ETV Bharat / state

Majuli News: মাজুলীত সাংসদ প্ৰদান বৰুৱা আৰু তপন কুমাৰ গগৈ; দলীয় সভাত অংশগ্ৰহণ

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 10:41 PM IST

Majuli News
Majuli News

শনিবাৰে মাজুলীত উপস্থিত হয় সাংসদ প্ৰদান বৰুৱা আৰু তপন কুমাৰ গগৈ ৷ গড়মূৰ বংশীগোপাল নাট্য মন্দিৰত এক দলীয় সভাত অংশগ্ৰহণ ৷ নামঘৰতো গ্ৰহণ কৰিলে আশীষ ৷

মাজুলীত সাংসদ প্ৰদান বৰুৱা আৰু তপন কুমাৰ গগৈ

মাজুলী, 9 ছেপ্টেম্বৰ: শনিবাৰে মাজুলীত উপস্থিত হয় হয় সাংসদ তপন কুমাৰ গগৈ ৷ লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ সৈতে গড়মূৰত উপস্থিত হয় তপন কুমাৰ গগৈ ৷ উল্লেখ্য যে মাজুলী সমষ্টি যোৰহাট লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে তেওঁ মাজুলীত উপস্থিত হয় ৷

দুয়োগৰাকী সাংসদক আদৰণি জনাই বিধায়ক ভূৱন গামে ৷ ইয়াৰ পাছতে দুই সাংসদে গড়মূৰ বংশীগোপাল নাট্য মন্দিৰত এক দলীয় সভাত অংশগ্ৰহণ কৰে ৷ যোৰহাট সমষ্টিৰ সাংসদগৰাকীয়ে কয় যে মাজুলী যিহেতু প্ৰথমবাৰৰ বাবে যোৰহাট লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে গতিকে বহু কাম নতুনকৈ কৰিব লাগিব ৷

শনিবাৰে তেওঁ দলীয় কর্মীসকলক সাক্ষাৎ কৰি চিনাকি হোৱা বুলি সদৰী কৰে ৷ ইয়াৰ পাছতে সংবাদ মাধ্যমক দুইগৰাকী সাংসদে অগন্তুক নিৰ্বাচনৰ সময়লৈকে মাজুলীত সাংগঠনিক কাম-কাজ একেলগে চলাই যোৱা হ’ব বুলি উল্লেখ কৰে ।

ইয়াৰ পাছতে সাংসদদ্বয়ে আদৰ্শ বৰবাৰী গাঁৱৰ পৰা ‘মোৰ মাটি মোৰ দেশ’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ নিশাৰ ভাগত মাজুলীৰ 1 নং কমাৰগাঁও নামঘৰত বিধায়ক গামৰ লগত আশীষ লয় সাংসদ তপন কুমাৰ গগৈয়ে ৷ নামঘৰত বৈষ্ণৱসকলৰ লগত একেলগে নাম লোৱা দেখিবলৈ পোৱা গ’ল সাংসদগৰাকীক ৷

উল্লেখ্য যে কেইবাটাও নামঘৰত সেৱা লয় সাংসদগৰাকীয়ে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ ‘বাগানে বাগানে কংগ্ৰেছ’ কাৰ্যসূচীকো কটাক্ষ কৰে যোৰহাট সমষ্টিৰ সাংসদগৰাকীয়ে ৷ তেওঁ কয় যে ভূপেন বৰাই চাইকেল চলাই এখন ডুবন্ত নাও উদ্ধাৰৰ চেষ্টা চলাইছে ৷

মাত্ৰ কেইটামান পাছতেই অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন ৷ যাৰ বাবে শাসক-বিৰোধী সকলোৱে নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা চলাইছে ৷

লগতে পঢ়ক: Pijush Hazarika: অসমত 11 খন লোকসভা আসন লাভ কৰিব বিজেপিয়ে; পীযুষ হাজৰীকাৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.