ETV Bharat / state

Pottery industry in Assam: সমস্যাত মাজুলীৰ মৃৎ শিল্পী; চৰকাৰক ব্যৱস্থা গ্ৰহণৰ কৰাৰ আহ্বান

author img

By

Published : Jul 11, 2023, 9:13 AM IST

সমস্যাত মাজুলীৰ মৃৎ শিল্পীসকল ৷ প্ৰায় 27 লাখ টকাৰ ব্যয়েৰে ৰাজ্যৰ বাহিৰৰ পৰা আজি দুটা বছৰ পূৰ্বে ক্ৰয় কৰি অনা এই অত্যাধুনিক যন্ত্ৰসমূহ শালমৰাৰ মৃৎশিল্প উন্নয়ন সমবায় সমিতিৰ কাৰ্যালয়ৰ এটা কোঠাত এখন বৰচাঙত পেলাই ৰখা হৈছে । ব্যৱস্থা গ্ৰহণৰ আহ্বান চৰকাৰলৈ ৷

Pottery artists of Majuli are in crisis
সমস্যাত মাজুলীৰ মৃৎ শিল্পী

সমস্যাত মাজুলীৰ মৃৎ শিল্পী

মাজুলী, 11 জুলাই : মৃৎ শিল্পক জীৱিকা হিচাপে লৈ মাজুলীৰ প্রায় 5 শতাধিক পৰিয়ালে জীৱন নির্বাহ কৰি আহিছে । এই শিল্পক জীয়াই ৰখাৰ উদ্দেশ্যে তথা এই শিল্পৰ লগত জড়িত লোকসকলৰ ব্যৱসায়িক সুবিধা হোৱাকৈ এই শিল্পীসকলক লৈ 2019 চনতে গঠন কৰা হৈছিল শালমৰা মৃৎ শিল্প উন্নয়ন সমবায় সমিতি ।

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী ক্ষুদ্ৰ উদ্যোগ বিকাশ যোজনাৰ অধিনত 2021 চনত প্ৰদান কৰিছিল মৃৃৎ শিল্প তৈয়াৰৰ অত্যাধুনিক সামগ্ৰী ৷ প্ৰায় 27 লাখ টকাৰ ব্যয়েৰে ৰাজ্যৰ বাহিৰৰ পৰা আজি দুটা বছৰ পূৰ্বে ক্ৰয় কৰি অনা এই অত্যাধুনিক যন্ত্ৰসমূহ শালমৰাৰ মৃৎ শিল্প উন্নয়ন সমবায় সমিতিৰ কাৰ্যালয়ৰ এটা কোঠাত এখন বৰচাঙত পেলাই ৰখা হৈছে ।

মৃৎ শিল্প তৈয়াৰৰ এই যন্ত্ৰসমূহ স্থাপনৰ বাবে সমবায় সমিতিখনৰ নাই স্থায়ী গৃহ ৷ যাৰ বাবে এইদৰে পেলাই থব লগা অৱস্থা হোৱা বুলি সমবায় সমিতিৰ সভাপতি অজিত হাজৰিকাই সংবাদ মাধ্যমৰ আগত অৱগত কৰে ৷ সভাপতিগৰাকীয়ে কয় যে এটা ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি শিল্পীসকলক স্বৱলম্বী কৰি তোলাৰ মানসেৰে আমি আগবাঢ়িছিলো ৷ উক্ত সময়ত সৰ্বানন্দ সোণোৱালে সমিতিখনক প্ৰয়োজনীয় যন্ত্ৰ-পাতি দি সহায়-সহযোগিতা আগবঢ়ালে যদিও এটি ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠাৰ বাবে এটা স্থায়ী গৃহ বিচাৰি চৰকাৰী বিষয়াৰ কাৰ্যালয়লৈ তাঁতবাটি কৰি কোনোধৰণৰ সহযোগিতা পোৱা নগ’ল ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সদিচ্ছা, মাজুলী জিলা প্ৰশাসনৰ অনিহা-অনিচ্ছাত দুবছৰে পৰি ৰোৱা এই উন্নত যন্ত্ৰসমূহৰ ব্যৱহাৰ ম্যাদ উকলিবলৈ ধৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমবায় সমিতিখনে ৷ কিছুদিনৰ আগতে সমিতিখনৰ এক অনুষ্ঠানত মাটিৰ কাপ প্লেট ব্যৱহাৰৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ আহ্বান প্ৰতি সঁহাৰি জনাই মাটিৰ পাত্ৰ নিৰ্মাণ কৰিবলৈ গৈ থমকি ৰ’বলগীয়া হৈছে মাজুলী শালমৰাৰ এইসকল মৃৎ শিল্পী ।

মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাচতে মাটিৰ কাপ-প্লেট, উপহাৰ দিব পৰা ফুলদানী তৈয়াৰ তথা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে যদিও এই সামগ্ৰীসমূহ ৰাখিবৰ বাবে নাই উন্নত ব্যৱস্থা । বিষয়টোত গুৰুত্ব প্ৰদান কৰিবলৈ সমিতিৰ বিষয়ববীয়াসকলে চৰকাৰলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : Crime in Biswanath: বিলাসী বাহন লৈ অহা ছাগলী চোৰৰ বিলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.