TMC Election Manifesto : অসম-মেঘালয় সীমা বুজাবুজি চুক্তি বাতিল কৰিব তৃণমূল কংগ্ৰেছে

author img

By

Published : Jan 24, 2023, 9:34 PM IST

TMC Election Manifesto

27 ফেব্ৰুৱাৰীত মেঘালয়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ৷ তৃণমূল কংগ্ৰেছে ইতিমধ্যে প্ৰকাশ কৰিছে নিৰ্বাচনী ইস্তাহাৰ ৷ দহটা বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে তৃণমূল কংগ্ৰেছে ৷ ইয়াৰ ভিতৰত অন্যতম অসম-মেঘালয় সীমা বুজাবুজি চুক্তি (Assam Meghalaya border MoU) বাতিল ৷

গুৱাহাটী, ২৪ জানুৱাৰীঃ নিৰ্বাচনৰ পৰিৱেশেৰে মুখৰ হৈ পৰিছে চুবুৰীয়া ৰাজ্য মেঘালয় ৷ অহা ২৭ ফেব্ৰুৱাৰীত হ’বলগীয়া বিধানসভা নিৰ্বাচনক(Meghalaya Assembly Election) লৈ মেঘালয়ত সৰ্বশক্তি প্ৰয়োগ কৰিছে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে । তৃণমূল কংগ্ৰেছে মঙলবাৰে মেঘালয়ৰ নিৰ্বাচনী ইস্তাহাৰ আৰু ১০ টা বিশেষ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে (Meghalaya TMC Election Manifesto)৷

সমাগত বিধানসভা নিৰ্বাচনত জয়লাভ কৰি মেঘালয়ত চৰকাৰ গঠন কৰিলেই তৃণমূল কংগ্ৰেছে বাতিল কৰিব অসম-মেঘালয়ৰ মাজৰ সীমা বিবাদক লৈ হোৱা চুক্তি । এয়া মেঘালয়ত তৃণমূল কংগ্ৰেছৰ অন্যতম প্ৰধান নিৰ্বাচনী প্ৰতিশ্ৰুতি ৷

ৰাজ্যসভাৰ সাংসদ আৰু টিএমচিৰ জ্যেষ্ঠ নেতা ডেৰেক অ’ব্ৰাইন, টিএমচিৰ বিধায়িনী দলৰ নেতা মুকুল চাংমা, টিএমচিৰ মেঘালয়ৰ ৰাজ্যিক সভাপতি চাৰ্লছ পিংগ্ৰপ আৰু উপ-সভাপতি জৰ্জ লিংডোৰ উপস্থিতিত ইস্তাহাৰসহ ১০ টা প্ৰতিশ্ৰুতি মুকলি কৰে দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে (TMC secretary Abhishek Banerjee)৷ অহা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া মেঘালয় বিধানসভা নিৰ্বাচনৰ বাবে এই পৰ্যন্ত ৫২ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে তৃণমূল কংগ্ৰেছে (Meghalaya election TMC candidate)৷

মেঘালয়ত তৃণমূলৰ ১০ টা প্ৰতিশ্ৰুতি:

1) সম্ভাৱনাময় আৰু সমৃদ্ধিশালী অৰ্থনীতিৰ পৰিকল্পনা: বৰ্তমানৰ জিডিপিৰ দুগুণ আৰু দৰিদ্ৰতামুক্ত মেঘালয় নিশ্চিত কৰিবলৈ অহা ৫ বছৰত দুটা সংখ্যাৰ অৰ্থনৈতিক বৃদ্ধিৰ প্ৰতিশ্ৰুতি । কোনো ব্যক্তিৰ জীৱিকা বিপন্ন হোৱাটো নিশ্চিত কৰিবলৈ বৈজ্ঞানিক আৰু বহনক্ষম খনন নীতি প্ৰণয়ন কৰি খনন পুনৰ আৰম্ভ কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি ৷

2) উজ্জ্বল ভৱিষ্যতৰ নিশ্চয়তা: অহা ৫ বছৰত ৩ লাখ চাকৰিৰ সৃষ্টি হ’ব আৰু মেঘালয় যুৱ সবলীকৰণ (MYE) আঁচনিৰ অধীনত ২১-৪০ বছৰৰ ভিতৰৰ প্ৰতিজন নিবনুৱা যুৱক-যুৱতীক মাহিলী ১০০০ টকা (বছৰ ১২ হাজাৰ টকা) ভাট্টা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি টিএমচিৰ । শাসনলৈ আহিলে মেঘালয়ত ডিজিটেল শিক্ষাৰ সুবিধাৰ বাবে ৰাজ্যৰ সকলো উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীলৈ ১ লাখ লেপটপ দিব তৃণমূলে ৷

3) ক্ষমতাশালী মহিলা সমৃদ্ধিশালী মেঘালয়: মহিলা সবলীকৰণৰ বাবে মেঘালয় বিত্তীয় অন্তৰ্ভুক্তি (MFI WE) আঁচনিৰ অধীনত নিশ্চিত সাৰ্বজনীন আয়ৰ সহায় হিচাবে প্ৰতিটো পৰিয়ালৰ এগৰাকী মহিলালৈ প্ৰতিমাহে ১,০০০ টকাকৈ (বছৰি ১২,০০০ টকা) প্ৰত্যক্ষ হস্তান্তৰৰ প্ৰতিশ্ৰুতি ৷

4) সকলোৰে বাবে সামাজিক সুৰক্ষা: সকলো সমাজ কল্যাণমূলক পেঞ্চন প্ৰতিমাহে ১০০০ টকা (বছৰি ১২,০০০ টকা) লৈ বৃদ্ধি কৰা হ’ব, যাৰ ফলত অকলশৰীয়া মাতৃ, বিধৱা আৰু জ্যেষ্ঠ নাগৰিকক আৰ্থিক সাহায্য দুগুণ কৰা হ’ব ৷ এক সামাজিক সুৰক্ষা আঁচনি, মেঘালয় ইউনাইট (মেঘালয় অসংগঠিত খণ্ড প্ৰশিক্ষণ আৰু সৱলীকৰণ আঁচনি) সকলো ২.৮ লাখ অসংগঠিত খণ্ডৰ কৰ্মীক দক্ষতা প্ৰশিক্ষণ, বিনামূলীয়া স্বাস্থ্যসেৱা, টাৰ্ম লাইফ বীমা, আৰু ভৱিষ্য পুঁজিৰ সুবিধা প্ৰদান কৰিবলৈ ৷ সকলোৰে বাবে ই-ৰেচন, ৰেচন কিটত থকা অত্যাৱশ্যকীয় বস্তুবোৰ ৪ৰ পৰা ৮ টালৈ বৃদ্ধি কৰিব লাগিব (আলু, বুটমাহ, ৰন্ধন তেল আৰু নিমখ অন্তৰ্ভুক্ত কৰিব)৷

5) উন্নত উৎপাদন সুখী কৃষক: নতুন FARM (Farmers’ Assistance for Rural Meghalaya) আঁচনিৰ জৰিয়তে ৰাজ্যৰ সকলো কৃষকলৈ বাৰ্ষিক ১০,০০০ আৰ্থিক সাহায্য প্ৰদান ৷

6) সকলোৰে বাবে স্বাস্থ্যসেৱা: প্ৰসৱৰ পূৰ্বে আৰু প্ৰসৱৰ পিচৰ কাৰ্যক্ষম সেৱা আগবঢ়াবলৈ প্ৰতিটো ব্লকত মাতৃ আৰু শিশু যত্ন কেন্দ্ৰ ৷ ৰাজ্যৰ সকলো পি এইচ চি আৰু চি এইচ চিত ১০০% কাৰ্যক্ষম কৰি তুলিবলৈ বিশেষজ্ঞ, কৰ্মচাৰী আৰু সঁজুলিৰ অভাৱ ৷ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন আৰু সমগ্ৰ ৰাজ্যতে মানসম্পন্ন তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱাৰ সুবিধা নিশ্চিত কৰা ৷

7) শিশুৰ বাবে গুণগত শিক্ষা: চৰকাৰী বিদ্যালয়ত পঞ্জীয়ণভুক্ত সকলো বিদ্যালয়লৈ যোৱা শিশুৰ পৰিয়াললৈ বছৰি 1,200 টকাৰ প্ৰত্যক্ষ লাভ হস্তান্তৰ কৰি কিতাপ আৰু সংশ্লিষ্ট সামগ্ৰীৰ খৰচ বহন কৰা হ’ব ৷ প্ৰতিটো ব্লকত আদৰ্শ বিদ্যালয় থকা, সকলো জিলাতে বিদ্যালয়ৰ আন্তঃগাঁথনি তাৎক্ষণিকভাৱে উন্নীতকৰণ আৰু ৰাজ্যত শিক্ষক প্ৰশিক্ষণৰ বাবে আসনৰ সংখ্যা দুগুণ কৰা ৷

ইয়াৰ উপৰি সকলো ঘৰলৈ পাইপেৰে খোৱাপানীৰ সংযোগৰ সুবিধা প্ৰদান কৰা । সকলো পৰিয়াললৈ নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান ৷ মেঘালয়ৰ সৰ্বমুঠ ৬,৪৫৯ খন গাঁৱকে ব্লেক টপযুক্ত পথৰ সৈতে সংযোগ কৰা ৷ মেঘালয়ৰ গৌৰৱ সংগীত, ক্ৰীড়া, সংস্কৃতি আৰু পৰ্যটনৰ বিকাশ আদি প্ৰতিশ্ৰুতি তৃণমূলৰ । এই প্ৰতিশ্ৰুতি সমূহৰ অন্যতম তথা শেষৰ প্ৰতিশ্ৰুতিটো হ’ল- অসম চৰকাৰৰ সৈতে হোৱা সীমা বুজাবুজিৰ চুক্তি বাতিল কৰা(TMC to revoke Assam Meghalaya border MoU) আৰু সকলো কৌশলগত সীমান্ত অঞ্চলত আৰক্ষীৰ চেক প’ষ্ট স্থাপন কৰাৰ প্ৰতিশ্ৰুতি ৷

লগতে পঢ়ক: PIL against constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ, 30 জানুৱাৰীত সৰ্বোচ্চ ন্যায়ালয়ত পুনৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.