ETV Bharat / state

মৰিগাঁৱত শোকৰ বন্যা: ভূমিস্খলনত মৃত্যু হোৱা চাৰি যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

author img

By

Published : Jul 3, 2022, 6:55 PM IST

Four labour of Morigaon killed in landslide in Manipur
মৰিগাঁৱত শোকৰ বন্যা

স্ব-ভূমিত উপস্থিত হ’ল মণিপুৰত ভয়ংকৰ ভূমিস্খলনত মৃত্যু হোৱা মৰিগাঁৱৰ চাৰি যুৱকৰ মৃতদেহ (Four labour of Morigaon killed in landslide in Manipur)৷ গাঁওবাসীৰ লগতে মৰিগাঁও জিলাৰ উপাযুক্ত আৰু আৰক্ষী অধীক্ষকে মৰিগাঁও চহৰৰ মাজ-মজিয়াত মৃত চাৰি যুৱকৰ আত্মাৰ সদগতিৰ হকে ফুলৰ মালাৰে অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনায় ৷

মৰিগাঁও, 3 জুলাই : ইতিমধ্যে মৰিগাঁৱত উপস্থিত হ’ল মণিপুৰ ভয়ংকৰ ভূমিস্খলনত মৃত্যু হোৱা মৰিগাঁৱৰ চাৰি যুৱকৰ মৃতদেহ (Four labour of Morigaon killed in landslide in Manipur)৷ মৃত চাৰি যুৱকৰ নশ্বৰদেহ নিজগৃহত আহি পোৱাৰ পিছতেই সমগ্ৰ গাঁৱত সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ ৷ চাৰি দুৰ্ভগীয়া যুৱকৰ মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰা হৈছে ৰাজহুৱা শ্মশানত ।

মৰিগাঁৱৰ মৃত চাৰি যুৱক কেইজন হৈছে গোপাল ফুকন, দিপাংকৰ বৰদলৈ, হৰমোহন ডেকা আৰু পল্লৱ লৰম । সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পূৰ্বেই পৰিয়াল আৰু আত্মীয় স্বজনে শেষ শ্ৰদ্ধা জনাই মৃত চাৰি যুৱকক ৷ গাঁওবাসীৰ লগতে মৰিগাঁৱৰ জিলা উপাযুক্ত আৰু আৰক্ষী অধীক্ষকেও শেষ শ্ৰদ্ধা জ্ঞাপন কৰে মৃত চাৰি যুৱকক ৷

ভূমিস্খলনত মৃত্যু হোৱা চাৰি যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

উল্লেখ্য যে, বুধবাৰে সন্ধিয়া মণিপুৰত সংঘটিত হৈছিল ভয়ানক ভূমিস্খলনৰ ঘটনা (Tragic landslide in Manipur) ।

উক্ত ভূমিস্খলনত মণিপুৰৰ নোনি জিলাৰ টোপোল ৰে'ল ষ্টেচনৰ সমীপত থকা এটা ভাৰতীয় সেনাৰ শিবিৰ সম্পূৰ্ণভাৱে ধ্বংস হৈছিল (Army camp destroyed in landslide in Manipur) । আনহাতে, মণিপুৰত সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত সন্ধানহীন হৈ পৰিছিল কেইবাজনো সেনা জোৱানৰ লগতে বহু শ্ৰমিক আৰু স্থানীয় লোক ৷

লগতে পঢ়ক : Manipur landslide: মণিপুৰত উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.