Meri Mati Mera Desh: "মোৰ মাটি মোৰ দেশ" ঐক্য, দেশাত্মবোধ, মানুহ আৰু মাটিক ভালপোৱাৰ আদৰ্শৰ উৎকৃষ্ট নিদৰ্শন; পুলক বেনাৰ্জী
Published: Sep 19, 2023, 10:42 PM

Meri Mati Mera Desh: "মোৰ মাটি মোৰ দেশ" ঐক্য, দেশাত্মবোধ, মানুহ আৰু মাটিক ভালপোৱাৰ আদৰ্শৰ উৎকৃষ্ট নিদৰ্শন; পুলক বেনাৰ্জী
Published: Sep 19, 2023, 10:42 PM
সমগ্ৰ দেশজুৰি চলি থকা "মেৰী দেশ মেৰী মাটি" শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীৰ । মঙলবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত "মেৰী মাটি মেৰী দেশ" কাৰ্যসূচীত অংশ লৈ প্ৰথিতযশা শিল্পী তথা মৰিগাঁও জিলাৰ শান্তি আৰু সদ্ভাৱনাৰ দূত পুলক বেনাৰ্জীয়ে কয়- ঐক্য হ'ল দেশক সুদৃঢ় কৰাৰ এক শক্তিশালী বান্ধোন । ঐক্য আৰু শান্তি অবিহনে দেশ কেতিয়াও আগবাঢ়িব নোৱাৰে ৷"
মৰিগাঁও, ১৯ ছেপ্টেম্বৰ: ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে মৰিগাঁৱতো মঙলবাৰে "মেৰী মাটি মেৰা দেশ" অভিযানৰ অংশৰূপে এটি সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হয় । এই উপলক্ষে মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত জিলা পৰ্যায়ৰ সভাত অংশ লৈ প্ৰথিতযশা শিল্পী তথা মৰিগাঁও জিলাৰ শান্তি আৰু সদ্ভাৱনাৰ দূত পুলক বেনাৰ্জীয়ে কয় যে ঐক্য হ'ল দেশক সুদৃঢ় কৰাৰ এক শক্তিশালী বান্ধোন । ঐক্য আৰু শান্তি অবিহনে দেশ কেতিয়াও আগবাঢ়িব নোৱাৰে ।
তেওঁ লগতে কয় যে "মেৰী মাটি মেৰা দেশ" কাৰ্যসূচীয়ে ভাৰতৰ একক বৈশিষ্ট্য বৈচিত্ৰ্যৰ মাজত ঐক্যৰ বান্ধোনক অধিক শক্তিশালী কৰিব । "মেৰী মাটি মেৰা দেশ" ঐক্য আৰু ভাতৃত্ববোধ, দেশাত্মবোধ, মানুহক ভালপোৱা আৰু মাটিক ভালপোৱাৰ আদৰ্শৰ এক উৎকৃষ্ট নিদৰ্শন । তেওঁ সকলোকে এই কাৰ্যসূচীত সদলবলে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় । মৰিগাঁও জিলাখনত চৰকাৰী কাৰ্যসূচীসমূহত জনসাধাৰণৰ অংশগ্ৰহণ সুনিশ্চিত কৰি জন ভাগিদাৰীৰে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই লোৱা উদ্যোগৰো তেওঁ শলাগ লয় ।
অনুষ্ঠানত অংশলৈ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে দেশক স্বাধীন কৰিবলৈ প্ৰাণ আহুতি দিয়া বীৰ-বীৰাংগনা আৰু স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে । তেওঁ কয় যে দেশৰ ইতিহাসত যাতে তেওঁলোকৰ নাম স্বৰ্ণিল আখৰেৰে লিপিবদ্ধ হৈ ৰয় তাৰবাবে স্বাধীনতা অনা লোকসকলক চিৰস্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । তেওঁ পঞ্চ সংকল্প গ্ৰহণেৰে বুধবাৰৰ পৰা "অমৃত কলহ যাত্ৰা" কাৰ্যসূচীত স্বতঃস্ফুৰ্তভাৱে অংশগ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনায় ।
অনুষ্ঠানত দিয়া ভাষণত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে কয় যে যোৱা কিছুদিন ধৰি আমি নিজকে প্ৰকৃত ভাৰতীয় আৰু প্ৰকৃত নাগৰিক হিচাপে উপলব্ধি কৰি আমাৰ ভূমিৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তিক আন্তৰিকতাৰে প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিছোঁ । স্বাধীনতাৰ অমৃত কালত বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে আমি আমাৰ দেশপ্ৰেমক তীব্ৰভাৱে অনুধাৱন কৰিব পাৰিছোঁ বুলি তেওঁ কয় ।
অনুষ্ঠানত আদৰণি ভাষণ দি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই মৰিগাঁও জিলাবাসী ৰাইজক স্বাধীনতাৰ অমৃত মহোৎসৱৰ সকলো কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰাৰ ক্ষেত্ৰত ৰাইজে আগবঢ়োৱা সহযোগিতাৰ শলাগ লয় । তেওঁ বুধবাৰৰ পৰা আৰম্ভ হ'বলগীয়া অমৃত কলহ যাত্ৰা সফল কৰি তোলাৰ বাবে সকলোকে স্বেচ্ছাই এই কাৰ্যসূচীত ভাগ ল'বলৈ আহ্বান জনায় । মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকাই অনুষ্ঠানত অংশ লৈ কয় যে "মেৰী মাটি মেৰা দেশ" তৃণমূল পৰ্যায়লৈকে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত দেশাত্মবোধ যোগাই তোলাৰ এক কাৰ্যসূচী ।
অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত ডঃ সংগীতা বৰঠাকুৰে "মেৰী মাটি মেৰা দেশ" অভিযানৰ সমূহ কাৰ্যসূচী সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় । এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই "মেৰী মাটি মেৰা দেশ" অভিযান সন্দৰ্ভত ৰাজ্যবাসীক উদ্দেশ্যি দিয়া ভাষণ উপস্থিত ৰাইজৰ বাবে পৰিৱেশন কৰা হয় । ৰাইজৰ অনুৰোধ ৰক্ষা কৰি গণ শিল্পী পুলক বেনাৰ্জীয়ে অনুষ্ঠানত কেইবাটাও গীত পৰিৱেশন কৰে । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি জিলা প্ৰশাসনৰ সৌজন্যত এখন দেশপ্ৰেমমূলক সংগীতালেখ্যও প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানত তিৱা চহৰী ৰজা সুৰেন্দ্ৰ নাথ কোঁৱৰে "মেৰী মাটি মেৰা দেশ" কাৰ্যসূচীৰ অংশ হিচাপে সকলোকে পঞ্চ পণৰ সংকল্প পাঠ কৰোৱায় ।
কাৰ্যসূচীত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ সদস্যসকল, তিৱা সাতোৰজা আৰু পাঁচোৰজাৰ প্ৰতিনিধি আৰু ভালেসংখ্যক ৰাইজ উপস্থিত আছিল ।
উল্লেখযোগ্য যে ২০ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰৰ লৈকে প্রতিখন গাঁও অথবা চহৰত নিৰ্বাচিত আত্মসহায়ক গোটৰ দ্বাৰা ঘৰে-ঘৰে মাটি বা চাউল সংগ্ৰহ কৰা হ'ব । ২ অক্টোবৰত শোভাযাত্ৰা কৰি মাটিৰ কলহসমূহ পঞ্চায়ত কাৰ্যালয় অথবা পৌৰ কাৰ্যালয়লৈ অনা হ'ব । ৮ অক্টোবৰ আৰু ১৫ অক্টোবৰত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় বা পৌৰ নিকায়ৰ কাৰ্যালয়লৈ কলহসমূহ অনা হ'ব । ২৫ অক্টোবৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ কলহসমূহ নিয়া হ’ব । প্ৰতিটো ব্লকৰ পৰা এজন যুৱক বা যুৱতী এই কলহ লৈ ২৭ অক্টোবৰত দিল্লীলৈ ৰাওনা হ’ব । এই মাটি দিল্লীত অমৃত উদ্যান নিৰ্মাণত ব্যৱহাৰ হ'ব ।
