ETV Bharat / state

Adya Shraddha: মণিপুৰত নিহত লাহৰীঘাটৰ ১৬ গৰাকী শ্ৰমিকৰ সমূহীয়া আদ্যশ্ৰাদ্ধ

author img

By

Published : Aug 1, 2022, 12:52 PM IST

Adya Sarddha in Morigaon
মণিপুৰত নিহত লাহৰীঘাটৰ কুশতলি অঞ্চলৰ ১৬ গৰাকীকৈ শ্ৰমিকৰ আদ্যশ্ৰাদ্ধ

মণিপুৰত নিহত লাহৰীঘাটৰ কুশতলি অঞ্চলৰ ১৬ গৰাকীকৈ শ্ৰমিকৰ আদ্যশ্ৰাদ্ধ (Adya Shraddha of 16 workers from Laharighat are killed in Manipur) । খোৰাগোসাঁই বড়িত অঞ্চলবাসীয়ে পাতিলে সমূহীয়া আদ্যশ্ৰাদ্ধ ৷ মৃতকৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰি কান্দোনত ভাঙি পৰিল আত্মীয় ৷

ধিং, 1 আগষ্ট: মৰিগাঁও জিলাৰ অন্তৰ্গত লাহৰীঘাটৰ কুশতলি অঞ্চলৰ খোৰাগোসাঁই বড়িত দেওবাৰে অঞ্চলবাসীয়ে পাতিলে ১৬ জনকৈ মৃত শ্ৰমিকৰ সমূহীয়া আদ্যশ্ৰাদ্ধ (Adya Shraddha of 16 workers from Laharighat are killed in Manipur)। পুৱা মৃত শ্ৰমিকসকলৰ প্ৰতিচ্ছবিত পৰিয়ালবৰ্গৰ লগতে অঞ্চলবাসীয়ে জনালে শ্ৰদ্ধাঞ্জলি । ইফালে মৃত শ্ৰমিক সকলৰ আত্মীয়ই নিজৰ আপোনজনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই শোকত ভাঙি পৰে । ফলত গোটেই আদ্যশ্ৰাদ্ধস্থলীত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

উল্লেখ্য যে, যোৱা ২৯ জুনৰ নিশা মণিপুৰৰ ননী জিলাৰ টুপুলত সংঘটিত ভূমিস্খলনত লাহৰীঘাটৰ কুশতলি অঞ্চলৰ ১৬ গৰাকীকৈ শ্ৰমিকৰ অকাল মৃত্যু ঘটিছিল (16 workers died in landslide in Manipur)। অৱশ্যে ইয়াৰে তুপেন পাটৰ নামৰ শ্ৰমিকগৰাকীৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই ।

মণিপুৰত নিহত লাহৰীঘাটৰ ১৬ গৰাকী শ্ৰমিকৰ সমূহীয়া আদ্যশ্ৰাদ্ধ

ইয়াৰ বিপৰীতে অঞ্চলটোৰ উৎপল ফুকন, দেৱজিৎ ফুকন, বুগেন্দ্ৰ ফুকন, গোপাল ফুকন, ৰামু ফুকন, পল্লৱ লৰম, আকাশ লৰম, হনুমান কোঁৱৰ, সনাল কোঁৱৰ, উপেন্দ্ৰ কোঁৱৰ, মমিন ডেকাৰজা, দিপাংকৰ বৰদলৈ, জোন্টি বৰদলৈ, হৰমোহন ডেকা আৰু কল্পজ্যোতি বৰদলৈৰ মৃতদেহ উদ্ধাৰ কৰি স্বগৃহলৈ অনা হৈছিল । অঞ্চলটোৰ এইসকল মৃত শ্ৰমিকৰ আত্মাৰ সদগতি কামনাৰে দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে খোৰাগোসাঁই বড়িত অঞ্চলবাসীয়ে সমূহীয়া ভাৱে আয়োজন কৰে এই আদ্যশ্ৰাদ্ধ ।

লগতে পঢ়ক: মৰিগাঁৱৰ স্ব-গৃহত উপস্থিত মণিপুৰৰ ভূমিস্খলনত প্ৰাণ ৰক্ষা পৰা পাঁচ শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.