ETV Bharat / state

দেশপ্ৰেমৰ এক অনন্য নিদৰ্শন দেখুৱালে মৈৰাবাৰীবাসীয়ে

author img

By

Published : Aug 13, 2022, 8:48 PM IST

75th Independence Day celebration in Moirabari
দেশপ্ৰেমৰ এক অনন্য নিদৰ্শন দেখুৱালে মৈৰাবাৰীবাসীয়ে

দেশপ্ৰেমৰ এক অনন্য নিদৰ্শন দেখুৱালে মৈৰাবাৰীবাসীয়ে। শ্ৰমিক, কৃষকৰ পৰা ভীক্ষাৰীলৈকে সকলোৱে হাতে হাতে ত্ৰিৰংগা পতাকা লৈ দেখুৱালে দেশপ্ৰেম। স্বতঃস্ফূৰ্তভাৱে আজাদী কি অমৃত মহোৎসৱ উদযাপন মৈৰাবাৰীবাসীৰ (Azadi Ka Amrit Mahotsav)।

মৈৰাবাৰী, 13 আগষ্ট: এক নতুন ইতিহাস ৰচনা কৰি দেশপ্ৰেমৰ এক অনন্য নিদৰ্শন দেখুৱালে মৈৰাবাৰী অঞ্চলৰ শ্ৰমিক, কৃষক, মগনীয়াৰৰ পৰা প্ৰতিজন নাগৰিকে । হয়, আমি মৰিগাঁও জিলাৰ সংখ্যালঘু অধ্যুষিত মৈৰাবাৰী অঞ্চলৰ কথাই কৈছোঁ । স্বাধীনতাৰ ৭৫ বছৰ (75th Independence Day) উপলক্ষে উদযাপন কৰিবলৈ লোৱা আজাদী কি অমৃত মহোৎসৱত (Azadi Ka Amrit Mahotsav) স্বতঃস্ফূৰ্তভাৱে ভাগ ললে মৈৰাবাৰী অঞ্চলৰ প্ৰতিগৰাকী লোকে।

পথাৰত কাম কৰা শ্ৰমিকৰ পৰা মগনীয়াকো দেখা গ'ল হাতে হাতে জাতীয় পতাকা লৈ উদযাপন কৰিছে ৭৫ বছৰীয়া স্বাধীনতাৰ আজাদী কি অমৃত মহোৎসৱ । হাতে হাতে জাতীয় পতাকা লৈ আনন্দিত এইসকল লোক (Har Ghar Tiranga Abhiyan) ৷ কেৱল এয়াই নহয় যেন ঈদৰ উৎসৱকো চেৰ পেলাই মৈৰাবাৰীবাসীয়ে উদযাপন কৰিছে আজাদী কি অমৃত মহোৎসৱ।

দেশপ্ৰেমৰ এক অনন্য নিদৰ্শন দেখুৱালে মৈৰাবাৰীবাসীয়ে

ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাবলৈ বিগত কেইদিনত ব্যাপক তৎপৰতা মৈৰাবাৰীৰ প্ৰতিঘৰ লোকৰ। বিগত কেইদিনত মৈৰাবাৰীৰ পতাকা বিক্ৰী প্ৰতিষ্ঠানত হোৱা অভাৱনীয় ভিৰেই ইয়াৰ জ্বলন্ত প্ৰমাণ ।

মৈৰাবাৰী বজাৰৰ পতাকা বিক্ৰী প্ৰতিষ্ঠানসমূহত পুৱাৰ পৰা নিশালৈকে অঞ্চলটোৰ লোকসকলে পতাকা ক্ৰয় কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয় । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘৰে ঘৰে জাতীয় পতাকা লগাবলৈ জনোৱা আহ্বানৰ পিছত স্বতঃস্ফূৰ্তভাৱে ব্যাপক সঁহাৰি জনালে মৈৰাবাৰীবাসীয়ে ।

লগতে পঢ়ক: নগাঁৱত স্বাধীনতাৰ অমৃত মহোৎসৱৰ বিশাল ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.