ETV Bharat / state

Amrit Kalash Yatra : মৰিগাঁও পৌৰসভাত আৰম্ভ অমৃত কলহ যাত্ৰা

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 6:19 PM IST

Amrit Kalash Yatra begins in Morigaon Municipality
মৰিগাঁৱত অমৃত কলহ যাত্ৰা

শনিবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও পৌৰসভাৰ সহযোগত অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ ৷ ২নং ৱাৰ্ডত মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মা আৰু 9 নং ৱাৰ্ডত মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলী, পৌৰসভাৰ কাৰ্যবাহী বিষয়া দ্যুতিভা বৰাই শুভাৰম্ভ কৰে এই কাৰ্যসূচীৰ ৷

মৰিগাঁও পৌৰসভাত অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ

মৰিগাঁও, 23 ছেপ্টেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও পৌৰসভাৰ সহযোগত শনিবাৰে পৌৰসভাৰ অন্তৰ্গত 2 নং ৱাৰ্ড, 9 নং ৱাৰ্ড, 10 নং ৱাৰ্ডত আনুষ্ঠানিক ভাৱে 'মেৰী মাটি মেৰা দেশ' শীৰ্ষক কাৰ্যসূচীৰ লগত সংগতি ৰাখি অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ কৰা হয় ৷ মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মা, মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলী আৰু পৌৰসভাৰ কাৰ্যবাহী তথা জিলা অতিৰিক্ত আয়ুক্ত দ্যুতিভা বৰাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে মৰিগাঁও পৌৰসভাৰ প্ৰাক্তন উপ-পৌৰপতি ৰঞ্জিত কুমাৰ ডেকা আৰু 9 নং ৱাৰ্ডৰ কমিচনাৰ সুকন্যা মহন্ত ডেকাকে প্ৰমুখ্য কৰি অৰ্ধ শতাধিক আত্মসহায়ক গোটৰ সদস্যাই ৷ মৰিগাঁও পৌৰসভাৰ এলেকাত শনিবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈচে এই কাৰ্যসূচীৰ ৷ মৰিগাঁও পৌৰসভাৰ অন্তৰ্গত সকলোকে এই কাৰ্যসূচীত উপস্থিত থাকি সহযোগিতা আগবঢ়াবলৈ আহবান জনাইছে মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলী আৰু মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে ৷

শনিবাৰে মৰিগাঁও পৌৰসভাত অমৃত কলহ অভিযানৰ আৰম্ভণিৰ কাৰ্যসূচী এঘাৰটা ৱাৰ্ডৰ পৰা কেইবা শতাধিক পৰিয়ালৰ গৃহৰ পৰা ভূমি সংগ্ৰহ কৰি মৰিগাঁও পৌৰসভাত জমা কৰি ৰাখে ৷ মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ প্ৰতিখন গাঁও পঞ্চায়ত আৰু উন্নয়ন খণ্ডত মাটি সংগ্ৰহৰ কাৰ্যসূচী ৰূপায়ণ কৰে আত্ম সহায়ক গোটৰ সদস্যাসকলে ৷ শনিবাৰে দিনৰ ১১ বজাত মৰিগাঁও পৌৰসভাৰ ২ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ মঞ্জু শৰ্মাৰ বাসগৃহৰ পৰা আৰম্ভ কৰা এই মাটি সংগ্ৰহৰ কাৰ্যসূচী বিয়লি ভাগলৈ সমাপ্তি কৰা হয় ৷ অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, অতিৰিক্ত আয়ুক্ত দ্যুতিভা বৰা, মহকুমা বিষয়া হৃদয় দাসকে ধৰি কেইবাগৰাকী প্ৰশাসনিক বিষয়াই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : Assam BJP: বিজেপিৰ সেৱা পষেক; ২৯ ছেপ্টেম্বৰত গাঁৱত থাকিব প্ৰতিগৰাকী মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.