ETV Bharat / state

BJP Executive in Morigaon : চমৎকাৰৰ ফৰ্মূলা বিচাৰি অসম বিজেপিৰ গুজৰাট যাত্ৰা

author img

By

Published : Jan 24, 2023, 10:29 PM IST

এইবাৰ গুজৰাটলৈ লৈ যোৱা হ’ব অসমৰ বিজেপিৰ জিলা সভাপতিসকলক ৷ গুজৰাটত তিনিদিনীয়াকৈ প্ৰশিক্ষণ দিয়া হ’ব সভাপতিসকলক ৷ আগন্তুক লোকসভা নিৰ্বাচনত যাতে ৰাইজে কেৱল বিজেপিকহে ভোট দিয়ে তাৰ কৌশল শিকিব গুজৰাটত (Assam BJP to follow Gujrat model)৷

BJP Executive in Morigaon
মৰিগাঁৱত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

মৰিগাঁৱত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

মৰিগাঁও, 24 জানুৱাৰী: মঙলবাৰে মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সম্পন্ন হ’ল ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা (BJP Executive in Morigaon)৷ পুৱা মৰিগাঁও পুথিভঁৰাল প্ৰেক্ষাগৃহৰ প্ৰাংগণত পতাকা উত্তোলন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ বিজেপিৰ কাৰ্যনিৰ্বাহক সভাখন সম্পন্ন হোৱাৰ পিচত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই(Assam BJP president Bhabesh Kalita) সংবাদমেল সম্বোবোধন কৰি কয় যে বিজেপিয়ে ৰাজ্যৰ সংখ্যালঘুসকলৰ ভোটৰ বাবে কাম কৰা নাই ৷ দেশৰ জনতাৰ উন্নয়নৰ বাবে কাম কৰিছে ৷

ইয়াৰ সমান্তৰালকৈ আগন্তুক দিনত বিজেপি নেতৃত্বই নিৰ্দেশনা প্ৰদান কৰা অনুসৰিয়েই বিজেপিৰ মিছন এশ শতাংশ সফল কৰাৰ বাবে কাম কৰিব বুলি মন্তব্য কৰে ভৱেশ কলিতাই ৷ ইয়াৰ বাবে সকলো জিলা সভাপতিকে গুজৰাটলৈ নি প্ৰশিক্ষণ দিয়া হ’ব বুলি জানিবলৈ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে (Assam BJP to follow Gujrat model)৷

উল্লেখযোগ্য যে, সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সভাপতি ভৱেশ কলিতাই মন্তব্য কৰে যে আজি মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কাৰ্যনিবাহক সভাত যি ৰণকৌশল প্ৰস্তুত কৰা হৈছে তাক এতিয়াই ঘোষণা কৰা উচিত নহয় যদিও কংগ্ৰেছ কোনো ফেক্টৰ নহয় ৷ এটা ডাঙৰ শূণ্য হ’বলৈ গৈ আছে ক‌ংগ্ৰেছ ৷ এ আই ইউ ডিএফো কোনো ফেক্টৰ নহয় বুলি মন্তব্য কৰে কলিতাই ৷

মঙলবাৰে এই কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা প্ৰমুখ্যে বহুকেইজন নেতাই অংশগ্ৰহণ কৰে । মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ পাচতে সংবাদমেল সম্বোধন কৰি কয় যে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ প্ৰস্তাৱসমূহ ৰাজ্যিক কাৰ্যনিৰ্বাহকত আলোচনা কৰা হয় ৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘‘এতিয়া আমি প্ৰত্যক্ষভাৱে নিৰ্বাচনকেন্দ্ৰিক আলোচনা কৰা নাই যদিও দলৰ সাংগাঠনিক দিশ আলোচনা কৰোতে নিৰ্বাচনৰ প্ৰসংগ সোমাইছে’’ ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে(CM Himanta Biswa Sarma) সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ সন্দৰ্ভত কয়- ‘‘আজি কোনোবা অসন্তুষ্ট হ’ব পাৰে ৷ কাইলৈ সকলো ঠিক হৈ যাব’’ ৷

আনহাতে আগন্তুক গণৰাজ্য দিৱস বিদ্ৰোহী সংগঠনে বৰ্জন কৰিবলৈ আহ্বাবান জনোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘‘এয়া গতানুগতিক ৷ প্ৰতিবছৰেই তেওঁলোকে এই আহ্বান জনায় ৷ এতিয়া ৰাইজ গতানুগতিকতাৰ বাহিৰত ৷ কিন্তু আমি আনন্দ উৎসাহেৰেই গণৰাজ্য দিৱস উদযাপন কৰিম’’৷

আনহাতে মন্ত্ৰী পীয়ুষ হাজৰীকাই আগন্তুক লোকসভা নিৰ্বাচনত নগাঁও আৰু কলিয়াবৰ সমষ্টি দুটাত শাসকীয় বিজেপি দল বিজয়ী হ’ব বুলি মন্তব্য কৰাৰ বিপৰীতে ধুবুৰী সমষ্টিৰ সন্দৰ্ভত কৌশলী মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: TMC Election Manifesto : অসম-মেঘালয় সীমা বুজাবুজি চুক্তি বাতিল কৰিব তৃণমূল কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.