ETV Bharat / state

মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে মাজুলীবাসীয়ে

author img

By

Published : Jun 22, 2022, 4:59 PM IST

বিধায়ক ভূৱন গামৰ সমষ্টিত ইখনৰ পাচত সিখন ঘৰ জাহ গৈছে (Majuli MLA Bhuban Gam)৷ খবৰহে পোৱা নাই ৰজাঘৰীয়াই ৷ আপোন ঘৰখন নদীত জাহ যোৱত দিক্-বিদিক হেৰুৱাইছে 8 টাকৈ পৰিয়ালে ৷

Erosion in Majuli
মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে মাজুলীবাসীয়ে

মাজুলী, 22 জুন: বিপদে লগ এৰা নাই মাজুলীৰ শালমৰাবাসীক । গৰাখহনীয়াত জাহ গৈছে ইখনৰ পাছত সিখন ঘৰ । বানৰ পৰিমাণ হ্ৰাস পোৱাৰ পাচতে আৰম্ভ হৈছে ভয়াবহ খহনীয়া (Erosion in Majuli)।

বানৰ তাণ্ডৱ শামকটাৰ পাছতে মাজুলীৰ শালমৰাত খহনীয়াই লৈছে চূড়ান্ত ৰূপ ৷ খহনীয়াৰ গৰাহত পৰি নদীৰ বুকুত বিলীন হৈ গ’ল শালমৰাৰ কামজান এলেঙীৰ 8 টাকৈ পৰিয়ালৰ বাসগৃহৰ ভূমি । জাহ গৈছে ঐতিহাসিক পুনিয়া বৰসত্ৰও ।

মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে মাজুলীবাসীয়ে

খহনীয়া প্ৰতিৰোধৰ ব্ৰহ্মপুত্ৰ বৰ্ডে কোনো আঁচনি ৰূপায়ন নকৰাৰ উপৰিও এই দুৰ্দশাৰ পাছতো এই পৰ্যন্ত বৰ্ডৰ কোনো এজন বিষয়া-অভিযন্ত্ৰাই অঞ্চলটোত ভুমুকি মাৰিবলৈও যোৱা নাই । আনহাতে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই(Water resource minister Assam) মুকলি কৰা হোৱাটছএপ নম্বৰলৈও খহনীয়াত সৰ্বস্তান্তই মেছেজ পঠিয়ালে নাপায় কোনো ৰিপ্লায় (Whatsapp number Assam flood)। ফলত ক্ষোভত ফাটি পৰিছে খহনীয়াগ্ৰস্থ ৰাইজ ।

উল্লেখ্য যে, ভয়াবহ খহনীয়াৰ গ্ৰাসত পৰি কামজান এলেঙী অঞ্চলৰ ৰঞ্জন গোস্বামী, তুলৰাম কলিতা, মনোৰঞ্জন ভূঞা, চুৰেন হাজৰিকা, ডম্বৰু শইকীয়া, পোৱাল দাস, থগেশ্বৰ দাস, ৰাজেন ভুঞা, তোলন দাস, পুনিয়া বৰসত্ৰসহ 8 টাকৈ পৰিয়ালে আপোন ঘৰখন হেৰুৱাবলগীয়া হ’ল । অঘৰী হৈ পৰিল আটাইকেইটা পৰিয়াল । আপোন ঘৰখন হেৰুৱাই দিকবিদিক হেৰুৱাইছে পৰিয়ালকেইটাই । ইমানৰ পাছতো জনপ্ৰতিধি কিম্বা প্ৰশাসনৰ কোনো এজন লোকৰ নাই দেখা-দেখি ৷

লগতে পঢ়ক: হোজাই জিলাৰ বান শিবিৰ পৰিদৰ্শন নন্দিতা গাৰ্লোচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.