ETV Bharat / state

Ankia Bhaona Samaroh in Majuli : সদৌ অসম অংকীয়া ভাওনা সমাৰোহত মন্ত্ৰী বিমল বড়া

author img

By

Published : Jan 7, 2023, 6:38 PM IST

শুকুৰবাৰৰ পৰা মাজুলীত অনুষ্ঠিত হৈছে সদৌ অসম অংকীয়া ভাওনা সমাৰোহ 2022-23 (Ankia Bhaona Samaroh in Majuli)৷ শনিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী বিমল বড়া ৷ মাজুলীৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে সত্ৰাধিকাৰ সন্মিলনীত ৷

Ankia Bhaona Samaroh in Majuli
সদৌ অসম অংকীয়া ভাওনা সমাৰোহত মন্ত্ৰী বিমল বৰা

সদৌ অসম অংকীয়া ভাওনা সমাৰোহত মন্ত্ৰী বিমল বৰা

মাজুলী, 7 জানুৱাৰী: শুকুৰবাৰৰ পৰা মাজুলীত অনুষ্ঠিত হৈছে 2022-23 বৰ্ষৰ সদৌ অসম ভাওনা সমাৰোহ (Ankia Bhaona Samaroh in Majuli)৷ মাজুলীৰ ঐতিহাসিক খাটপথাৰত(Khat pathar Majuli) অনুষ্ঠিত হৈছে এই অংকীয়া ভাওনা সমাৰোহ ৷ শনিবাৰে ভাওনা সমাৰোহত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই ৷

উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে সত্ৰনগৰী মাজুলীৰ প্ৰাচীন চামগুৰিৰ খাটপথাৰত ৷ শুকুৰবাৰৰ পৰা মাজুলীৰ চামগুৰিৰ খাটপথাৰত আৰম্ভ হৈছে সদৌ অসম অংকীয়া ভাওনা সমাৰোহ ৷ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অমিয়া সৃষ্টি অংকীয়া ভাওনা জীয়াই ৰখাৰ লগতে প্ৰচাৰৰ স্বাৰ্থত আয়োজন কৰা হৈছে এই অংকীয়া ভাওনা সমাৰোহ ৷ শ্ৰীশ্ৰী প্ৰাচীন চামগুৰি সত্ৰ আৰু হৰিদাস বণিয়া আতৈ আৰ্থ সামাজিক উন্নয়ন স্বেচ্ছাসেৱী সংস্থা আৰু স্থানীয় ৰাইজৰ সহযোগত মাজুলীৰ চামগুৰিৰ ঐতিহাসিক খাটপথাৰত অনুস্থিত হৈছে সদৌ অসম অংকীয়া ভাওনা সমাৰোহ 2022-23 ।

মাজুলীৰ চামগুৰিৰ খাটপথাৰত অনুষ্ঠিত হোৱা এই অংকীয়া ভাওনা সমাৰোহৰ প্ৰথমটো দিন অৰ্থাৎ শুকুৰবাৰে দিনৰ ভাগত পুৱা নাম-প্ৰসংগ ৷ তাৰ পাচত ভাওনা সমাৰোহৰ পতাকা উত্তোলন, ১০০০ গৰাকীৰো অধিক মাজুলীৰ বিভিন্ন প্ৰান্তৰ আইসকলৰ দিহানাম, ভাওনা সমাৰোহৰ উদ্বোধনী অনুষ্ঠান, সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ইয়াৰ উপৰিও দিনৰ ভাগত আৰু বহুকেইটা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ইয়াৰ পাছত ৰাতিলৈ একে সময়তে তিনিটা নামঘৰত তিনিখনকৈ অংকীয়া ভাওনা প্ৰদৰ্শন হয় । বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা 2022-23 বৰ্ষৰ সদৌ অসম অংকীয়া ভাওনা সমাৰোহ শনিবাৰে দ্বিতীয় দিনত উপনীত হয় ৷

শনিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে মাজুলীৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া (Bimal Borah at Bhaona Samaroh in Majuli) ৷ মন্ত্ৰীগৰাকী ভাওনা সমাৰোহস্থলীত উপস্থিত হোৱাৰ পাছতে গায়ন-বায়নেৰে আদৰণি জনোৱা হয় ৷ অংকীয়া ভাওনা সমাৰোহৰ লগত সংগতি ৰাখি অনুষ্ঠিত সত্ৰাধিকাৰ সন্মিলনীত উপস্থিত থাকে মন্ত্ৰীগৰাকীয়ে ৷

অনুষ্ঠানত অংশগ্ৰহণৰ পাছতে সাংবাদিকৰে হোৱা মত-বিনিময়ত মন্ত্ৰীগৰাকীয়ে কয় যে অংকীয়া ভাওনা সকলো ভাওনাৰে মূল অংকীয়া ভাওনা ৷ এই অংকীয়া ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে শ্ৰীশ্ৰী প্ৰাচীন চামগুৰি সত্ৰৰ(Prachin Samguri Satra majuli) উদ্যোগত অনুষ্ঠিত ভাওনা সমাৰোহৰ শলাগ লয় মন্ত্ৰী বিমল বড়াই ৷

এই ভাওনা সমাৰোহে যাতে গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনাক দেশে-বিদেশে অধিক জনপ্ৰিয় কৰি তুলিব পাৰে তাৰ আশা প্ৰকাশ কৰে মন্ত্ৰী বিমল বড়াই ৷ বিগত সময়ত মাজুলীৰ কৃষ্টি-সংস্কৃতিকে আদি কৰি সমস্যাৰাজি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি চৰকাৰৰ লগতে প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে সংবাদকৰ্মীসকলৰ শলাগ লয় মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে মাজুলীক বিশ্বৰ এক উল্লেখযোগ্য স্থান হিচাবে চিহ্নিত কৰাৰ বাবে প্ৰচেষ্টা চলাই থকা বুলি জানিবলৈ দিয়ে সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে ৷ মাজুলীক ঐতিহ্যক্ষেত্ৰ, পৰ্যটনক্ষেত্ৰ হিচাবে চিহ্নিত কৰাৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ লগতে চৰকাৰে কাম কৰি থকা বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: 9th Annual Meeting of UBPO : ইউবিপিঅৰ নৱম বাৰ্ষিক বছৰেকীয়া অধিৱেশনৰ আজি অন্তিম দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.