মাজুলীত তিনিদিনীয়া Raas Mahotsav ৰ সফল সামৰণি

author img

By

Published : Nov 22, 2021, 5:25 PM IST

majuli raas is over
মাজুলীত ৰাস মহোৎসৱৰ সামৰণি ()

ক’ভিড প্ৰট’কল(Covid Protocol)ৰ মাজেৰে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ৰাস মহোৎসৱ(Raas Mahotsav)ৰ অন্ত পৰিল ৷ উখল-মাখল পৰিৱেশে বিৰাজ কৰা মাজুলীত এতিয়া নিমাওমাও পৰিৱেশ ৷ এইবাৰৰ ৰাসৰ অন্ত পৰাৰ লগে লগে গন্তব্য স্থানলৈ উভতিছে পৰ্যটক তথা অতিথিবৃন্দ ৷ চাওক এই বিশেষ প্ৰতিবেদন...

মাজুলী, 22 নৱেম্বৰ : নিজম পৰিল সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী(Majuli) ৷ ক’ভিড প্ৰট’কল(Covid Protocol)ৰ মাজেৰে আয়োজন কৰা ৰাস মহোৎসৱৰ পৰিল সফল সামৰণি ৷ উখল-মাখল মাজুলীত এতিয়াৰে পৰা বিৰাজ কৰিব নিস্তব্ধ পৰিৱেশে ৷

ৰাসৰ সামৰণিৰ লগে লগে নিজ নিজ স্থানলৈ উভতিছে আলহী-অতিথিবৃন্দ ৷ শ্ৰীকৃষ্ণৰ ৰাসলীলাত যেন দ্বিতীয় বৃন্দাবনলৈ পৰিণত হয় মাজুলী ৷ ৰাসৰ সময়চোৱাত কৃষ্ণৰ বাঁহীৰ অমিয়া সুৰ, খোল-তালৰ শব্দত মুখৰিত হৈ পৰে সত্ৰনগৰী মাজুলী ৷ ৰাজ্যৰ লগতে দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটা নদীদ্বীপ মাজুলীত এইবাৰ তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ ৷

দক্ষিণপাট সত্ৰ, আউনীআটী সত্ৰকে ধৰি মূল সত্ৰসমূহত আয়োজন কৰা ৰাসৰ কাৰ্যসূচীয়ে জিলিকাই তুলিছিল সত্ৰসমূহ ৷ শৰতৰ আগমনৰ লগে লগে প্ৰাণ চঞ্চলা কঁহুৱাৰ নাচোনে এক আশাৰ ৰেঙণি কঢ়িয়াই আনে মাজুলীবাসীৰ বাবে ৷ ৰাস উপলক্ষে আয়োজন কৰা অংকীয়া নাট, ভাওনা আদিয়ে জিলিকাই তোলে মাজুলীৰ বুকু ৷

মাজুলীত ৰাস মহোৎসৱৰ সামৰণি

চৰকাৰে জাৰি কৰা ক’ভিড নীতি(SOP) মানি উদযাপন কৰা হয় মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ ৷ শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শিত ৰাসলীলাৰ দৃশ্যই মন্ত্ৰমুগ্ধ কৰি তুলিছে প্ৰতিগৰাকী ৰাস প্ৰেমিকক । সংগীত-নৃত্যৰ সংমিশ্ৰণেৰে মাজুলীৰ ৰাসলীলাই এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰি মন্ত্ৰমুগ্ধ কৰি তোলে সকলোকে ৷

মাজুলীৰ ৰাস অনন্য আৰু অদ্বিতীয় । ৰাস মহোৎসৱ হৈছে মাজুলীবাসীৰ স্বাভিমান । ৰাসৰ অন্ত পৰাৰ লগে লগে উখল-মাখল পৰিৱেশে বিৰাজ কৰা মাজুলীত বিৰাজ কৰিব নিমাওমাও পৰিৱেশে ৷ ক’ভিড সংক্ৰমণৰ বাবে পূৰ্বৰ উচাহ হ্ৰাস পোৱা মাজুলীৰ ৰাস মহোৎসৱত পুনৰ উভতি আহক পূৰ্বৰ আনন্দ-উচাহ ৷ পুনৰ ভক্তি আৰু সাংস্কৃতিক ৰসেৰে যাতে ৰঙীন হৈ উঠে সত্ৰ ভূমি মাজুলীৰ পৰিৱেশ, সেয়াই কামনা সকলোৰে ৷

লগতে পঢ়ক : Majuli Raas mahotsav : এইবাৰ দৈৱকীৰ ৰূপত দীপলিনা ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.