ETV Bharat / state

cancer awareness program:মৰিগাঁৱত কৰ্কট ৰোগৰ সজাগতা সভা

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 10:17 PM IST

মৰিগাঁৱত কৰ্কট ৰোগৰ সজাগতা সভা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন । ৰাজ্যখনত ধঁপাত জাতীয় সামগ্ৰীৰ অধিক সেৱনৰ ফলত মৰিগাঁৱত মুখগহ্বৰ আৰু খাদ্যনলীৰ কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি: জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ৷

Cancer Awareness program in Morigaon
কৰ্কট ৰোগৰ সজাগতা সভা

কৰ্কট ৰোগৰ সজাগতা সভা

মৰিগাঁও, 23 ছেপ্টেম্বৰ : শনিবাৰে মৰিগাঁও শিক্ষণ মহাবিদ্যালয়ত মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ (IQAC) ৰ উদ্যোগত, দ্বীপশিখা ফাউণ্ডেশ্যন কেন্সাৰ কেয়াৰ আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত কৰ্কট ৰোগৰ সজাগতা সভা আৰু বিনামূলীয়া এটা স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে মৰিগাঁও জিলাত ধঁপাত জাতীয় সামগ্ৰীৰ অধিক ব্যৱহাৰৰ ফলত মুখগহ্বৰ আৰু খাদ্যনলীৰ কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাবলৈ ধৰিছে । তেওঁ এনে সামগ্ৰীৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নোহোৱা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

দেৱাশীষ শৰ্মাই লগতে কয় যে বৰ্তমানৰ প্ৰেক্ষাপটত এনে শিবিৰসমূহ কেৱল নগৰ অঞ্চলতে নহয় গ্ৰাম্যাঞ্চলতো অনুষ্ঠিত কৰাৰ প্ৰয়োজন আছে । তেওঁ দ্বীপশিখা ফাউণ্ডেশ্যনৰ উদ্যোগত পৰৱৰ্তী সময়ত জিলাখনৰ গাঁৱে-ভুঞে এনে শিবিৰ অনুষ্ঠিত কৰাৰ পোষকতা কৰে । জিলা আয়ুক্তগৰাকীয়ে প্ৰসংগক্ৰমে মহিলাৰ স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগৰ বিষয়েও ব্যাপক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে প্ৰাৰম্ভিক অৱস্থাতে এই ৰোগ ধৰা পৰিলে উপশম লাভ কৰিব পৰা যায় ।

অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী মণীষা হাজৰিকাও উপস্থিত আছিল । এই শিবিৰত মহাবিদ্যালয়খনৰ ৩০ গৰাকী মহিলাৰ মেম’গ্ৰাফী অৰ্থাৎ স্তনৰ কৰ্কট ৰোগ পৰীক্ষা কৰা হয় । অনুষ্ঠানত দ্বীপশিখা ফাউণ্ডেশ্যনৰ ড৹ ধীৰেন দাস আৰু ড৹ মৃন্ময়ী বৰুৱাই কৰ্কট ৰোগ সন্দৰ্ভত সজাগতামূলক বক্তব্য আগবঢ়ায় । অনুষ্ঠানত অংশ লৈ কন্দৰ্প দাস, নগেন দাস, ভূপেন দাস আৰু পূৰ্ণিমা দাসে স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় । কৰ্কট ৰোগ সন্দৰ্ভত কুইজো অনুষ্ঠিত হয় । বিশিষ্ট শিল্পী মণীষা হাজৰিকা আৰু জিলা আয়ুক্তগৰাকীৰ লগতে সভাত উপস্থিত সকলোৱে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ "মানুহে মানুহৰ বাবে" শীৰ্ষক গীতটি পৰিৱেশন কৰে ।

অনুষ্ঠানত তিৱা ভাষা-সংস্কৃতিৰ গৱেষক তথা মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি মনেশ্বৰ দেউৰী, সদৌ অসম লেখিকা সমাৰোহ সমিতি, মৰিগাঁও শাখাৰ সভানেত্ৰী স্মৃতিৰেখা গোহাঁই, অসম লেখিকা সংস্থা, মৰিগাঁও শাখাৰ সভানেত্ৰী শেৱালী শৰ্মা বৰকটকী, মৰিগাঁও শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডলী বুঢ়াগোহাঁই, মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ই শ্বাহ, অধ্যাপিকা ৰুকচানা ৰহমান আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক : Anti tobacco drive: মৰিগাঁও জিলা আয়ুক্তই ৰাজপথত জ্বলালে ধঁপাত জাতীয় সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.