আছে চিকিৎসালয় নাই চিকিৎসক ; মাজুলীত ৰোগীৰ মাজত হাহাকাৰ

author img

By

Published : Jun 28, 2022, 1:11 PM IST

মাজুলীত মৃত্যুৰ কিৰিলি
Lack of doctors at Majuli district hospital ()

মাজুলীৰ একমাত্ৰ জিলা চিকিৎসালয়খনত মৃত্যুৰ কিৰিলি (Garmur Pitambar Dev Goswami Civil Hospital)৷ চিকিৎসকৰ অভাৱত চিকিৎসাৰ বাবে ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰি বিমুখ হৈ উভতিব লগা গৈছে ৰোগী (No doctor in Majuli Government hospital) ৷

মাজুলী, 28 জুন : মাজুলীৰ জিলা চিকিৎসালয়ত আজৱ কাণ্ড ৷ মৃত্যুৰ কিৰিলি মাজুলীৰ চিকিৎসালয়ত ৷ মাজুলীৰ একমাত্ৰ চিকিৎসালয় গড়মূৰ পিতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয়ত নাই এগৰাকীও চিকিৎসক (No doctor in Majuli Government hospital) ৷ চিকিৎসালয়খনত আলট্ৰাছাউণ্ড কৰিবলৈ গৈ নিৰাশ হৈ উভতিব লগা হৈছে গৰ্ভৱতী মহিলাকে কৰি বিভিন্ন ৰোগী ৷

প্ৰাপ্ত তথ্য অনুসৰি মাজুলীৰ এই একমাত্ৰ জিলা চিকিৎসালয়খনত নাই কোনো প্ৰসূতি চিকিৎসক, দন্ত চিকিৎসক অথবা শৈল্য চিকিৎসক ৷ আনকি চিকিৎসালয়খনত নাই পৰ্যাপ্ত পৰিমানৰ ঔষধৰ ব্যৱস্থাও ৷ চিকিৎসালয়খনৰ নামত কেৱল এটা বিয়াগোম বিল্ডিংহে আছে বুলি অভিযোগ উত্থাপন কৰিলে ভুক্তভোগী ৰোগীয়ে ৷ বাৰিষাৰ পানীত নাও লৈ চিকিৎসাৰ বাবে আহি ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰি অৱশেষত বিমুখ হৈ উভতি যাবলগীয়া হোৱাত ক্ষোভ প্ৰকাশ কৰে ভুক্তভোগীসকলে ৷

মাজুলীত মৃত্যুৰ কিৰিলি

আনহাতে সাধাৰণ জ্বৰ, পেটৰ বিষতো ৰোগীক অন্য চিকিৎসালয়লৈ ৰেফাৰ কৰাতো এতিয়া নিয়মত পৰিণত হৈ পৰিছে চিকিৎসালয়খনত ৷

উল্লেখ্য যে সমগ্ৰ জিলাখনৰ কেৱল এখন চিকিৎসালয়তেই আলট্ৰাছাউণ্ড কৰাৰ সুবিধা উপলব্ধ আছে ৷ ব্যক্তিগত হাস্পতালত ইমান ধন ব্যয় কৰি আলট্ৰাছাউণ্ড কৰিব নোৱাৰে বুলি ক্ষোভ প্ৰকাশ কৰে ৰোগীয়ে ৷ অচিৰেই চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসক নিয়োগ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে স্থানীয় লোকসকলে ৷

ইফালে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বাঢ়ি থকাৰ ফলত ফেৰী সেৱা বন্ধ কৰি দিয়াত চিকিৎসাৰ বাবে এতিয়া অধিক সমস্যাৰ সন্মুখীন হৈছে ৰোগীসকল ৷ তাৰোপৰি জিলা চিকিৎসালয়খনত আগৰাকীও চিকিৎসক নথকাত অধিক আতংকিত হৈছে মাজুলীবাসী ৷

লগতে পঢ়ক: কাজিৰঙাত ভয়ংকৰ পথ দুৰ্ঘটনা: চাৰি যুৱকৰ কৰুণ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.