স্বামীক বিচাৰি আছুৰ মৰিগাঁও অধিৱেশনত কলকাতাৰ মহিলা
Published: Nov 21, 2023, 7:01 PM

স্বামীক বিচাৰি আছুৰ মৰিগাঁও অধিৱেশনত কলকাতাৰ মহিলা
Published: Nov 21, 2023, 7:01 PM
ফেচবুক আৰু ষ্টাৰমেকাৰত হোৱা পৰিচয়েই কাল হ'ল কলকাতাৰ মহিলাৰ । স্বামীৰ ফটো লৈ হাহাকাৰ কৰিছে মৰিগাঁৱত ।
মৰিগাঁও, ২১ নৱেম্বৰ : প্ৰতাৰক স্বামীক বিচাৰি আছুৰ অষ্টাদশ মৰিগাঁও অধিৱেশনত কলকাতাৰ এগৰাকী মহিলা ৷ হাতত স্বামীৰ ফটো লৈ হাহাকাৰ মহিলাগৰাকীৰ ৷ হোজাইৰ সুভাষ দাস নামৰ এজন যুৱকে প্ৰতাৰণা কৰাৰ অভিযোগ ৷ ২০২১ চনত ফেচবুক আৰু ষ্টাৰমেকাৰৰ জৰিয়তে হোজাইৰ যুৱক সুভাষ দাসৰ সৈতে প্ৰথমে চিনাকি হৈছিল কলকাতাৰ মহিলাগৰাকী । এদিন সামান্য় কথাতেই সুভাষ দাসে পত্নীক এৰি অসমলৈ উভতি আহিছিল । ইয়াৰ পিছতেই হাহাকাৰ লাগে মহিলাগৰাকীৰ ।
আছুৰ অষ্টাদশ মৰিগাঁও অধিৱেশনত কলকাতাৰ এইগৰাকী মহিলাই হাতত স্বামীৰ ফটো লৈ হাহাকাৰ কৰা দৃশ্য়ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ কলকাতাৰ পৰা অহা মহিলাগৰাকীয়ে কৰা অভিযোগ অনুসৰি হোজাইৰ সুভাষ দাস নামৰ এজন যুৱকে তেওঁক প্ৰতাৰণা কৰিছে ৷ উল্লেখ্য় যে ফেচবুক আৰু ষ্টাৰমেকাৰৰ জৰিয়তে হোজাইৰ যুৱক সুভাষ দাসৰ সৈতে ২০২১ চনত প্ৰথমে চিনাকি হৈছিল কলকাতাৰ মহলাগৰাকী ৷
পৰৱৰ্তী সময়ত হোজাইৰ শংকৰ নগৰ আদালতত দুয়োৰে আইনী বিবাহ সম্পন্ন হয় ৷ প্ৰতাৰক সুভাষ দাসে হোজাইৰ শংকৰ নগৰ আদালতত দুয়োৰে আইনী বিবাহ সম্পন্ন কৰাৰ পিছত পত্নীক কলকাতালৈ লৈ যায় । মহিলাগৰাকীয়ে কৰা অভিযোগ অনুসৰি তাত প্ৰতাৰক সুভাষ দাসে তেওঁৰ সৈতে ছয় মাহ একেলগে থকাৰ পিছত দুয়োৰে মাজত হোৱা সামান্য় কখাৰ অজুহাতত অসমলৈ পলায়ন কৰে ৷ ইমানে নহয়, আত্মীয়ৰ সহযোগত মৰিগাঁৱৰ দন্দুৱাত যুৱকজনে আত্মগোপন কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷
আনহাতে, প্ৰতাৰক সুভাষ দাসে প্ৰথমা পত্নীক প্ৰতাৰণা কৰি ইতিমধ্যে ৪ বাৰ বিবাহপাশত আবদ্ধ হোৱাৰ কথাও অবগত কৰিছে প্ৰথমা পত্নীয়ে ৷ তদুপৰি কলকাতাৰ মহিলাগৰাকীৰ পৰা ধন-সম্পত্তি দাবী কৰাৰো অভিযোগ উত্থাপিত হৈছে সুভাষ দাসৰ বিৰুদ্ধে ৷ তথাপি স্বামী সুভাষ দাসক বিচাৰি এনেদৰে হাতত দুয়োৰে যুগ্ম ফটো লৈ আছুৰ অষ্টাদশ অধিৱেশনত ঘুৰি ফুৰিছে কলকাতাৰ মহিলাগৰাকী ৷
