ETV Bharat / state

হোমেন বৰগোহাঞিক সুঁৱৰি মৰিগাঁৱত স্মৃতিচাৰণ সভা

author img

By

Published : May 13, 2021, 9:33 PM IST

মৰিগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ভৱেন চন্দ্ৰ নাথে আঁত ধৰা স্মৃতিচাৰণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ আৰম্ভণিতে বৰগোহাঞিৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি তথা কৰুণাধাৰা সহায়ক সমিতি মৰিগাঁৱৰ সভাপতি অশোক ডেকাই । দুয়োটা অনুষ্ঠানে সংগঠন দুটাৰ পতাকা তিনিদিনলৈ অৰ্ধনৰ্মিত কৰি ৰখাৰ সিদ্ধান্ত লয় ।

মৰিগাঁও জিলা কবি সন্মিলন আৰু কৰুণাধাৰা সহায়ক সমিতিৰ স্মৃতিচাৰণ সভা
মৰিগাঁও জিলা কবি সন্মিলন আৰু কৰুণাধাৰা সহায়ক সমিতিৰ স্মৃতিচাৰণ সভা

মৰিগাঁও,১৩ মে': মৰিগাঁও জিলা কবি সন্মিলন আৰু কৰুণাধাৰা সহায়ক সমিতিৰ সৌজন্যত বৃহস্পতিবাৰে মৰিগাঁৱত প্ৰথিতযশা সাহিত্যিক, কথাশিল্পী মহীৰূহ হোমেন বৰগোহাঞিৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । মৰিগাঁও জিলা কবি সন্মিলন আৰু কৰুণাধাৰা সহায়ক সমিতিয়ে পতাকা অৰ্ধনমিত কৰি প্ৰয়াত হোমেন বৰগোহাঞিক শ্ৰদ্ধাজ্ঞলি জনায় ৷

মৰিগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ভৱেন চন্দ্ৰ নাথে আঁত ধৰা স্মৃতিচাৰণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ আৰম্ভণিতে বৰগোহাঞিৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি তথা কৰুণাধাৰা সহায়ক সমিতি মৰিগাঁৱৰ সভাপতি অশোক ডেকাই । ইয়াৰ পাছতেই কৰুণাধাৰা সহায়ক সমিতিৰ মৰিগাঁৱৰ সম্পাদক মিলেশ্বৰ পাটৰে পুষ্পাঞ্জলি অৰ্পণ কৰে ।

মৰিগাঁও জিলা কবি সন্মিলন আৰু কৰুণাধাৰা সহায়ক সমিতিৰ স্মৃতিচাৰণ সভা
মৰিগাঁও জিলা কবি সন্মিলন আৰু কৰুণাধাৰা সহায়ক সমিতিৰ স্মৃতিচাৰণ সভা

সভাত মহীৰূহ গৰাকীৰ বিৰল প্ৰতিভা, পাণ্ডিত্য আৰু জীৱনাদৰ্শৰ ওপৰত বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাটৰ, সাংবাদিক বিৰিঞ্চি কুমাৰ শৰ্মা, লেখিকা অনিতা হাজৰিকা, কৰুণাধৰা সহায়ক সমিতি মৰিগাঁৱৰ কাৰ্যকৰী সভাপতি ডাঃ ধীৰেন নাথ, মৰিগাঁও জিলা কবি সন্মিলনৰ উপ-সভাপতি আবুল হাছেম আল আমান প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে আলোকপাত কৰে ।

অনুষ্ঠানত মহান প্ৰতিভাৰ আকৰ কথাশিল্পী গৰাকীৰ আত্মাৰ সদগতিৰ অৰ্থে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় । অনুষ্ঠানত কবি ৰতন ৰাগ, বীণাপাণি ডেকা, শুভংকৰ ডেকা আৰু মৰিগাঁও সদৰ শাখা কবি সন্মিলনৰ প্ৰচাৰ সম্পাদক দীপাংকৰ নাথে অংশ লয় । দুয়োটা অনুষ্ঠানে সংগঠন দুটাৰ পতাকা তিনিদিনলৈ অৰ্ধনমিত কৰি ৰখাৰ সিদ্ধান্ত লয় ।

লগতে পঢ়ক : ক্ৰমাৎ এলাগী হৈ পৰিছে যোগাযোগৰ অন্যতম মাধ্যম ডাকঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.