈয়াৰ কৰা হৈছে । য'ত ৰাসায়নিক পদাৰ্থৰ উপস্থিতি নাম মাত্ৰ ।
আনহাতে, সমাগত দুৰ্গা পূজা চৰকাৰী নীতি-নিয়ম সম্পূৰ্ণ ৰূপ পালন কৰি উদ‌যাপন কৰাৰ দিহা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে । পূৰ্বৰ দহদিনৰ পৰিৱৰ্তে ষষ্ঠীৰ পৰাহে পূজা পালন কৰিব এই মন্দিৰত ।
লগতে পঢ়ক : বৰাকত অসম গণ যুৱ পৰিষদৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.