ETV Bharat / state

Majuli Raas mahotsav : এইবাৰ দৈৱকীৰ ৰূপত দীপলিনা ডেকা

author img

By

Published : Nov 17, 2021, 2:29 PM IST

Preparation for Raas in Majuli
মাজুলীৰ ৰাসত দৈৱকীৰ ৰূপত দীপলিনা ডেকা

ৰাসৰ আখৰাত ব্যস্ত কণ্ঠশিল্পী দীপলিনা ডেকা । দৈৱকীৰ ৰূপত দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সাজু হৈছে দীপলিনা । মাজুলীৰ ৰাসত দীপলিনাই দৈৱকীৰ চৰিত্ৰ ৰূপায়ণ কৰিব ।

মাজুলী, ১৭ নৱেম্বৰ : উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে সত্ৰনগৰী মাজুলী(Majuli)ত । সুন্দৰকৈ ৰাস মহোৎসৱ(Raas mahotsav) উদযাপনৰ প্ৰস্তুতি চলিছে সৰ্বত্ৰে । বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ । প্রথমবাৰৰ বাবে মাজুলীৰ ৰাসত অভিনয় কৰিব কণ্ঠশিল্পী দীপলিনা ডেকা(Diplina Deka)ই ।

ৰাইজে দৈৱকীৰ ৰূপত দেখিবলৈ পাব কণ্ঠশিল্পী দীপলিনাক । আখৰাত ব্যস্ত হৈ পৰিছে দীপলিনা । ১৮ নৱেম্বৰত উজনি মাজুলীৰ মিলন সংঘই আয়োজন কৰা ৰাসত দেখা পোৱা যাব দীপলিনা ডেকাক । আনহাতে, মাজুলীৰ বালিচাপৰিত কংসৰ চৰিত্রত অভিনয় কৰিব ৰেঙণি চেনেলত সম্প্ৰচাৰিত ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট(Beharbari Outpost)ৰ আৰক্ষী উপ-পৰিদৰ্শকৰ চৰিত্ৰত অভিনয় কৰা প্রীতম বৰুৱা(Pritam Baruah)ই ।

মাজুলীৰ ৰাসত দৈৱকীৰ ৰূপত দীপলিনা ডেকা

ৰাস মহোৎসৱক লৈ এতিয়া মাজুলীৰ প্ৰতিজন লোক ব্যস্ত হৈ পৰিছে । মাজুলীৰ সত্রসমূহৰ উপৰিও অৰ্ধ শতাধিক ৰংগ মঞ্চ ৰাসৰ বাবে সাজু কৰি তোলা হৈছে ।

সকলোৰে প্ৰচেষ্টাত দ্বিতীয় বৃন্দাবনলৈ পৰিণত হ'ব মাজুলী । স্থানীয় শিল্পীসকলৰ বাহিৰেও তাৰকাসকলো ব্যস্ত হৈ পৰিছে এই ৰাসৰ আখৰাক লৈ । ক'ভিড প্ৰট'কল মানি ৰাস মহোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে ৰাস পৰিচালনা সমিতিসমূহে ।

লগতে পঢ়ক:Rashleela: টীয়কত ক’ভিড প্ৰট’কলৰ মাজেৰে ৰাসৰ পূৰ্ণ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.