PIL against constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ, 30 জানুৱাৰীত সৰ্বোচ্চ ন্যায়ালয়ত পুনৰ শুনানি

author img

By

Published : Jan 24, 2023, 5:18 PM IST

PIL against constituency delimitation

সোমবাৰে সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন PILৰ শুনানি ৷ সাংসদ অজিত কুমাৰ ভূঞা আৰু বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোঁহাইয়ে দাখিল কৰিছিল এই ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন ৷ 30 জানুৱাৰীৰ ভিতৰত ৰাজ্য চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ ৷

নিউজ ডেস্ক, 24 জানুৱাৰী: অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ(Assam constituency delimitation) বিষয়টোক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি সোমবাৰে গ্ৰহণ কৰিলে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ৷ 30 নবেন্বৰত পুনৰ হ’ব দ্বিতীয় পৰ্যায়ৰ শুনানি ৷ বিগত বৰ্ষৰ 27 ডিচেম্বৰত নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে জাৰি কৰিছিল জাননী ৷

উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা জাননীৰ পিচতে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ এই সন্দৰ্ভত বিৰোধী ৰাজনৈতিক দলকে ধৰি বিভিন্ন মহলত ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল সাংসদ অজিত কুমাৰ ভূঞা(Ajit Kumar Bhuyan) আৰু বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁইয়ে(Dr Hiren Gohain) ৷

সমগ্ৰ বিষয় সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাই ইটিভি ভাৰতক জানিবলৈ দিয়ে যে, সোমবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে গ্ৰহণ কৰিলে পি আই এলখনৰ প্ৰথম পৰ্যায়ৰ শুনানি(Supreme court hearing) ৷ 30 জানুৱাৰীত পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে ৷ সেয়েহে, 30 জানুৱাৰীৰ ভিতৰত অসম চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে ৷ সমষ্টি নিৰ্ধাৰণৰ এই বিষয়টো এটা অতি স্পৰ্শকাতৰ বিষয় হিচাপে সৰ্বোচ্চ ন্যায়ালয়ে গণ্য কৰিছে বুলিও সাংসদ অজিত কুমাৰ ভূঞাই ইটিভি ভাৰতক অৱগত কৰে ৷

সাংসদ অজিত কুমাৰ ভূঞা আৰু বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁইয়ে দাখিল কৰা আবেদনখনত কোৱা হৈছে যে, দেশৰ প্ৰচলিত আইন উলংঘা কৰি নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জাননী জাৰি কৰিছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক শাসক দল বিজেপিকে ধৰি মিত্ৰদল অগপ আৰু UPPLৰ লতে সদৌ অসম ছাত্ৰ সন্থাই জনাইছে আদৰণি ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ, AIUDF, আমছুকে ধৰি ৰাজ্যৰ কেইবাটাও দল সংগঠনে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত বিজেপিৰ ৰাজনৈতিক স্বাৰ্থ জড়িত থকা বুলি অভিযোগ উত্থাপন কৰিছে ৷ লগতে সচেতন ৰাইজেও সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰিছে(Opposing constituency delimitation) ৷

এনে প্ৰেক্ষাপটত, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনখন অতি তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ এইক্ষেত্ৰত দ্বিতীয় শুনানিৰ পূৰ্বে ৰাজ্য চৰকাৰৰ স্থিতি কি হ’ব সেয়াহে এতিয়া হ’ব লক্ষণীয় বিষয় ৷

লগতে পঢ়ক: PIL against Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ জাননীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.