যাত্ৰীবাহী ভূটভূটি আৰু ফেৰী চলাচলত প্ৰশাসনৰ ১৪৪ ধাৰা বলৱৎ

author img

By

Published : Sep 13, 2021, 11:53 AM IST

144 sections issued in passenger boat and ferry movement on Brahmaputra

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ পিছতে কঠোৰ হৈছে মৰিগাঁও জিলা প্ৰশাসন ৷ এক ইঞ্জিনযুক্ত ভূটভূটি নাও অথবা ফেৰী চলিব নোৱাৰিব ব্ৰহ্মপুত্ৰৰ বুকুত ।

মৰিগাঁও, 13 ছেপ্টেম্বৰ : সমগ্ৰ ৰাজ্য জোকাৰি যোৱা মাজুলীৰ নাও দুৰ্ঘটনাৰ পিছতেই এতিয়া তৎপৰ হৈছে মৰিগাঁও জিলা প্ৰশাসন । ইয়াৰ পৰিপ্ৰেক্ষিততে শনিবাৰে মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই এক নিৰ্দেশনা প্ৰকাশ কৰি মৰিগাঁও জিলাৰ ব্ৰহ্মপুত্ৰত ভুটভুটি নাও আৰু ফেৰী চলাচলত ১৪৪ ধাৰা জাৰি কৰিছে ৷

ব্ৰহ্মপুত্ৰত যাত্ৰীবাহী ভূটভূটি আৰু ফেৰী চলাচলত প্ৰশাসনৰ ১৪৪ ধাৰা বলৱৎ

প্ৰশাসনে এই নিৰ্দেশনা জাৰি কৰাৰ পাছতেই দেওবাৰে লাহৰীঘাটৰ কাঠনিৰ পাৰঘাটত লাহৰীঘাটৰ ৰাজহ চক্ৰ বিষয়া স্বৰাজ ভাৰত লাগাচু উপস্থিত হয় ৷ বিষয়াগৰাকীয়ে কাঠনি পাৰঘাটৰ সকলো ভূটভূটি নাও চালকক লাইফ জেকেট, লাইফ ব’ৰ্ড আৰু ডবল ইঞ্জিন ব্যৱহাৰ কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰে ।

144 sections issued in passenger boat and ferry movement on Brahmaputra
তৎপৰ মৰিগাঁও প্ৰশাসন

সমান্তৰালকৈ চক্ৰ বিষয়াগৰাকীয়ে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ আইনক অৱমাননা কৰা সকলো ভূটভূটি জব্দ কৰা হ’ব বুলি চালকসকলক সকীয়নি প্ৰদান কৰে ।

লগতে পঢ়ক : ফেৰীৰ ইঞ্জিন সলনি কৰাৰ খৰচ বহন কৰিব চৰকাৰে : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.