ETV Bharat / state

MCH inauguration in Morigaon : মৰিগাঁৱত মুকলি অত্যাধুনিক প্ৰসূতি মাতৃ আৰু শিশু চিকিৎসা কেন্দ্ৰ

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 5:37 PM IST

শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত অত্যাধুনিক প্ৰসূতি মাতৃ আৰু শিশু চিকিৎসা কেন্দ্ৰ মুকলি । প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে কেন্দ্ৰটো । অনুষ্ঠানত লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী বাছনিক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা পীযুষ হাজৰীকাৰ ।

MCH inauguration in Morigaon
মৰিগাঁৱত মুকলি অত্যাধুনিক প্ৰসূতি মাতৃ আৰু শিশু চিকিৎসা কেন্দ্ৰ

মৰিগাঁৱত মুকলি অত্যাধুনিক প্ৰসূতি মাতৃ আৰু শিশু চিকিৎসা কেন্দ্ৰ

মৰিগাঁও,১৬ অক্টোবৰ : মৰিগাঁও জিলাবাসীৰ বাবে সুখবৰ । অৱশেষত মুকলি হ'ল বহু প্ৰত্যাশিত অত্যাধুনিক প্ৰসূতি মাতৃ আৰু শিশু চিকিৎসা বিভাগ । শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা হৈছে অত্যাধুনিক প্ৰসূতি মাতৃ আৰু শিশু চিকিৎসা বিভাগটো । ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ তথা মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আনুষ্ঠানিকভাৱে মুকলি কৰে এই । ১০০ খন বিচনাযুক্ত এই বিভাগৰ লগতে ১৯ খন বিচনাযুক্ত এটা আইচিইউ কক্ষও মুকলি কৰা হয় ।

গৃহ জিলাৰ চিকিৎসালয়খনত এই বিশেষ বিভাগ অন্তৰ্ভুক্ত কৰাৰ বাবে মন্ত্ৰী পীযুষ হাজৰীকাই অসমৰ মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে । ইফালে ঠিকাদাৰৰ ভুলৰ বাবে এই কেন্দ্ৰটো মুকলি কৰাত পলম হোৱা বুলিও তেওঁ উল্লেখ কৰে । একাংশ নতুন চিকিৎসকে গ্ৰামাঞ্চলত কাম কৰিব নিবিচাৰে বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে ।

সংবাদমাধ্যমৰ সন্মুখত মন্ত্ৰী পীযুষ হাজৰীকাই বিৰোধী মিত্ৰজোঁট INDIAৰ সহযোগী ৰাজনৈতিক দলসমূহৰ লোকসভাৰ আসন ভাগ বতৰা কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁৰ মতে এই মিত্ৰজোঁট নিৰ্বাচনলৈ নাথাকে বুলি তেওঁ আগতেই অনুমান কৰিছিল । ইফালে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী বাছনিক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনাও কৰে পীযুষ হাজৰীকাই ।

আনহাতে অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তইও মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ শলাগ লয় । অনুষ্ঠানত উপস্থিত থাকি মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ভাষণ প্ৰসংগত চিকিৎসালয়খন চাফ-চিকুণ কৈ ৰখাৰ বাবে জিলাবাসীক আহবান জনায় । অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ফণী পাঠক, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, জিলা আয়ুক্ত দেবাশীষ শৰ্মা, অধীক্ষক হেমন্ত কুমাৰ দাস, পৌৰপতি যোগেশ তামুলী, অতিৰিক্ত আয়ুক্ত দ্যোতিভা বৰা, অধীক্ষক ডাঃ অৰুণ কুমাৰ নাথৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :AAMSU Protest in Lakhimpur: উন্নয়নৰ নামত ধৰ্মৰ ৰাজনীতি নকৰিব: আমছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.