ETV Bharat / state

মৰিগাঁৱত ক’ভিডত প্ৰাণ হেৰুৱালে এগৰাকী বৃদ্ধাই

author img

By

Published : May 7, 2021, 1:36 PM IST

মৰিগাঁৱত ক’ভিডে প্ৰাণ ল’লে এগৰাকী বৃদ্ধাৰ
মৰিগাঁৱত ক’ভিডে প্ৰাণ ল’লে এগৰাকী বৃদ্ধাৰ

মৰিগাঁৱত এপ্ৰিলৰ পৰা মুঠ 1036 গৰাকীৰ ক’ভিড আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছে ৷ ইয়াৰ ভিতৰত বৃহস্পতিবাৰে এগৰাকী মহিলা ৰোগীৰ মৃত্যু হৈছে ৷ এই গৰাকী ৰোগীৰ মৃত্যুক লৈ জিলাখনত দুজন লোকৰ মৃত্যু হৈছে । মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৃত ৰোগীৰ গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় ।

মৰিগাঁও, 7 মে’ : সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো ক’ভিড-19ৰ পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ এপ্ৰিলৰ পৰা জিলাখনত মুঠ 1036 গৰাকীৰ ক’ভিড আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছে ৷ ইয়াৰ ভিতৰত বৃহস্পতিবাৰে এগৰাকী মহিলা ৰোগীৰ মৃত্যু হৈছে । জানিব পৰা মতে, ঘৰতে শয্যাগত আছিল আশী বছৰীয়া মহিলা গৰাকীৰ । পৰিয়ালৰ কোনো সদস্যৰ ক’ভিডত আক্ৰান্ত হোৱাৰ পাচতে বৰ্ষীয়ান মহিলা গৰাকী আক্ৰান্ত হয় । এই গৰাকী ৰোগীৰ মৃত্যুক লৈ জিলাখনত ক’ভিডত মৃত্যুৰ সংখ্যা দুগৰাকীলৈ বৃদ্ধি পাইছে । মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৃত ৰোগীৰ গৰাকীৰ শেষ কৃত্য সম্পন্ন কৰা হয় ।

মৰিগাঁৱত ক’ভিডে প্ৰাণ ল’লে এগৰাকী বৃদ্ধাৰ
মৰিগাঁৱত ক’ভিডে প্ৰাণ ল’লে এগৰাকী বৃদ্ধাৰ

আনহাতে মৰিগাঁৱৰ বিভিন্ন ক’ভিড পৰীক্ষা কেন্দ্ৰত বৃহস্পতিবাৰে 1,754 গৰাকীক ক’ভিড-19ৰ পৰীক্ষা সম্পন্ন কৰা হয় । ইয়াৰে 110 গৰাকীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে । ইয়াৰ ফলত বৃহস্পতিবাৰৰ দিনটোত মৰিগাঁৱৰ ক’ভিড ৰোগীৰ সংখ্যা 1036 জনলৈ বৃদ্ধি পাইছে । এপ্ৰিলৰ পৰা জিলাখনত মুঠ 41,494 গৰাকী লোকক ৰেপিড এন্টিজেন পৰীক্ষা সম্পন্ন কৰা হয় । জিলাখনৰ বিভিন্ন চিকিৎসালয়ৰ পৰা মুঠ 443 গৰাকী ৰোগী সুস্থ হৈ উঠিছে ।

উল্লেখ্য যে, জিলা স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পোৱা অনুসৰি 544 গৰাকী ৰোগী ঘৰত থকাৰ বিপৰীতে 47 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে । যোৱা নিশালৈ সংক্ৰমণৰ হাৰ 6.2(ৰেপিড এন্টিজেন) আৰু (ৰেপিড এন্টিজেন আৰু আৰটিপিচিআৰ) হাৰ 2.4 বুলি সদৰী কৰে জিলা স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক : কৰ’ণাৰ কৱলত দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ 67 গৰাকী আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.