ETV Bharat / state

Health Minister Keshab Mahanta: মোৱামাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

author img

By

Published : Aug 1, 2023, 10:39 PM IST

Health Minister Keshab Mahanta
মোৱামাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

মৰিগাঁৱৰ উত্তৰাঞ্চলৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই শেহতীয়াকৈ ধাৰণ কৰিছে ভয়ংকৰ ৰূপ । বিগত সপ্তাহত প্ৰায় ছয়-সাত কিলোমিটাৰ জোৰা এলেকাত উছন হৈছে বহু ৰাজহুৱা অনুষ্ঠান, বাটপথ, ঘাট-বজাৰ আদি । মঙলবাৰে সন্ধিয়া ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা মৰিগাঁৱৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰে খহনীয়াগ্ৰস্ত অঞ্চল ।

মোৱামাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

মৰিগাঁও, ১ আগষ্ট: মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মঙলবাৰে লাহৰীঘাট ৰাজহচক্ৰৰ অৰ্ন্তগত মোৱামাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে । মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জলসম্পদ বিভাগৰ মৰিগাঁও সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা লোচন চৌধুৰীৰ সৈতে মোৱামাৰীৰ ভজাইখাটি গাঁৱত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ খহনীয়া সৃষ্ট পৰিস্থিতিৰ চাক্ষুষ বুজ লয় ৷

Health Minister Keshab Mahanta
মোৱামাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া মোৱামাৰী অঞ্চলৰ প্ৰায় ছয় কিলোমিটাৰ দৈৰ্ঘৰ অংশত বিগত কিছুদিন ধৰি ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াই ভাবুকিৰ সৃষ্টি কৰি আহিছে । ফলত নৈপৰীয়া ৰাইজৰ মাজত বিৰাজ কৰিছে আতংকই । বিশেষকৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ অঞ্চলটোৰ অৱশিষ্ট সামাজিক তথা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানসমূহ গৰাখহনীয়াত চিৰকাললৈ উছন হোৱাত ভাবুকি আহিছে দাঁতিকাৰীয়া বসতি প্ৰধান গাঁৱলৈ ।

Health Minister Keshab Mahanta
মোৱামাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

অভিভাৱক মন্ত্ৰী মহন্তই স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰি খহনীয়াৰ ভাবুকি সম্পৰ্কে সবিশেষ বুজ লয় । মন্ত্ৰীগৰাকীয়ে এলেকাটোত জলসম্পদ বিভাগৰ ফালৰ পৰা গৰাখহনীয়া প্ৰতিৰোধৰ বাবে লোৱা কাৰ্যব্যৱস্থাও পৰ্যবেক্ষণ কৰাৰ লগতে উপায়ুক্ত আৰু জলসম্পদ বিভাগৰ বিষয়া-অভিযন্তাৰ সৈতে এই বিষয়ে আলোচনা কৰে ।

Health Minister Keshab Mahanta
মোৱামাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাই পৰিদৰ্শকালত মন্ত্ৰীগৰাকীক অৱগত কৰা মতে এই অঞ্চলটোত খহনীয়া আক্ৰান্ত প্ৰায় ৪.৫ কিলোমিটাৰ অংশত ইতিমধ্যে জিঅ’ বেগ সংস্থাপনৰ দ্বাৰা খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ সুফলো লাভ কৰা বুলি জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাই জানিবলৈ দিয়ে ।

Health Minister Keshab Mahanta
মোৱামাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

আনহাতে, অৱশিষ্ট ১.৫ কিলোমিটাৰ দৈৰ্ঘৰ অংশতো খহনীয়া প্ৰতিৰোধৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণৰ বাবে জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে উপায়ুক্ত আৰু জলসম্পদ বিভাগক দিহা দিয়ে । এই অৱশিষ্ট অংশতো খহনীয়া প্ৰতিৰোধ কাৰ্য সম্পূৰ্ণ হৈ উঠিলেই বৃহত্তৰ মোৱামাৰী অঞ্চলত গৰাখহনীয়া ৰোধ কৰিব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক: Brahmaputra Erosion: মাজুলীৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ উপাধ্যক্ষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.