ETV Bharat / state

ক'ৰণাসৃষ্ট পৰিৱেশৰ মাজতে বিনামূলীয়া পাঠদান আৰু সমৰ কলা প্ৰশিক্ষণ

author img

By

Published : Sep 17, 2020, 5:33 PM IST

ক'ৰণা অতিমাৰীৰ মাজতে বিনামূলীয়া পাঠদান আৰু সমৰ কলা প্ৰশিক্ষণ
ক'ৰণা অতিমাৰীৰ মাজতে বিনামূলীয়া পাঠদান আৰু সমৰ কলা প্ৰশিক্ষণ

ক'ৰণা অতিমাৰীৰ মাজতে ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠদান আৰু সমৰ কলা প্ৰশিক্ষণৰ ব্যৱস্থা মৰিগাঁৱৰ এজন যুৱকৰ ৷ মৰিগাঁও জিলাৰ জৰাবাৰীৰ নিজ গৃহত দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে পাঠদান আৰু বিশেষকৈ ছাত্ৰীসকলক সমৰকলাৰ প্ৰশিক্ষণ প্ৰদান যুৱকজনৰ ৷

মৰিগাওঁ, 17 চেপ্তেম্বৰ: ক'ৰণাসৃষ্ট পৰিৱেশৰ বাবে সমগ্ৰ ৰাজ্যজুৰি শিক্ষানুষ্ঠানসমূহ বন্ধ থকাৰ সময়তে ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠদানৰ লগতে সমৰ কলাৰ প্ৰশিক্ষণ দি এক ৰাইজৰ প্ৰশংসা বুটলিছে মৰিগাঁৱৰ এজন যুৱকে ৷ ক'ভিড-19ৰ ফলত সৃষ্টি হোৱা পৰিৱেশৰ বাবে বিদ্যালয়সমূহ বন্ধ থকাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁৱৰ পিংকু মহন্ত নামৰ যুৱকজনে নিজ গৃহতে ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ পাঠদান দিয়া আৰম্ভ কৰিছে ৷

ক'ৰণাসৃষ্ট পৰিৱেশৰ মাজতে বিনামূলীয়া পাঠদান আৰু সমৰ কলা প্ৰশিক্ষণ

যুৱকজনৰ এই কাৰ্যত এতিয়া সুখী বিদ্যালয়লৈ যাব নোৱাৰা শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকল ৷ উল্লেখ্য যে ক'ৰণা অতিমাৰীৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে শিক্ষানুষ্ঠান সমূহ দীৰ্ঘকাল ধৰি বন্ধ হৈ থকাত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলেও তেওঁলোকৰ ভৱিষ্যতক লৈ একপ্ৰকাৰ হতাশাত ভোগা পৰিলক্ষিত হৈছিল ৷ এনে সময়তে মৰিগাঁও জিলাৰ জৰাবাৰীৰ নিজ গৃহত যুৱকজনে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক বিনামূলীয়াকৈ পাঠদান কৰি অহাৰ উপৰিও বিভিন্ন সময়ত বিশেষকৈ যুৱতীসকল নিৰাপত্তাহীনতাত ভোগা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি সমৰকলাৰ শিক্ষা প্ৰদান কৰা কাৰ্যৰ স্বাভৱিকতেই সকলোৱে শলাগ লৈছে ৷

লগতে পঢ়ক: মৃত্যুৰ পূৰ্ৱে নিজৰ সকলো অংগ বিক্ৰি কৰিব বিচাৰিছে অসহায় যুৱকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.