ETV Bharat / state

ভগ্নীক অন্তঃসত্ত্বা কৰাৰ গোচৰত ভাতৃক ২০ বছৰৰ কাৰাদণ্ড ঘোষণা

author img

By

Published : Feb 22, 2022, 10:24 PM IST

Updated : Feb 23, 2022, 7:45 PM IST

মৰিগাঁও অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায় (Historic verdict of Morigaon Additional Sessions Judge Court)। ন্যায় পালে দুৰ্ভগীয়া ভগ্নীয়ে । ভাতৃৰ কামনাৰ বলি হৈ অন্তঃসত্ত্বা হৈছিল ভগ্নী । আদালতে ২০ বছৰ সশ্ৰম কাৰাদণ্ড ঘোষণা কৰিলে অভিযুক্ত ভাতৃৰ বিৰুদ্ধে ।

Marigaon
লম্পট ভাতৃয়ে অন্তঃসত্ত্বা কৰিলে ভগ্নীক

মৰিগাঁও,২২ ফেব্ৰুৱাৰী : মৰিগাঁৱত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক ঘটনা । নিজ ভাতৃৰ যৌন নিৰ্যাতনৰ বলি হ'ল ভগ্নী । আনকি অন্তঃসত্ত্বাও হয় যুৱতীগৰাকী । সোমবাৰে মৰিগাঁও অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে এই গোচৰ সম্পৰ্কত এক ঐতিহাসিক ৰায় প্ৰদান কৰে (Historic verdict of Morigaon Additional Sessions Judge Court)।

ৰোপন দেউৰী নামৰ অভিযুক্তজনৰ বিৰুদ্ধে আদালতে ২০ বছৰ সশ্ৰম কাৰাদণ্ড ঘোষণা কৰে । অভিযোগ অনুসৰি পত্নী থকাৰ পাছতো ৰোপন দেউৰীয়ে নিজৰ ভনীয়েকৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল । ফলস্বৰূপে অন্তঃসত্ত্বা হৈছিল ভনীয়েক । এই সন্দৰ্ভত চৰকাৰী অধিবক্তা অজিত কুমাৰ বিষয়াই সংবাদ মাধ্যমৰ আগত সমগ্ৰ গোচৰটো সম্পৰ্কে অৱগত কৰে ।

লম্পট ভাতৃয়ে অন্তঃসত্ত্বা কৰিলে ভগ্নীক

২০১৯ চনত মৰিগাঁও জিলাৰ জাগীৰোডত সংঘটিত হৈছিল এক জঘন্য ঘটনা । এই ঘটনা সম্পৰ্কে ভনীয়েকে নিজৰ বায়েকক অৱগত কৰিছিল আৰু এই খৱৰটো গাঁৱত বিয়পি পৰাত জাগীৰোড থানাত এজন লোকে এজাহাৰ দাখিল কৰিছিল । দীৰ্ঘদিন ধৰি এই গোচৰ আদালতৰ মজিয়াত বিচৰাধীন হৈ আছিল আৰু অৱশেষত মৰিগাঁও জিলা সত্ৰ ন্যায়াধীশ আৰু বিশেষ ন্যায়াধীশ অনিল কুমাৰ বাচফৰৰ আদালতে প'ক্স' (POCSO) আইনৰ অধীনত প্ৰদান কৰিলে এই ঐতিহাসিক ৰায় ।

লগতে পঢ়ক :গুৱাহাটীৰ বশিষ্ঠত প্ৰেমিকে গুলীচালনা কৰি আহত কৰিলে প্ৰেমিকাৰ ককায়েকক

Last Updated : Feb 23, 2022, 7:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.