ETV Bharat / state

আহোম জনগোষ্ঠীটোৰ জনজাতি বৈশিষ্ট্য নাইঃ কোনে ক'লে ?

author img

By

Published : Sep 2, 2020, 10:37 PM IST

মৰিগাঁৱৰ জিলা ট্ৰাইবেল সংঘৰ অতিথি শালাৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰধান সম্পাদক আদিত্য খাকলাৰীয়ে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি কয় যে, পূৰ্বৰ সংবিধান স্বীকৃত জনজাতি সমূহৰ স্বাৰ্থত হানি নোহোৱাকৈ আৰু জনগোষ্ঠীয় বৈশিষ্ট থকা সম্প্ৰদায়ক জনজাতি মৰ্যদা প্ৰদান কৰিলে সদৌ অসম ট্ৰাইবেল সংঘৰ আপত্তি নাই ।

morigaon adutya khaklari reaction
আহোম জনগোষ্ঠীটোৰ জনজাতি বৈশিষ্ট্য নাইঃ কোনে ক'লে ?

মৰিগাঁও, 2 চেপ্টেম্বৰ : মৰিগাঁৱৰ জিলা ট্ৰাইবেল সংঘৰ অতিথি শালাৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰধান সম্পাদক আদিত্য খাকলাৰীয়ে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি কয় যে, পূৰ্বৰ সংবিধান স্বীকৃত জনজাতি সমূহৰ স্বাৰ্থত হানি নোহোৱাকৈ দিয়া আৰু জনগোষ্ঠীয় বৈশিষ্ট থকা সম্প্ৰদায়ক জনজাতিৰ মৰ্যদা প্ৰদান কৰিলে সদৌ অসম ট্ৰাইবেল সংঘৰ আপত্তি নাই । আনহাতে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ অন্যতম আহোম সম্প্ৰদায়টোৱে অসমত ছশবছৰ ৰাজত্ব কৰাৰ বিষয়ে সদৰি কৰি জনগোষ্ঠী বিচৰা আহোম জনগোষ্ঠীটোৰ জনজাতি বৈশিষ্ট্য নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ ইফালে বিটিআৰ চুক্তিক আদৰণি জনায় নেতাগৰাকীয়ে ।

আহোম জনগোষ্ঠীটোৰ জনজাতি বৈশিষ্ট্য নাইঃ কোনে ক'লে ?

আনহাতে জিলা উপায়ুক্ত লীনা দাসে অতিথিশালাৰ আধাৰশিলা স্থাপন কৰি আগন্তুক দিনত জিলা ট্ৰাইবেল সংঘৰ সমস্যা সমাধান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে । উক্ত পূজা অৰ্চনা তথা আধাৰশিলাৰ মাংগলিক কাৰ্যসূচীত বহুকেইজন জনজাতীয় নেতাই অংশ লয় ।

লগতে পঢ়ক: চীনে এলএচিত দ্বি-পাক্ষিক চুক্তি,প্ৰ’টকল ভংগ কৰিছে: ভাৰতৰ প্ৰত্যুত্তৰ


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.