Ankiya Bhaona Samaroh 2022: খাটপথাৰত নৰা কটা পৰ্বত অংশ ল'লে শতাধিক মহিলাই

author img

By

Published : Dec 16, 2022, 5:55 PM IST

Ankiya Bhaona Samaroh 2022

মাজুলীৰ ঐতিহাসিক খাটপথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে অংকীয়া ভাওনা সমাৰোহৰ (Ankiya Bhaona Samaroh 2022 in Majuli)। দেওবাৰে লাইখুঁটা স্থাপনৰ পাছতে শতাধিক মহিলাই নৰা কটা পৰ্বত অংশগ্ৰহণ কৰে ৷ মাজুলীৰ লগতে অসমবাসী ৰাইজক সহযোগিতা কামনা কৰিছে উদ্যোক্তাই ।

খাটপথাৰত নৰা কটা পৰ্বত অংশ ল'লে শতাধিক মহিলাই

মাজুলী,১৬ ডিচেম্বৰ : শ্ৰীমন্ত শংকৰদেৱৰ অমিয়া সৃষ্টি অংকীয়া ভাওনাক জীয়াই ৰখাৰ প্ৰয়াসেৰে প্ৰতিবছৰে আয়োজন কৰা হয় অংকীয়া ভাওনা সমাৰোহ । এইবাৰো শ্ৰীশ্ৰী প্ৰাচীন চামগুৰি সত্ৰ আৰু হৰিদাস বণিয়া আতৈ আৰ্থ সামাজিক উন্নয়ন স্বেচ্ছাসেৱী সংস্থা আৰু স্থানীয় ৰাইজৰ সহযোগত ৬ জানুৱাৰীৰ পৰা মাজুলীত অনুষ্ঠিত হ’ব সদৌ অসম অংকীয়া ভাওনা সমাৰোহ (Ankiya Bhaona Samaroh 2022 will held at Majuli) । তাৰ বাবে ইতিমধ্যে মাজুলীৰ ঐতিহাসিক খাটপথাৰত প্ৰস্তুতি আৰম্ভ হৈছে । খাট পথাৰত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ।

সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি শুকুৰবাৰে পূব মাজুলীৰ শতাধিক মহিলাই খাটপথাৰত নৰা কটা পৰ্ব সম্পন্ন কৰে (Preparation for Ankiya Bhaona Samaroh)। বৃহৎ পথাৰখনত অনুষ্ঠিত হ'ব লগা ভাওনা সমাৰোহলৈ আহিবলগীয়া ভকত-বৈষ্ণৱসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মহিলাসকলে নৰা কটা কাৰ্য সম্পন্ন কৰে । আঘোণৰ ধান দোৱা পৰ্ব শেষ হোৱাৰ পাছতে নৰা কটা কাৰ্যৰে ভাওনা সমাৰোহৰ কাম আৰু এখোজ আগুৱাই যোৱা বুলি মন্তব্য কৰে সমাৰোহ সমিতিৰ সভাপতি তাৰানাথ মহন্তই ।

২০২৩ চনৰ জানুৱাৰী মাহত তিনিদিনীয়াকৈ অনুস্থিত হ'বলগা সদৌ অসম অংকীয়া ভাওনা সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ ১২ খনকৈ অংকীয়া ভাওনাৰ দলে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে (Ankiya Bhaona Samaroh in Majuli)। এই ভাওনা সমাৰোহত একে সময়তে ৪ খনকৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব বুলি উদ্যোক্তাসকলে জনাইছে । উদ্যোক্তাসকলে ভাওনা সমাৰোহৰ প্ৰথম কাৰ্যসূচীত ১০০০ নামতিৰে দিহানাম পৰিবেশন কৰাৰ পৰিকল্পনা কৰিছে ৷ তেওঁলোকে লগতে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তীৰ লগত সংহতি ৰাখি ৫৭৫ জোৰা গায়ন বায়ন প্ৰদৰ্শনৰ প্ৰস্তুতি আৰম্ভ কৰিছে ।

ইফালে দেওবাৰে মাজুলীৰ কেইবাখনো ঐতিহাসিক সত্ৰৰ সত্ৰাধিকাৰৰ উপস্থিতিত গায়ন-বায়ন, ডবা-শঙ্খৰ ধ্বনিৰ মাজত সম্পূৰ্ণ সত্ৰীয়া ৰীতি-নীতি পৰম্পৰাৰে অংকীয়া ভাওনা সমাৰোহৰ লাইখুঁটা স্থাপনৰ অনুষ্ঠান সম্পন্ন কৰা হয় । বৰ্ণাঢ্য কায্যসূচীৰে অনুস্থিত হ'বলগা সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ সকলো কাৰ্যসূচীত অসমবাসী ৰাইজৰ লগতে মাজুলীবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে ।

লগতে পঢ়ক :Ankiya Bhaona Samaroh 2022: সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ লাইখুটা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.