ETV Bharat / state

সত্ৰ নগৰী মাজুলীত ৰাস মহোৎসৱৰ প্ৰস্তুতি

author img

By

Published : Nov 5, 2021, 7:16 PM IST

Updated : Nov 6, 2021, 10:11 AM IST

Preparations for the Ras Mahotsav
সত্র নগৰী মাজুলীত ৰাস মহোৎসৱৰ প্ৰস্তুতি

উদুলি মুদুলি সত্ৰ নগৰী মাজুলী ৷ ৰাস মহোৎসৱৰ আখৰাত ব্যস্ত মাজুলীবাসী ৷ মাজুলীৰ কেইবাখনো সত্ৰৰ লগতে ঐতিহাসিক দক্ষিণ পাট সত্ৰতো এদল যুৱক ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত ৷

মাজুলী, 5 নৱেম্বৰ : ৰাস বুলি ক’লেই সততে মনলৈ আহে মাজুলীৰ প্ৰতিচ্ছবিখন ৷ মাজুলীৰ সৈতে ৰাসৰ আছে এক এৰাব নোৱাৰা গভীৰ সম্পৰ্ক ৷ ৰাসৰ সময়ত দ্বিতীয় বৃন্দাবনলৈ পৰ্যবেসিত হয় সত্ৰ নগৰী মাজুলীৰ পৰিৱেশ । কৃষ্ণৰ লীলা বন্দনাত মুখৰিত হয় মাজুলীৰ চৌপাশ ৷

মুঠৰ ওপৰত অতিজৰে পৰাই মাজুলী আৰু ৰাস পৰস্পৰে পৰস্পৰৰ লগত জড়িত হৈ আছে । উল্লেখ্য যে, মাজুলীৰ ১৪ খন ঐতিহাসিক সত্ৰৰ উপৰিও ৫৫ টাকৈ স্থানত উদযাপন কৰা হয় এই ৰাস মহোৎসৱ । বাৰিষা বানে জুৰুলা কৰা পাচত শৰৎ কালৰ এই মধুৰ সময় খিনিত সকলো দুখ বেদনা একাষৰীয়া কৰি মাজুলীৰ প্ৰতিজন লোক ব্যস্ত হৈ পৰে মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱৰ প্ৰস্তুতিত ৷

সত্র নগৰী মাজুলীত ৰাস মহোৎসৱৰ প্ৰস্তুতি

যিহেতু মাজত মাথো কেইটামান দিন সেয়েহে সত্ৰকে আদি কৰি বিভিন্ন ৰংগমঞ্চত আৰম্ভ হৈছে ৰাসৰ আখৰা ।

মাজুলীৰ ঐতিহাসিক দক্ষিণ পাট সত্ৰতো মাজুলীৰ এদল যুৱক ব্যস্ত ৰাসৰ আখৰাত । সম্পূৰ্ণ ক'ভিড প্ৰট’কল মানি এই ঐতিহাসিক সত্ৰখনে এই বছৰ ১৮১ সংখ্যক ৰাস উৎসৱভাগি আয়োজন কৰিবলৈ আগবাঢ়িছে । সম্পূৰ্ণ আধ্যাত্মিক ভাৱে সত্ৰখনত আয়োজনৰ ব্যৱস্থা কৰা হৈছে এই ৰাস উৎসৱভাগিৰ ।

মাজুলীত যিহেতু কোনো ধৰণৰ পূজাৰ আয়োজন কৰা নহয়, সেয়ে মাজুলীত অতি ধূম-ধামেৰে উদযাপন কৰা হয় ৰাস মহোৎসৱ ৷ মাজুলীবাসীৰ আশা, পুনৰ ঘূৰি আহক অতীতৰ সেই দিন ৷ এই ৰাস মহোৎসৱে কঢ়িয়াই আনকৰ সকলোৰে মাজত সুখ-শান্তি ৷

লগতে পঢ়ক : সমাগত মাজুলীৰ ৰাস মহোৎসৱ; ৰাস কমিটিৰে বৈঠক জিলা প্ৰশাসনৰ

Last Updated :Nov 6, 2021, 10:11 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.