ETV Bharat / state

Drug peddler gets 10 years jail: ড্ৰাগছ সৰবৰাহকাৰীক দহ বছৰৰ সশ্ৰম কাৰাদণ্ড, এক লাখ টকাৰ জৰিমনা

author img

By

Published : Jun 29, 2023, 8:22 AM IST

মৰিগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে এটা ড্ৰাগছ সৰবৰাহকাৰীক দহ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু এক লাখ টকাৰ জৰিমনা বিহিছে ৷ জাগীৰোড আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰী আব্দুছ ছামাদক দোষী সাব্যস্ত কৰি দহবছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে এক লাখ টকা জৰিমনা বিহে আদালতে ৷

Drug Peddler Awarded 10 Years In Jail 1 Lakh Fine
মৰিগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ৰায়দান

দহ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু এক লাখ টকাৰ জৰিমনা ড্ৰাগছ সৰবৰাহকাৰীক

মৰিগাঁও, 29 জুন: বুধবাৰে মৰিগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে এটা ড্ৰাগছ সৰবৰাহকাৰীক দহ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু এক লাখ টকাৰ জৰিমনা বিহিছে ৷ মৰিগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে 28 জুন তাৰিখে জাগীৰোড আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰী আব্দুছ ছামাদক দোষী সাব্যস্ত কৰি দহবছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে এক লাখ টকা জৰিমনা বিহে ৷

মৰিগাঁও জিলাৰ জাগীৰোড আৰক্ষী থানাৰ 110/2022 নং গোচৰত অভিযুক্ত আব্দুছ ছামাদৰ ওপৰত বিগত 20 জুলাই 2022 ৰ পৰা মৰিগাঁও জিলা সত্ৰ ন্যায়াধীশ তথা বিশেষ আদালতত গোচৰ চলি আছিল ৷ জাগীৰোড আৰক্ষী থানাত 39/22 ভাৰতীয় দণ্ডবিধি আইনৰ NDPS Act ৰ 21(C)ৰ অধীনত মৰিগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ বিশেষ আদালতে বুধবাৰে দোষী সাব্যস্ত কৰা আব্দুছ ছামাদ মণিপুৰৰ বিষ্ণুপুৰ জিলা কোৱাটা গাঁৱৰ মোঃ চাহাবুদ্দিনৰ পুত্ৰ ৷

লগতে পঢ়ক: Orders Transfer of Lat Mandal: মৰিগাঁৱত 81 জনকৈ লাটমণ্ডল, কাননগোক বদলিৰ নিৰ্দেশ

আব্দুছ ছামাদে বিগত বছৰৰ 1 ফেব্ৰুৱাৰীত এখন গ্লেমাৰ মটৰ চাইকেলত নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে নিষিদ্ধ হেৰ’ইন সৰবৰাহ কৰাৰ খবৰ লাভ কৰিছিল মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে ৷ সেই খবৰৰ ভিত্তিতেই জাগীৰোড আৰক্ষী থানাৰ নেতৃত্বত ৰাষ্ট্ৰীয় ঘাইপথত নাকা তালাচী বহুৱাই ধৃত ছাদ্দামৰ পৰা 573 গ্ৰাম হেৰ’ইন 40 টা চাবোনৰ বাকচত ভৰাই কঢ়িয়াই অনা অৱস্থাত আৰক্ষীৰ জালত পৰিছিল ৷ মৰিগাঁও আদালত চৌহদত অধিবক্তা গৰাকীয়ে সদৰী কৰা অনুসৰি প্ৰায় 11 মাহৰ অন্তত আদালতে বুধবাৰে 10 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে এক লাখ টকা জৰিমনা বিহে অভিযুক্ত ড্ৰাগছ সৰবৰাহকাৰী আব্দুছ ছামাদক ৷

উল্লেখ্য যে যদিহে ড্ৰাগছ সৰবৰাহকাৰী আব্দুছ ছামাদে জৰিমনাৰ এই ধনৰাশি দিব নোৱাৰে তেন্তে অতিৰিক্ত এবছৰ সশ্ৰম কাৰাদণ্ড বিহাৰ নিৰ্দেশ প্ৰদান কৰে মৰিগাঁও জিলা সত্ৰ ন্যায়াধীশ তথা বিশেষ আদালতে ৷

লগতে পঢ়ক : Task Force operation to rescue street people:মহানগৰীৰ পদপথৰ লোকক উদ্ধাৰৰ বাবে টাস্ক ফ’ৰ্চৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.