ETV Bharat / state

মৰিগাঁৱত ৩৮ সংখ্যক ত্ৰিবাৰ্ষিক অধিবেশন

author img

By

Published : Jan 30, 2021, 7:45 AM IST

Updated : Jan 30, 2021, 10:10 AM IST

মৰিগাঁৱৰ গিৰিধৰ পাতৰ সমন্বয় ক্ষেত্ৰত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছে সদৌ ট্ৰাইবেল সংঘৰ অধিবেশনৰ ৩৮ সংখ্যক ত্ৰিবাৰ্ষিক অধিবেশন । এই অধিবেশনৰ লগতে সংগতি ৰাখি এটা প্ৰতিনিধি শিবিৰ মুকলি কৰা হয় ৷

মৰিগাঁৱত ৩৮ সংখ্যক ত্ৰিবাৰ্ষিক অধিবেশন
মৰিগাঁৱত ৩৮ সংখ্যক ত্ৰিবাৰ্ষিক অধিবেশন

মৰিগাঁও, 30 জানুৱাৰী: শুকুৰবাৰৰ পৰা মৰিগাঁৱত অনুষ্ঠিত হৈছে সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৮ সংখ্যক ত্ৰিবাৰ্ষিক অধিবেশন ৷ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই অধিবেশন ৷ আদৰণি সমিতিৰ সভাপতি পীযুষ হাজৰিকা আৰু জিলা উপায়ুক্ত লীনা দাসে মূলদ্বাৰ আৰু প্ৰদশনী দ্বাৰ মুকলি কৰি আয়োজন কৰে এখন সভাৰ ৷

মৰিগাঁৱত ৩৮ সংখ্যক ত্ৰিবাৰ্ষিক অধিবেশন

প্ৰতিনিধি শিবিৰত অনুষ্ঠিত হোৱা এই সভাৰ আদৰণি ভাষণ প্ৰদান কৰে সংঘৰ সভাপতি মিলন সোণোৱালে আৰু ইয়াৰ আঁত ধৰে সম্পাদক আদিত্য খাকলাৰীয়ে ৷ আনহাতে, জননেতা ভীমবৰ দেউৰী আৰু গিৰিধৰ পাতৰ সোঁৱৰণীত এটা প্ৰতিনিধি শিবিৰ মুকলি কৰা হয় ৷ শিবিৰটো মুকলি কৰে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে । শিবিৰ মুকলি কৰি দি তেওঁ কয় যে,সদৌ অসম ট্ৰাইবেল সংঘৰ সকলোকে জনজাতি সংগঠনৰ অভিভাৱক হিচাপে লৈ সকলোৱে আগবাঢ়ি যাব লাগে,তেতিয়াহে জনজাতীয় সমস্যা সমাধান সম্ভৱপৰ হ'ব ৷

মৰিগাঁৱত ৩৮ সংখ্যক ত্ৰিবাৰ্ষিক অধিবেশন
মৰিগাঁৱত ৩৮ সংখ্যক ত্ৰিবাৰ্ষিক অধিবেশন

অন্য এক খবৰৰ বাবে: পুনৰ অনিৰ্দিষ্ট কাললৈ বাঘজান EPS বন্ধ !

Last Updated : Jan 30, 2021, 10:10 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.