ETV Bharat / state

মৰিগাঁৱৰ নগাঁও কাগজ কলত দুৰ্বৃত্তৰ অগ্নিসংযোগ

author img

By

Published : Apr 14, 2020, 8:57 PM IST

জাগীৰোডৰ নগাঁও কাগজ কলত সংঘটিত এক অগ্নিকাণ্ড ৷ ব’হাগৰ পহিলা দিনটোতে জ্বলি ছাই হয় কাগজ কলটোৰ কোটিটকীয়া কুলিং টাৱাৰ ।

Fire at nagaon paper mill
নগাঁও কাগজ কলত দুৰ্বৃত্তৰ অগ্নিসংযোগ

মৰিগাঁও,14 এপ্ৰিলঃ জাগীৰোডৰ নগাঁও কাগজ কলত মঙলবাৰে সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা ৷ ব’হাগৰ পহিলা দিনটোত জ্বলি ছাই হয় নগাঁও কাগজ কলৰ কোটিটকীয়া কুলিং টাৱাৰ ৷ নিমিষতে দাউ-দাউকৈ জ্বলি উঠে টাৱাৰটো ৷ ততালিকে মৰিগাঁও, ৰহা আৰু সোণাপুৰৰ পৰা অহা তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুইৰ সম্প্ৰসাৰণ ৰোধ কৰিবলৈ সক্ষম হয় ৷

নগাঁও কাগজ কলত দুৰ্বৃত্তৰ অগ্নিসংযোগ

ঘটনাস্থলীত মৰিগাঁওৰ জিলা উপায়ুক্ত ঋতুৰাজ বৰা আৰু আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ অগ্নিকাণ্ডত প্ৰায় ২০ কোটি টকাৰ সামগ্ৰীৰ ক্ষয়-ক্ষতি হোৱা বুলি ধাৰণা কৰা হৈছে ৷ উল্লেখ্য যে, এই কুলিং টাৱাৰটোৰ সমীপতে আছিল তেলৰ এটা টেংকি ৷ সৌভাগ্যক্ৰমে টেংকিতো জুইৰ কৱলৰ পৰা ৰক্ষা পৰে ৷ স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি, কোনো দুস্কৃতিকাৰীয়ে বন্ধ হৈ থকা কলটোৰ সামগ্ৰী চুৰি কৰিবলৈ আহি পৰিকল্পিতভাৱে অগ্নি সংযোগ কৰে । উক্ত জুই স্থানীয় ৰাইজৰ সহযোগত নিৰ্বাপিত কৰা হৈছিল যদিও দুৰ্বৃত্তই দ্বিতীয়বাৰৰ বাবে কুলিং টাৱাৰটোত জুই লগাই দিয়ে ৷

লগতে চাওকঃ লক্ ডাউনত বিপৰ্যস্ত 20 গৰাকী ফুল ব্যৱসায়ীৰ জীৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.