ETV Bharat / state

মাজুলীত খহনীয়া ৰোধৰ প্ৰতিশ্ৰুতি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ

author img

By

Published : May 28, 2021, 8:40 AM IST

sarbananda sonowal visited majuli
ভকত চাপৰিত খহনীয়া পৰিদৰ্শন কৰিলে সৰ্বানন্দ সোণোৱালে

বুধবাৰে ভকত চাপৰিত খহনীয়া হোৱা ঠাই পৰিদৰ্শন কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে পীযুষ হাজৰিকা আৰু বিমল বৰাই ৷

মাজুলী, 28 মে’ : বুধবাৰে মাজুলীৰ ভকত চাপৰিৰ খহনীয়া হোৱা ঠাই ফেৰীৰে পৰিদৰ্শন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে ৷ সোণোৱালৰ লগতে চাপৰিৰ খহনীয়া পৰিদৰ্শন কৰে মন্ত্ৰী বিমল বৰা আৰু পীযুষ হাজৰিকাই ।

ভকত চাপৰিত খহনীয়া পৰিদৰ্শন কৰিলে সৰ্বানন্দ সোণোৱালে

আনহাতে, খহনীয়া গ্ৰস্ত অঞ্চলৰ সাধাৰণ ৰাইজৰ লগত ফেৰীৰ পৰাই বাৰ্তালাপ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে পীযুষ হাজৰিকা আৰু বিমল বৰাই । ইয়াৰ লগতে মন্ত্ৰী কেইগৰাকীয়ে খহনীয়াগ্ৰস্ত ৰাইজক অতি সোনকালে ৰাইজৰ সকলো সমস্যাৰ সমাধান কৰিব বুলি আশ্বাস দিয়ে।

লগতে পঢ়ক : শিৱসাগৰত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকক সাহায্য প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.